আহ্বান এৰাব নোৱাৰি এখোজ দুখোজ কৈ আগবাঢ়িবলৈ ধৰিলে। অলপ আগবাঢ়িয়েই দেখিলে—এখন সুন্দৰ বাগিচাৰ মাজত এটা প্ৰাসাদৰ দৰে অট্টালিকা। অট্টালিকাৰ ভিতৰৰলৈ সাপ মানুহটোৱে বাটদেখুৱাই নি হাতেমক এটি সুসজ্জিত দৰবাৰ ঘৰত বহুমূলীয়া আসনত বহুৱালে। মহামূল্যৱান সাজ-সজ্জাৰে সজোৱা এনে সুন্দৰ জাক্জমক ঘৰ দেখা হাতেমৰ কেতিয়াও মনত নপৰে। মানুহৰ ঘৰৰ লগত এই ঘৰৰ তুলনা হয়। হাতেম বিস্ময়বিমূঢ় ভাৱেৰে বহি ৰহি ঘৰৰ শোভা চাই ভোল গল। এনেতে আৰু এটা আচৰিত ঘটনা হল। সেই পুখুৰীটোৰপৰা এজাক অপেশ্বৰী ওলাই আহিল। হাতত নানা সুমিষ্ট খাদ্য সামগ্ৰী লৈ হাতেমৰ আগত দিলে। এনেতে সেই পুখুৰীৰপৰা ধুনীয়া ডেকা এজন ওলাই আহি হাতেমক সুধিলে “মোক চিনি পাইছানে বন্ধু?”
হাতেম অবাক হৈ ভালেপৰ চাই কলে—“কতো দেখা মনত নপৰে দেখোন ডাঙৰীয়া আপোনাক।” ডেকাজনে কলে -'মই এই পৰী-ৰাজ্যৰ বাদচাহ “সমস্শা” চোলেমান বাদচাহৰ ওচৰত কৰা প্ৰতিজ্ঞা পাহৰি মই মানুহৰ অপকাৰ কৰিছিলোঁ। সেই পাপৰ ফলত মাই সাপ হৈ থাকিবলগীয়া হৈছিল। হে মহাত্মন! আপোনাৰ দৰ্শন পাই আজি মই শাপমুক্ত হলোঁ। আপোনাৰ চৰণৰ চিৰদাস হৈ মই মোৰ জীৱন কটাম বুলি ভাবিছো।” অতি আদৰ যত্ন কৰি পৰী বাদচাহৰ ঘৰত হাতেমক কেইদিন মান শুশ্ৰুষা কৰিলে। শেষত হাতেমৰ ভ্ৰমণৰ উদ্দেশ্য শুনি তেওঁক সহায় কৰিবলৈ পৰীকিঙ্কৰসকলক আদেশ দিলে। পৰীকিঙ্কৰসকলে এখন কাঠৰ তক্তাত বহুৱাই শূন্য-পথেদি দৈত্য দেশৰ ওপৰেদি হাতেমক উৰুৱাই লৈ যাবলৈ ধৰিলে। দৈত্যবিলাকে হাতেমক আক্ৰমণ কৰিছিল; কিন্তু সমশা বাদাহে বাতৰি পাই দৈত্যৰ হাতৰপৰা হাতেমক ৰক্ষা কৰিলে। ওপৰেদি উৰি যাওঁতে এখন পৰ্ব্বতৰ ওপৰত এজন ডেকা বেজাৰ মনেৰে বহি থকা দেখি সেই ঠাইত তেওঁ নামিবলৈ মন কৰি নামি পৰিল।