বিদায় ললে আৰু হাসেনবানুৱেও তাৰ পৰা তেওঁৰ পুৰণা বাপতীয়া ঘৰলৈ গৈ তাৰ দুৰ্দ্দশা দেখি বৰ শোক কৰিলে। তাৰ পাছত মানুহ দুনুহ লগাই দি ঘৰটো মেৰামত কৰাই সোণ ৰূপৰ আসবাব, পাট গুণাৰ পৰ্দ্দা, নানা ৰকম দলিচা আৰু সু-শোভন বস্তুৰে সজোৱাই পেলোৱালে। তাৰ পাছত এদিন ৰজা ঘৰলৈ গৈ ফকিৰক পিচদিনা নিমন্ত্ৰণ কৰিবলৈ আনুমতি লৈ আহিল। এটি মুকুতাৰ মৈৰা আৰু সোণৰ ফেঁচা কৰি বহা ঠাইৰ ওচৰত থলে আৰু থাল ভৰাই ভৰাই সোণৰূপৰ মোহৰ আৰু আন আন বহুমূল্য পাথৰ চাৰিও- ফালে সজাই থৈ ঘৰৰ সৌন্দৰ্য্য বঢ়াই থলে। তাৰ পাছত মানুহ পঠিয়াই সন্ন্যাসীক পিচদিনাৰ নিমিত্তে নিমন্ত্ৰণ কৰি পঠিয়ালে। পাচদিনা যথা সময়ত সন্ন্যাসীয়ে সোণ ৰূপৰ ইটাত ভৰিদি দি আহি ৪০ জন অনুচৰেৰে সৈতে হাসেনবানুৰ ঘৰ ওলাল হি। হাসেনবানুয়ে অতি যত্ন কৰি তেওঁক নি ৰাজসিংহাসনত বহুৱালে আৰু বহুত তুতি-মিনতি কৰি খুৱাই-ধুৱাই সাধুবৰক সন্তুষ্ট কৰি তামোল ছালি আতৰ ইত্যাদিৰে মান সৎকাৰ কৰিলে। তাৰ পাছত মুকুতাৰ মৈৰা আৰু সোণৰ ফেঁচাটি উপহাৰ দিলত ধূৰ্ত সন্ন্যাসীয়ে ভাবিলে যে এতিয়া লোভ দেখুৱাই লাভ কি। ৰাতি আহি এইবিলাক লুটি-পুটি নিলেই হব। এই ভাবি সংসাৰ যে অনিত্য আৰু সোণৰূপ যে সাধু সন্তই হাতেৰে চুব নাপায়, ইয়াকে বঢ়িয়াকৈ হাসেনবানুক বুজাই বঢ়াই তেখেত বিদাই লৈ গলগৈ। ইফালে হাসেনবানুয়ে গৈ চহৰৰ এখান কোটোয়ালক খবৰ দিলেগৈ যে আজি ৰাতি তেওঁৰ ঘৰত বহুত ডকাইত পৰিব, কোটোয়ালে যেন বহুত চিপাহীলৈ তাত গুপ্ত ভাবে থৈ দিয়ে। ৰাতি হলত ঘৰৰ দুৱাৰ মেলি থৈ ঘৰৰ সকলো মানুহ সাৱধান হৈ থাকিল। ইফালে কোটোয়াল আৰু চিপাহীয়ে ঘৰৰ চাৰিওফালে লুকাই সাৱধানে থাকিল। মাজনিশা সন্ন্যাসী তাৰ চল্লিচ জন লগৰীয়াৰে সৈতে আহি উপস্থিত হৈ ঘৰত সোমায় নিজৰ ইচ্ছা মতে সোণ ৰূপৰ বস্তু, মুকুতাৰ মৈৰা, সোণৰ ফেঁচা বেচকৈ বান্ধি ললে আৰু ঘৰৰ পৰা ওলাল।
পৃষ্ঠা:হাতেম তাই.djvu/১৯
অৱয়ব