নাপালে জীৱনেই বৃথা। এই ভাবি ৰাতি মনে মনে ঘৰৰ পৰা ফকিৰৰ বেশেৰে ওলাই গৈ সাহাদাবাদ পালে গৈ। তাত আলহি ঘৰত গৈ থাকিল হয়; কিন্তু ভাত-পানী একো নাখায়। এই কথা শুনি হাসেন বামুয়ে তেওঁক মতাই পঠালে আৰু আঁৰ কাপোৰৰ সিফালৰ পৰা সুধিলে “বাটৰুৱা তুমি নোখোৱা নোবোৱা কিয়; যদি লাগে মই কিছু টকা কড়ি দিও তাকে লোৱা। মনিৰস্বামীয়ে মাত লগালে “হে সুন্দৰী মই ধনৰ দুখীয়া নহও মই নিজেই “খাৰজম” নগৰৰ ৰাজকোৱঁৰ। মই প্ৰেমৰ ভিখাৰি। তোমাৰ এখন নক্সা দেখি আৰু তোমাৰ গুণ-গৰিমাৰ কথা শুনি মোৰ প্ৰাণ তোমাতে অৰ্পণ কৰিছোঁ। মোক এবাৰ দেখাদি প্ৰাণ ৰক্ষা কৰা।” হাসেন বানুৱে ক‘লে যুৱৰাজ এই আশা পৰিত্যাগ কৰক। মোৰ ভৰিৰ বুঢ়া আঙ্গুলিও আপুনি দেখা নাপায়। মোৰ সাতোটা প্ৰশ্ন আছে। সেই সাতোটাৰ যি উত্তৰ দিব পাৰিব মই তাকেই বৰণ কৰিম নহলে নহব।” এইকথা শুনি মনিৰ স্বামীয়ে প্ৰশ্ন কেইটা কি শুধিলে। হাসেন বানুৱে ক‘লে যে মোৰ প্ৰথম প্ৰশ্ন এই “এবাৰ দেখিলে আকৌ দেখিবৰ হেপাহ আছে, এই কথাষাৰ কোনে কয় আৰু সি ক’ত আছে।” মনিৰ স্বামীয়ে শুধিলে যে কলৈ গলেনো তাক দেখা পাব। হাসেন বানুৱে হাঁহি উত্তৰ দিলে যে তেওঁ যদি জানিলেইহেতেন তেন্তে শুধিলেহেতেন নো কিয়। তাৰ পাছতো ৰাজকোৱঁৰে হাসেনবানুক নানা অনুনয় বিনয় কৰিবলৈ ধৰিলে। হাসেনবানুৱে শেষত দাবি দিলে আৰু কলে—এনেকৈ তেওঁক বাৰে বাৰে বিৰক্ত কৰিলে তেওঁ তেওঁক তাৰ পৰা বলেৰে খেদাই দিবলৈ বাধ্য হব। অগত্যা ৰাজকোৱঁৰ তাৰ পৰা ওলাই গল। আৰু কান্দি কান্দি হাবিয়ে বনে ফুৰিবলৈ ধৰিলে। এই দৰে কান্দি কান্দি গৈ গৈ পামোৰ নামৰ এখন নগৰ পালেগৈ। তাৰ ওচৰত এখন হাবিয়নি আছিল। তাত সোমাই এজোপা গছৰ তলত বহি অতি কৰুণ ভাবেৰে হুৰাও ৰাও ৱে কান্দিবলৈ ধৰিলে। দৈবাৎ “এমনৰ” ৰজা “হাতেম তাই” তালৈ চিকাৰ কৰিবলৈ আহি অতি সুন্দৰ ডেকা এজনক এইদৰে কান্দি কাটি গছৰ তলত বহি থকা দেখি
পৃষ্ঠা:হাতেম তাই.djvu/২৩
অৱয়ব