পৃষ্ঠা:হাতেম তাই.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৩১
 

আন সকলে নিজৰ ঘৰলৈ গল গৈ; কিন্তু গৰাকীৰ লৰাটোৱে হাতেমক এৰি যাবলৈ মান্তি নহল। তেতিয়া গৰাকীয়ে পুতেকক যাবলৈ বৰকৈ অনুনয় বিনয় কৰিবলৈ ধৰিলে। পুতেকে ক'লে— “বোপাই, মোক তো তোমালোকে দৈত্যৰ মুখত দিয়ে থৈ গলা। এতিয়া যদি মৰোঁ এই পৰম উপকাৰী আৰু সাহিয়াল মানুহ জনৰ লগতে মৰিম।” তাৰ পাচত সকলো ঘৰাঘৰি গুচি গল। কেৱল হাতেম আৰু চৰ্দ্দাৰৰ পুতেক তাত থাকিল। ৰাতি হলত দেখা গল যে ধুমুহা বতাহ অহাদি কিবা এটা আহিব লাগিছে। দেখিবলৈ এটা পৰ্ব্বতৰ দৰে—তাৰ নখন মুখ, নখন হাত আৰু নখন ভৰি। ঘনে ঘনে হুঙ্কাৰ দি দি আহিব লাগিছে। একোটা গোঁজৰনিত মাটি কঁপি উঠে। তাৰ নখন মুখৰপৰা জুই ওলাব লাগিছে আৰু তাৰে গোটেই ঠাই খন পোহৰ হৈ উঠিছে। সি আহি আয়নাৰ সমুখ পালতে হাতেমে তাৰ ঢাকনি কাপোৰ খন আঁতৰাই দিলে। মুখৰ জুইৰ পোহৰত দৈত্যই আয়নাত নিজ মূৰ্ত্তি দেখি স্তম্ভিত হৈ ৰল, আৰু মাটিত গোৰোহনি মাৰি এটা ভয়ঙ্কৰ চিঞৰ মাৰি দিলে। যত যি আছিল সেই ভয়ঙ্কৰ আৱাজত সকলো অজ্ঞান হৈ পৰিল। দৈত্যই পুনৰ আৰু এটা চিঞৰ মাৰিলে। একে চিঞৰে তাৰ পেট ফাটি গল। সি তাৰ নিজ মূৰ্ত্তি দেখি ভয়ে বিস্ময়ে ক্ৰোধে অস্থিৰ হৈ তাতে গিৰিসকৈ পৰি মৰি গল। সি মৰাৰ পাচত গাঁৱৰ মানুহে আহি হাতেমক নানা ৰকমে খাতিৰ কৰিবলৈ ধৰিলে। তেওঁক বহুতো ধন সম্পত্তিও আনি দিলেহি। তেওঁ সেই ধন সম্পত্তি নলৈ সিহঁতক আশ্বাস দি কলে যে ধন সম্পত্তি উপাৰ্জ্জন কৰা তেওঁৰ উদ্দেশ্য নহয়। মানুহৰ দুখ দুৰ্দ্দশা দূৰ কৰাই তেওঁৰ জীৱনৰ উদ্দেশ্য। তাৰ পাচত তেওঁ সুধিলে যে সেই গাঁৱত মানুহে শুকুৰবাৰে ৰাতি এটা মানুহে কোৱা শুনানে যে “মই এনে কোনো কাম কৰা নাই যি আজি ৰাতি মোৰ কোনো উপকাৰত লাগিব পাৰে।” গাঁৱৰ গৰাকীয়ে সেই আৱাজ কোন ফালৰপৰা শুনে দেখুৱাই