তাৰ দেওবিলাকেও হাতেমক পাই খাওঁ খাওঁ মূৰ্ত্তি ধৰিলে। কিন্তু অৱশেষত সিহঁতে তেওঁক সিহঁতৰ চৰ্দাৰৰ ওচৰলৈ লৈ গ'ল। ইফালে চৰ্দ্দাৰৰ তিৰুতা গৰাকীৰ চকুৰ বেমাৰ হৈ বহুত দিনৰপৰা পৰি আছিল। চকু মেলিবই নোৱাৰে, তাৰ ওপৰত যতনা বিষ পূঁজ পানীৰ কোবত তত নাই; দিনে ৰাতিয়ে কেৱল চিঞৰ। চৰ্দ্দাৰৰ মন বৰ বেয়া, মূৰে কপালে হাত দি বহি আছে। হাতেমক অনা দেখা পাই তেওঁ বিৰক্ত হৈ কলে-“এই মনিষটোক কেলেই ইয়ালৈ আনিছ, এৰি দে-হঁক। যেনি খুচি যাওক।” সিহঁতে হাতেমক এৰি দিলে। হাতেমে চৰ্দ্দাৰক তেনে ৰকমে বহি থকা দেখা পাই তাৰ কাৰণ সুধিলত চৰ্দ্দাৰে ঘৈণীয়েকৰ চকুৰ বেমাৰৰ কথা হাতেমক কলে। তেতিয়া হাতেমে কলে যে “যদি তুমি মোক চিকিৎসা কৰিব দিয়া, তেন্তে মই এই ৰোগ ভাল কৰি দিব পাৰোঁ।” হাতেমৰ কথা শুনি চৰ্দ্দাৰজনে প্ৰতিজ্ঞা কৰিলে যে যদিহে মোৰ পৰিবাৰ ভাল হয় তেন্তে তুমি যি হুকুম দিয়া মই তাকে পালন কৰিবলৈ ৰাজি আছোঁ।” হাতেমে কলে যে মোক আন একো নেলাগে; কেৱল তোমালোকৰ ৰজাৰ ওচৰলৈ নি তেওঁৰ লগত মোৰ পৰিচয় কৰাই দিব লাগে। চৰ্দ্দাৰ এই কথাত আনন্দেৰে মান্তি হ'ল। তেতিয়া হাতেমে চৰ্দ্দাৰণীক চালেগৈ। ৰোগ নিৰ্ণয় কৰি পাগুৰিৰপৰা জহৰ-মহৰটো উলিয়াই পানীত তাকে পিহি সেই পানী ৰোগিণীৰ চকুত সানি সানি দিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে ৰোগিণী চকু মেলিব পৰা হ'ল। আৰু কেবাৰমান দিয়াৰ পাচতে দুই তিনি দিনৰ ভিতৰতে তেওঁ একেবাৰে সম্পূৰ্ণ আৰোগ্য হ'ল। চৰ্দ্দাৰে হাতেমক বৰ আদৰেৰে তাতে খুৱাই বুৱাই কেদিনমান ৰাখি এদিন তেওঁক ৰাজ-সভালৈ লৈ গল। ৰজাৰ আগত হাতেমক উপস্থিত কৰি চৰ্দ্দাৰজনে কবলৈ ধৰিলে যে “স্বৰ্গদেউ, এই মানুহজন বৰ বিদগ্ধ পণ্ডিত আৰু জ্ঞানী। চিকিৎসা শাস্ত্ৰতো এখেত বৰ পাৰ্গত। মোৰ পৰিবাৰৰ আজি বহুত দিনৰ দুৰাৰোগ্য চকুৰ বেমাৰ। এখেতে অতি সহজে দুই এদিনতে সম্পূৰ্ণ ভাল কৰি দিলে।” ৰজাই এই কথা
পৃষ্ঠা:হাতেম তাই.djvu/৩৭
অৱয়ব