পৃষ্ঠা:হাতেম তাই.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৬৩
 

হাসনুবানুৰ ওচৰত হাতেমে চতুৰ্থ প্ৰশ্নৰ সফলতা আৰু বাটৰ অভিজ্ঞতা বৰ্ণনা কৰিলে। হাসনুবানুৱে হাতেমক অশেষ ধন্যবাদ জনালে।

 এইবাৰ হাতেমে হাসনুবানুৰ পঞ্চম প্ৰশ্নৰ কথা সুধিলে। হাসনুবানুৱে “ফেহেনদা” পৰ্ব্বতৰ ভিতৰৰ ৰহস্য উদ্ঘাটন কৰি হাসনু- বানুক জনাবলৈ গোচৰ কৰিলে। হাতেমে আনন্দ মনেৰে অলৌকিক লাঠীৰ সহায়েৰে “ফেহেনেদা” পৰ্ব্বতলৈ যাত্ৰা কৰিলে।

----

পঞ্চম প্ৰশ্নৰ সমাধান

 এইবাৰ ফোহেনদা পৰ্ব্বতৰ সন্ধানত হাতেমে বহু দেশ পাৰ হৈ এখন চহৰৰ প্ৰান্তৰ মৈদামত উপস্থিত হলহি। মৈদামত কিছুমান মানুহে এটা মৃতকৰ কবৰ খান্দি থকা দেখা পালে। হাতেমক দেখা পাই এজন মানুহ লৰি আহি হাতেমক মাতিলে আৰু বিনয়েৰে কলে— "বাটৰুৱা আহক, আমাৰ অলপ আহাৰ গ্ৰহণ কৰক হি। কাৰণ আমাৰ দেশৰ নিয়ম মতে এজন বাটৰুৱাক আহাৰ নিদিয়ালৈকে কবৰত মাটি দিব নোৱাৰি। গতিকে আপুনি অনুগ্ৰহ কৰি আমাৰ কাম সমাধা কৰিবলৈ উপায় দিলে আমি বৰ উপকৃত হম।

 হাতেম কবৰৰ ওচৰলৈ গৈ আহাৰ কৰিলে। মানুহবোৰেও মৃতকৰ কবৰত মাটি দি ঘৰাঘৰি গ'ল। শ্মশান-যাত্ৰীসকলৰ এজনে বাটৰুৱা হাতেমক নিজৰ ঘৰলৈ মাতি লৈ গ'ল। সেই চহৰৰ মানুহৰ অতিথিপৰায়ণতা দেখি হাতেম আচৰিত হৈ গ'ল। শেষত নাগৰিক জনে বাদচাহৰ দৰবাৰলৈ হাতেমক লৈ গৈ বাদচাহৰ লগত পৰিচয় কৰি দিলে। দৰবাৰত উপস্থিত হৈ বাদচাহক কুৰ্নিশ কৰি হাতেমে “ফোহেনদা” নগৰৰ বাতৰি সুধিলে। বাদচাহৰ দৰবাৰৰ এজন বুঢ়ালোকে কলে—“সৰু কালতে শুনিছিলোঁ। “ফোহেনদা” দেশ দক্ষিণ পিনে বহু