সমললৈ যাওক

পৃষ্ঠা:হাতেম তাই.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
৪১
 

তুলিলে। সিহঁতে কুঁৱাৰ মাল-বস্তুবিলাকো তুলি দি অদৃশ্য হল। হাতেমে সেইবোৰ এঠাইত লুকুৱাই থৈ সেই চোৰ কেইটাক বিচাৰি গল। সেইখিনি পাওঁতে বুঢ়ীক আৰু এটা আঙঠী দিলে। বুঢ়ীয়েও আকৌ আগৰদৰে মাজত চোৰ পুতেকহঁতক লৈ ওলাই আহিল। সিহঁত আহোঁতেই হাতেমে সিহঁতক সুধিলে যে সিহঁতে এনেকুৱা ডকাইতি বৃত্তি কৰে কেলেই। সিহঁতে উত্তৰ দিলে যে পেটৰ দাযত সিহঁতে এনে কাম কৰে৷ হাতেমে কলে—যদি তেওঁ সিহঁতক বহুত ধন সোণ দান কৰে সিহঁতে এই বৃত্তি এৰিবনে নেৰে। সিহঁত মান্তি হলত হাতেমে সিহঁতক ঈশ্বৰৰ নামেৰে শপত খুৱাই লৈ হাবিলৈ লৈ গৈ গোটেই খিনি ধন সম্পত্তি সিহঁতক দি দিলে। সিহঁতেও হাতেমৰ আগত ঈশ্বৰৰ নাম লৈ ধৰ্মৰ নাম লৈ, শপত খাই সেই দিনৰপৰা চোৰ বৃত্তি এৰি পেলালে।

 হাতেমে তাৰপৰা লাহে লাহে খোজ লৈ আৰু এখন হাবি পালেগৈ। তাত দেখে যে ভোকে পিয়াহে লালকাল হৈ অতি সুন্দৰ কুকুৰ এটা পৰি আছে। তাকে দেখি হাতেমে তাক এটা পুখুৰীৰ পাৰলৈ নি ধুই মেলি পানী খুৱালে আৰু নিজৰ খাদ্যৰপৰা কিছু খাদ্য তাক খুৱালে। কিছুমান পৰ তাৰ মূৰত হাত বুলাওঁতে বুলাতে হঠাৎ হাতত এটা গজাল লাগিল। গজালটো টান মাৰি উলিয়াই পেলাওঁতেই কুকুৰটো কুকুৰ গুচি মানুহ হল। হাতেমে তাক দেখি বৰ আচৰিত হ'ল। সুন্দৰ ডেকাজনক তেতিয়া হাতেমে ইয়াৰ কাৰণ সুধিলত কলে যে তেওঁ এজন সদাগৰৰ পুতেক। বাপেকে বহুত ধন সম্পত্তি এৰি মৰি গলত কিছুদিন তেওঁ বৰ আৰামেৰে দিন কটাইছিল। তেওঁ এজনী অতি সুন্দৰী তিৰুতা বিয়া কৰাইছিল। কিছুদিনৰ মুৰত তেওঁ দূৰ দেশলৈ বণিজ বেহাবলৈ গৈছিল। সেই সুযোগত তেওঁৰ তিৰুতা জনীয়ে এটা গোলামৰ প্ৰেমত পৰি তাৰ উপপত্নী হৈ আছিল। বণিজৰপৰা উলটি অহাৰ আগেয়ে কুমন্ত্ৰীৰ হতুয়াই এই গজালটো ঘৈণীয়েকে তৈয়াৰ কৰাই মন্ত্ৰপুত কৰাই থৈছিল। উলটি আহি তেওঁ ভাগৰে দুখে ৰাতি শুলত ঘৈণীয়েকে এই গজালটো তেওঁৰ মূৰত ঠুকি দিছিল।৬