পৃষ্ঠা:হাতেম তাই.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
হাতেম তাই
 

 “কোফাক” দেশৰ সীমা পাই, পৰীকিঙ্কৰসকলে কলে,—“আমাৰ এই দেশৰ সীমা পাৰ হবলৈ অধিকাৰ নাই, গতিকে আমাক বিদায় দিয়ক। সেই ঠাইতে দুয়োজনকে নমাই দি পৰীকিঙ্কৰসকলে বিদায় ললে।

 এইবাৰ হাতেম দৈত্যৰাজ্যৰ মাজেদি যাবলৈ সাজু হ'ল। “নাতেকা” পখীৰ ৰঙা পাখি এটা পুৰি গাত সানি ললে; হাতেমৰ ৰূপ দেখিবলৈ দৈত্যৰ দৰে হ’ল; আন কি কণ্ঠৰ মাত, গাৰ গোন্ধ সকলো দৈত্যৰ দৰে হৈ পৰিল। দুই বন্ধুৱে যুক্তি কৰিলে, দুয়ো একেলগে যাব কিন্তু পৰীজাদা তুফান শূন্যেদি উৰিব, হাতেম খোজ কাঢ়ি যাব। এইদৰে দুয়ো বহু দূৰ গৈ “কোফাক” দেশ এৰি সাগৰৰ পাৰ পালে। এতিয়া সাগৰ পাৰ হয় কেনেকৈ? এনেতে পৰীজাদা তুফানীয়ে কলে, “বন্ধু! তুমি এই ঠাইতে অলপ পৰ বাটচাব লাগিব। মই যাওঁ, ইয়াৰপৰা চৈধ্য ক্ৰোশ দূৰৈত মোৰ দেশ। মই গৈ দুটা পক্ষীৰাজ ঘোঁৰা লৈ আহোঁগৈ। সেই ঘোঁৰা দুটাত উঠি আমি সাগৰ পাৰ হব লাগিব। নহলে আন উপায় নাই।” এই কথা কৈ তুফানী নিজ দেশলৈ উৰি গ'ল। এই সময়তে হাতেমে “নাতেম” পখীৰ বগা পাখি পুৰি ছাই গাত সানি নিজৰ দৈত্যৰূপ সলনি কৰি ললে। হাতেমৰ আকৌ আগৰদৰে সুন্দৰ কান্তি হৈ পৰিল। ইপিনে তুফানীয়ে দুটা বায়ুবেগী পক্ষীৰাজ ঘোঁৰা আনি সমুখত ৰাখিলেহি। দুয়ো তাত উঠি আনন্দ মনেৰে বৰজখ দ্বীপলৈ উৰি যাবলৈ ধৰিলে; কিন্তু বাট বৰ দীঘলীয়া। অন্ত হবলৈকে নিবিচাৰে। ভোকে-পিয়াহে হাতেম অতি কাতৰ হৈ পৰিল। তুফানীয়ে এটি পৰীদেশৰ মেওৱা তেওঁক খাবলৈ দিলে। মেওৱাৰ কি আচৰিত গুণ—অমৃত ফলৰ দৰে মেওৱা খাই হাতেমৰ ভোক পিয়াহ কেনিবাদি গ'ল। গাত এটি আচৰিত শক্তি অনুভব কৰিলে। তুফানীক আন্তৰিক ধন্যবাদ জনাই, দুয়ো বায়ুবেগেৰে আগবাঢ়িবলৈ ধৰিলে। দুয়োজনে যথাসময়ত বৰজখ দ্বীপত ঘোঁৰা ৰখাই নামিল। তুফানীয়ে কলে “বন্ধু! তুমি ইয়াতে অলপদিন অপেক্ষা কৰা, কাৰণ তুমি গলে বৰজখৰ ৰাজপুৰীলৈ দহদিন