পৰা বাদগৰ্দ্দৰ বিষয়ে নানা তথ্য পাতি গোটাই ললে, আৰু আৰু কিছুমান
মণি-মুক্তা কিনি লৈ এদিন বাদচাহৰ ওচৰত ভেটি বাদচাহৰ দৰ্শন
প্ৰাৰ্থনা কৰিলে। বাদচাহে হাতেমৰ পৰিচয় পাই আৰু অসীম সাহসি-
কতাৰ যাত্ৰাৰ আচৰিত বাতৰি শুনি অবাক হল। অতি সন্মানেৰে
নিজৰ কাষত বহুৱাই হাতেমক বৰ আদৰ যত্ন কৰিলে। সুবিধা বুজি
হাতেমে নিজৰ উদ্দেশ্যৰ কথা বাদচাহক গোচৰ কৰিলে। বাদচাহে
এই কথা শুনি অতি আচৰিত হল আৰু সেই ঠাইলৈ কোনো
মতেই যাবলৈ দিব নোৱাৰো বুলি কলে। শেষত হাতেমে নিজ
প্ৰতিজ্ঞাৰ কথা কলে,-“শাহাজাদা, মানুহক ঈশ্বৰে শ্ৰেষ্ঠ জীৱৰূপে স্ৰজন
কৰিছে। মানুহে কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। মানুহ হৈ
মৰণলৈ ভয় কৰা উচিত নহয়। জন্মিলে এদিন মৰিবই লাগিব। মানুহৰ
জীৱনৰ মূল্যতকৈ ধৰ্ম্ম আৰু কৰ্ত্তব্যৰ মূল্য বহুত বেচি। গতিকে মোক
যাবলৈ দি মোৰ ধৰ্ম্ম আৰু প্ৰতিজ্ঞা পালনৰ আপুনি সহায় হওক।”
এই কথা শুনি বাদচাহে হাতেমক আৰু বাধা দিব নোৱাৰিলে।
অনিচ্ছা স্বত্বেও প্ৰহৰীবোৰলৈ এখন অনুমতিপত্ৰ লেখি হাতেমৰ হাতত
দি তেওঁক বিদায় দিলে। হাতেমে ঈশ্বৰৰ চৰণ সৰোগত কৰি সাক্ষাৎ
মৰণ-পুৰীৰ দৰে ‘বাদগৰ্দ্দ’লৈ যাত্ৰা কৰিলে। প্ৰায় পোন্ধৰ দিন বাট বুলি
শেষত এটা প্ৰকাণ্ড দুৰ্গ আৰু প্ৰকাণ্ড দুৱাৰ এখন হাতেমৰ চকুত
পৰিল। সেই ঠাইতেই প্ৰহৰীবোৰক নিজৰ অনুমতি-পত্ৰ দেখুৱালে।
প্ৰহৰীবোৰেও এনে অসাধ্য সাধন কৰিবলৈ যাবলৈ যথেষ্ট বাধা দিলে, কিন্তু
হাতেম অচল অটল। কলে- “ভাই! ঈশ্বৰ সাক্ষী কৰি প্ৰতিজ্ঞা কৰি
আহিছোঁ। ঈশ্বৰৰ কামত দেহ মন সপিছোঁ , আৰু উলটি নেযাওঁ।
মৃত্যুলৈ ভয় নকৰোঁ। প্ৰাণ যদি যায়, এই প্ৰাণ তেওঁ লব। তাত মোৰ
কোনো দুখ নাই। মোক ‘হামাম’ চাবলৈ দিয়া; মোৰ ইমান কষ্ট আৰু
অথলে যাবলৈ নিদিবা।”
উপায়হীন হৈ প্ৰহৰীবোৰে অনুমতি দি বাট এৰি দিলে। সেই
ঠাইৰপৰা বাদচাহৰ মানুহবোেৰ উলটি গ'ল।
১১