ধৰিলে। নাদৰ পাৰত বাদচাহবেগমে মূৰে কপালে ভুকুৱাই কান্দিবলৈ ধৰিলে। হাতেমৰ মনত বৰ দুখ লাগিল। তেওঁৰ কোমল মনে পৰৰ দুখ সমূলি সহিব নোৱাৰিছিল। তেওঁ বাদচাহ আৰু বেগমক কলে,— “আপোনালোকে দুখ নকৰিব; মোৰ জীৱন দিও মই আপোনাৰ পুত্ৰক আনি দিম। এইদৰে কৈ তেওঁ নাদত জপিয়াই পৰিল তেতিয়াই তেওঁ অদৃশ্য হল। শেষত এখন পৰীৰ ৰাজ্যৰপৰা বহু যত্ন কৰি এজনী পৰীৰ আকৰ্ষণৰ পৰা তেওঁ বাদচাহৰ ল’ৰাক উদ্ধাৰ কৰি আনি দিলেহি। ৰাজ্য আকৌ আনন্দত মুখৰিত হৈ উঠিল। ৰজা ৰাণীয়ে কৃতজ্ঞতাত অভিভূত হৈ হাতেমক বহুত আদৰ সাদৰ কৰি বিদায় দিলে। বহুদূৰ গৈ গৈ হাতেমে এজন বুঢ়া ফকীৰ লগ পালে। ফকীৰে হাতেমৰ উদ্দেশ্যৰ কথা শুনি শিয়ৰি উঠিল। কলে,-“নাই নাই বোপা! তুমি এনে কথা মুখতেই নানিবা। “বাদগদ্দব” দৰে ভয়ানক ঠাই পৃথিৱীত নাই। “বাদগৰ্দ্দ হামাম” চাবলৈ আজিলৈকে যিমান মানুহ গৈছে, কোনো উলটি অহা নাই। নেযাবা, নেযাবা এনে ঠাইলৈ। তুমি যাবা কেনেকৈ? এনেয়ে বহুদূৰ সেই ঠাই। “কাতান" দেশৰ বাদচাহৰ সেই অদ্ভুত “হামাম।” সেই ঠাইলৈ গলে মানুহ উলটি নাহে দেখি, সেই দেশৰ বাদচাহে সেই সীমাত অসংখ্য প্ৰহৰ ৰাখি থৈছে। ৰজাৰ হুকুম নেমানি কোনোজন গলে প্ৰাণদণ্ড কৰা হয়। গতিকে তুমি ডেকাল’ৰা এনে দুৰাশা পৰিত্যাগ কৰাঁ।”
হাতেমে শেষত তেওঁৰ মনিব আৰু হাসনুবানুৰ আগত তেওঁ প্ৰতিজ্ঞাবদ্ধ হোৱা কথা কলে। আৰু কলে ফকীৰ চাহাব! মানুহৰ জীৱন চিৰস্থায়ী নহয়, এদিন জন্ম হলে মৰিবই লাগিব। গতিকে প্ৰাণৰ ভয়ত মানুহে ধৰ্ম্ম এৰিব নেপায়। মই যেতিয়া প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা ৰাখিবলৈ মই যত্ন কৰিব লাগিব। পাৰোনে নোৱাৰোঁ সেইটো ঈশ্বৰৰ হাতত। মই প্ৰথমে প্ৰতিজ্ঞা ৰক্ষাৰ কাৰণে চেষ্টা কৰিবই লাগিব। আপুনি বাধা নিদিব, মোক বাটৰ নিৰ্দ্দেশ দি সহায় কৰক।” শেষত ফকীৰে হাতেমক বাটৰ বাতৰি দি বিদায় দিলে।