৭০ | হাতেম তাই |
চট্ ফটাবলৈ ধৰিলে। সাগৰৰ পানী নাই—জুইৰ সাগৰ ! এনে সময়তে আকৌ আগৰ বিশাল মানুহ দুজন আহি হাতেমক শীতল পানী আৰু খাদ্য যােগালে। পানী খাই হাতেমৰ শৰীৰ শীতল হল। এইবাৰ মানুহ এজনে হাতেমৰ হাতত এটি সৰু মুদ্রা দিলে আৰু কলে—“এই মুদ্রা তােমাৰ মুখত লবা, তােমাৰ শৰীৰত জুইৰ তাপ নেলাগে।” এই কথা মতে সেই আচৰিত মুদ্রা মুখত লৈ হাতেমে নিৰাপদে জুই-সমুদ্র পাৰ হ’ল। হাতেমে অগ্নি-সমুদ্ৰৰ মাজত ভয়তে চকু মুদি ঈশ্বৰক ধ্যান কৰি আছিল। এইবাৰ নাও পাৰত লাগিল। হাতেমে চকুমেলি চাই এখন চিনাকি ঠাই দেখি আনন্দত আপােনপাহৰা হৈ নাৱৰপৰা জাপমাৰি পাৰত নামিল। পাৰত এজন মানুহ থিয় হৈ আছে। হাতেমে কলে— “ভাই! এইখন কি দেশ কবানে ?” মানুহজনে কলে -“মহাশয় ! আপােনাক আমাৰ অতি প্রিয় ৰাজপুত্র হাতেমৰ দৰে দেখিছোঁ, আপােনাৰ নাম কি ? হাতেমে কলে-“ময়ে হাতেম ভাই, ময়ে হাতেম।” মানুহজনক ৰঙতে আকোৱালি ধৰিলে। উঃ কিমান দিনৰ মূৰত তেওঁ নিজ দেশ পালে। মানুহজনে কলে—“যুৱৰাজ ! আপােনাৰ শোকত বাদচাহ আৰু বেগমে দিনে ৰাতিয়ে কপাল চপৰিয়াই কান্দি আছে। জাৰিণপােষ বিবিয়ে দিনে ৰাতিয়ে চকুপানী টুকি আছে। ৰাজ্য শ্রীহীন, প্রজা ম্রিয়মান। আজি সাত বছৰ যুৱৰাজ আপুনি কলৈ গৈছিল ?” হাতেমে কলে—“কি কৰিম ভাই, ঈশ্বৰৰ কাম লৈ ঘৰৰ বাজ হৈছিলোঁ, যেতিয়ালৈকে সেইকাম শেষ নহয় তেতিয়ালৈকে মােৰ ঘৰলৈ গৈ সুখে বাস কৰিবলৈ অধিকাৰ নাই ভাই! তুমি যােৱাঁ মােৰ পিতা মাতাক মােৰ কুশল সংবাদ দিয়াগৈ। মই এতিয় নেযাওঁ, মােৰ কৰ্ত্তব্য কাম শেষ কৰিহে মই তেওঁলােকৰ লগত মিলিমগৈ। জাৰিণপােষক কবা তেওঁ যেন দুখ নকৰে; কাৰণ ঈশ্বৰ মােৰ সহায়।” এই কথা কৈ হাতেম আকৌ “সাহাবাদলৈ” ৰাৱণা হল। হাসনুবানুক বহুমূল্য মণি কেইটা দেখুৱালে আৰু পঞ্চম প্রশ্নৰ উত্তৰ বিবৰি কলে। হাসনুবানুৱে বহু ধন্যবাদ দি হাতেমক যষ্ঠ প্রশ্ন