সমললৈ যাওক

পৃষ্ঠা:হাতেম তাই.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
২৩
 

কবলৈ ধৰিলে যে তেওঁ এদিন এটা পুখুৰীৰ পাৰত বহি থাকোতেই এজনী সুন্দৰীয়ে তেওঁক হাতত ধৰি পুখুৰীৰ তলত থকা এখন সুন্দৰ বাগিচালৈ লৈ গ'ল। তাতে এটা বিচিত্ৰ অট্টালিকাৰ মাজলৈ নি এখন হীৰা মুকুতাৰে ভৰা বাদাহী মচনৰ ওপৰত নি তেওঁক বহুৱালে। তেতিয়া নানান ধৰণৰ সুন্দৰী আহি তেওঁৰ আগত নাচিবলৈ ধৰিলে। তাৰে এজনীয়ে ওৰণী লৈ তেওঁৰ ওচৰলৈ আহিল। সেই সুন্দৰীক ওচৰত পাই তেওঁ তাইৰ মূৰৰ কাপোৰ গুচুৱাই চালত দেখিলে যে জগতত এই ৰূপৱতী অতুলনীয়। সেই কইনাটি দেখি তেওঁ আপোনপাহৰি গ'ল। আৰু বিশ্ব সংসাৰ পাহৰি আপোন প্ৰাণ মন সেই সুন্দৰীৰ চৰণত সমৰ্পণ কৰিলে। শেষত সেই সুন্দৰীক হাতত ধৰি নিজৰ গাৰ ফালে টানোতেই আন এজনী তিৰুতাই আহি এনে এটা লাথি মাৰিলে যে সেই লাথি খাই তেওঁ আহি এই হাবিত পৰিলহি। তেতিযাৰপৰা তেওঁ শান্তি পোৱা নাই। দিনে ৰাতিযে প্ৰাণ জ্বলিব লাগিছে। পাহৰিবৰ বাবেও কত চেষ্টা কৰিব লাগিছে কিন্তু হায় এই পৰ্যন্ত তেওঁ পাহৰা দূৰৈত থাওক মনৰ জুই আৰু দুগুণ হৈ জ্বলিবহে লাগিছে। এতিয়া তেওঁৰ জীৱনত আৰু আন কোনো আশা-আকাঙ্গা নাই। কেৱল সেই সুন্দৰীক চকুৰে একোবাৰ দিনান্তে দেখা পালেও জীৱন কৃতাৰ্থ মানিব। হাতেমে বুজিলে যে বুঢ়া একেবাৰে বলিয়া হৈ গৈছে। ইযাক বুজুৱাৰপৰা একো লাভ নাই। আসক্তি এনে বস্তু যে তাৰ শান্তি প্ৰিয় সাহচৰ্যৰ দ্বাৰাই হে হব পাৰে। এনে ভাবি তেওঁ সেই মানুহজনক সেই পুখুৰীটো দেখুৱাই দিবলৈ গাত ল'লে। ৰাতি পুৱা দুয়ো তাৰপৰা ৰাৱণা হল। গৈ গৈ দুই তিনি দিন বাদে সেই পুখুৰী পালেগৈ। হাতেমে দূৰৰপৰা মানুহজনক পুখুৰীটো দেখুৱাই দিলে আৰু ক'লে—“ডাঙৰীয়া! সেই পুখুৰীৰ পাৰলৈ যাওক গৈ। তালৈ গলেই এজনী সুৰীয়ে আপোক সেই আপুনি গোটেই জীৱন তাতে বহি বহি ৰূপৰ খেলৰ আনন্দৰ লহৰী চাই থাওক গৈ। কিন্তু সাৱধান-কোনো সুন্দৰীৰ হাতত যেন নধৰে;