হাতেম নিজ ঘৰলৈ উলটিল। বুঢ়া “তাই” বাদচাহৰ বহুদিনৰ মূৰত হাতেমৰ
মুখখনি দেখি পুত্ৰবিৰহ কাতৰ হিয়া আনন্দত উপচি পৰিল। হাতেমক
বুকুত সাৱটি ধৰাত বুঢ়া পিতৃৰ চকুৰপানী পৰিবলৈ ধৰিলে। দেশজুৰি
আনন্দ উৎসৱৰ আয়োজন হ’ল; দেশজুৰি দীপাৱলী জ্বলিল। নৃত্য,
গীত, বাদ্য উৎসৱত মুখৰিত হৈ পৰিল। দুখী দৰিদ্ৰই দান পাই আনন্দ
মনেৰে ঘৰলৈ উলটিল। দেশত দুখ দৰিদ্ৰতা নোহোৱা হ'ল। বুঢ়া
বাদচাহৰ বিষাদী মুখত সৰল শিশুৰ দৰে হাঁহিয়ে উপচি পৰিল। ৰাজপুত্ৰ
হাতেমৰ মুখে মুখে গুণগান বিয়পি পৰিল। ঘৰে ঘৰে ফুলমালা
পতাকাৰে নগৰৰ শোভা বৰ্দ্ধন কৰি হাতেমক সাদৰ সম্ভাষণ জনালে।
ইপিনে বহুকাল স্বামীবিৰহকাতৰা ‘জাৰিণ পোষে” স্বামী দৰ্শন পাই
ইমান দিনৰ দুখ-কষ্ট পাহৰি পেলালে। বিয়াৰ পিচৰপৰা এই সুদীৰ্ঘ-
কাল স্বামী নিৰুদ্দেশৰ বাটত, প্ৰতি পলে পলে তেওঁ কি দুখ যাতনা
সহি দিন কটাইছে! কত দুখ, কত দুশ্চিন্তা, কিমান বিনিদ্ৰ নিশা তেওঁ
চকুৰ পানী টুকি টুকি কটাইছে! আজি হেৰোৱা মাণিকক পাই তেওঁ
সকলো পাহৰি পেলালে। সুখ-সাগৰত যেন বুৰ মাৰিলে। ৰাজপুত্ৰ
হাতেমক পাই দেশত আনন্দৰ সোঁত ববলৈ ধৰিলে। বুঢ়া ‘তাই' ৰজাই
এই আনন্দ উৎসৱ চিৰস্থায়ী কৰি উপযুক্ত প্ৰিয়দৰ্শন পুত্ৰক ৰাজ্যত
অভিষেক কৰি নিজৰ শিৰৰ মুকুট পিন্ধাই দি সিংহাসনত বহুৱালে
প্ৰজাবোৰে প্ৰিয় কুমাৰক ৰজাৰূপে পাই সুখী হ’ল। বুঢ়া
বাদচাহে পুত্ৰক সিংহাসনত দেখি সুখ-সাগৰত ভাহিবলৈ ধৰিলে আৰু
বিশ্ৰাম ললে।
⸻
শিৰদান
হাতেম তাইৰ সজ চৰিত্ৰ, মহৎ গুণত সকলো মুগ্ধ। দেশ-বিদেশত হাতেমৰ মহৎ চৰিত্ৰৰ কথা শতমুখে প্ৰচাৰিত। ল’ৰা-বুঢ়া সকলোৱে হাতেমক ভাল পায়। তেওঁ ঈশ্বৰভক্ত, পৰোপকাৰী' দয়ালু, মিষ্টভাষী।