পৃষ্ঠা:হাতেম তাই.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
হাতেম তাই

দূৰৈত। সেইখন এখন আচৰিত চহৰ। সেই ঠাইত মানুহ মৰিলে হেনো কোনেও শোক নকৰে। কোনেও কাৰো কাৰণে নেকান্দে।” বাতৰি পাই হাতেম তাই “ফোহেনদা” নগৰলৈ যাত্ৰা কৰিলে। এজন গৃহস্থ লোকে হাতেমক আদৰ কৰি নিজৰ ঘৰলৈ মাতি লৈ গ'ল। আৰু নিজৰ ঘৈণীয়েকৰ গাৰ মাংস এডোখৰ কাটি আলহীক ৰান্ধি দিলে। এই বিভৎস দৃশ্য দেখি হাতেম বিস্ময় বিমূঢ় হৈ তৎক্ষণাত সেই ঠাই এৰিলে। বহু দেশ আৰু বহু গাঁও পাৰ হৈ গৈ আকৌ এঠাইত দেখিলে - মৃতকৰ সৎকাৰৰ বাবে চিতা জ্বলাইছে। কেউপিনে মানুহে বেঢ়ি থকা দেখি হাতেমে মৰা মানুহজন কিয় পুৰিছে বুলি সুধিলে। উত্তৰত শ্মশান-যাত্ৰীসকলে কলে—“মহাশয়! এইখন হিন্দুৰ দেশ। এই ঠাইত মৃতকক চিতা জ্বলাই দাহ কৰাৰ নিয়ম।” এই হিন্দু ৰাজ্যত বহুত ঘূৰি আৰু বহু দূৰত আকৌ এখন দেশ পালেগৈ। সেই ঠাইত আৰু এটি আচৰিত ঘটনা দেখি থমকি ৰ’ল। মৃত স্ত্ৰীৰ লগত স্বামীকে কবৰ দিবলৈ বহুত মানুহে এজন ডেকাক ধৰি বান্ধি লৈ আজুৰি আনিছে। ডেকাজনে কোনোমতেই কবৰত সোমাব নোখোজ। সমাজেও নেৰে। হাতেমে এনে ব্যৱহাৰ দেখি অতি আচৰিল হল। তেওঁ ডেকাজনৰ কাণে কাণে কলে-“ডেকা! তুমি এতিয়া কবৰলৈ যোৱাঁ, নিশা তোমাক মই উদ্ধাৰ কৰিম।” এই কথা শুনি ডেকাজনৰ সন্মতিক্ৰমে কবৰ দিয়া হ’ল। নিশা হাতেমে কবৰ খান্দি ডেকাক উদ্ধাৰ কৰিলে। তেওঁ এই দেশ এৰি সেই নিশাৰ ভিতৰতে পলাই গ'ল। সেই ঠাইতে হাতেমে “ফোহেনদা” পৰ্ব্বতৰ ৰহস্য সংগ্ৰহ কৰিলে। বুঢ়া এজনে কলে—“ফোহেনদা” পৰ্ব্বত ইয়াৰপৰা এমাহৰ বাট। পৰ্ব্বতৰ ভিতৰৰপৰা কোনোবাই চিঞৰি মাতে কিন্তু কোনে মাতে কোনেও নেজানে। হাতেমে তেতিয়াই “ফোহেনদা” পৰ্ব্বতলৈ যাত্ৰা কৰিলে। “ফোহেনদা” চহৰ পোৱা মাত্ৰেই মানুহে তেওঁক বেঢ়ি ধৰিলে আৰু কটোৱালৰ ওচৰ পোৱালেগৈ। কটোৱালবোৰে হাতেমৰ পৰিচয় পাই অতি আদৰ সাদৰ কৰিলে। কাৰণ দিগ্বিজয়ী চেকেন্দৰ বাদচাহ অহাৰ