প্ৰেমোন্মাদ ডেকাই ঈপ্সিতা প্ৰেমিকাক দেখি স্থান কাল পাত্ৰ পাহৰি গৈ অপলক দৃষ্টিৰে পৰী-ৰাণীলৈ চাই ৰ'ল। উপকাৰী হাতেমৰ কথা পাহৰি গ’ল। পৰী-ৰাণীযে হাতেমক কলে—“দেখিলে মানুহৰ কৃতজ্ঞতা! যাৰ কাৰণে আপুনি ইমান দুখ বৰণ কৰিলে তেওঁ আপোনাৰ পিনে এবাৰ নেচালেও।” হাতেমে কলে “একো কথা নাই ৰাণী! মই কাৰো উপকাৰ প্ৰত্যাশা কৰি কাম নকৰোঁ। কিন্তু মোৰ অনুৰোধ – আপুনি এই আত্মহাৰা ডেকাৰ জীৱন ৰক্ষা কৰক। আপুনি যদি নকৰালে এওঁৰ জীৱন নেথাকিব।” পৰী-ৰাণীয়ে কলে—“এওঁ যদি চিৰজীৱনৰ বাবে ইয়াত থাকিবলৈ সন্মত হয়, তেতিয়া হয়তো মোৰ পিতা-মাতাই সন্মতি দিব পাৰে। নহলে মানুহক বিয়া কৰোৱা আমাৰ পৰী-ৰাজ্যৰ নীতিবিৰুদ্ধ কথা। পৰী-ৰাণীৰ কথা শুনি বলিযা ডেকা চিঞৰি উঠিল—“মই ইয়াতেই চিৰজীৱন থাকিম, তোমাৰ দাস হৈ থাকিম, তুমি মোৰ জীৱন দান কৰা।” পৰী-ৰাণীয়ে বিয়াত সন্মতি দিলে। হাতেম আগত থাকি পৰী-ৰাণী আৰু ডেকাৰ বিয়া সমাধা কৰিলে। সাতদিন আনন্দ উৎসৱ পালন কৰা হ'ল। হাতেমে পৰী-ৰাণীৰ ওচৰত বিদায় মাগিলে। পৰী-ৰাণীয়ে কলে—“আৰব ৰাজকুমাৰ! আপোনাৰ মহত্ত্বত সুখী হৈছোঁ, কওক আপোনাৰ কাৰণে মই কি কৰিব পাৰো?” উত্তৰত হাতেমে হাসেন বানুৰ সাতোটা প্ৰশ্নৰ কথা কলে আৰু কলে “মই তৃতীয় প্ৰশ্নৰ সমাধান বিচাৰি আহিছোঁ। মেহেৰচাহ পৰীজাদাৰ হাতত থকা জহৰ-মহৰটো নিলেই মোৰ তৃতীয় প্ৰশ্ন সমাধান হৈ যায। আলগুণ পৰীৰ বাপেক মেহৰচাহ পৰীজাদাৰ হাতত থকা জহৰ-মহৰটো পৰী-ৰাণীয়ে হাতেমক আনন্দেৰে দান কৰিলে। হাতেমে আনন্দ মনেৰে হামিৰ দেশলৈ যাবলৈ ওলাল। পৰী-ৰাণীযে কলে –“পৰ্ব্বত শ্ৰেণীৰে ঘেৰি থকা সেই দুৰ্গম ঠাইলৈ আপুনি কেনেকৈ যাব? আপোনাক মোৰ পৰী পৰিচাৰিকাবোৰে যলৈকে যাব খোজে লৈ যাব, তাৰু শেষত আপোনাৰ নিজৰ দেশত থৈ আহিব। আপুনি কষ্ট কৰি যাব নেলাগে।” ৰাণীৰ আদেশত পৰীবোৰে হাতেমক আকাশেদি উৰুৱাই নিলে আৰু পৰ্ব্বতমালা পাৰ হৈ সমান ঠাইত
পৃষ্ঠা:হাতেম তাই.djvu/৬০
অৱয়ব