পৃষ্ঠা:হাতেম তাই.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
হাতেম তাই
 

হাতেমক লৈ গৈ একেবাৰে নিৰাপদ ঠাইত থৈ বিদায় ললে। হাতেম “সাহাবাদত" উপস্থিত হৈ মণিৰ আৰু হাসনুবানুক দেখা কৰি মুকুতাৰ বিবৰণ কৈ মুকুতাটি দিলে। হাসনুবানুৰ আনন্দত হিয়া উপচি পৰিল। এই ধুনীয়া সুপুৰুষ হাতেমে ছটাপ্ৰশ্নৰ উত্তৰ অসাধ্য সাধন কৰি আনি দিলে। মাত্ৰ এটা প্ৰশ্ন বাকী। এই প্ৰশ্ন সমাধান হলেই তেওঁৰ দুৰ্জ্জয় যাত্ৰাৰ সমাপ্তি ঘটিব। হাতেমে অতি আদিৰ সাদৰৰ মাজত কিছুদিন বিশ্ৰাম কৰি আকৌ সপ্তম প্ৰশ্নৰ কাৰণে সাজু হ’ল। হাসনুবানুৱে কলে—“বাদগৰ্দ্দ” হামাম কোন দেশত আছে কব পাৰা জানো? হাতেমে কলে “দক্ষিণ-পছিম পিনে আছে বুলি শুনিছো। এই বিষয়ে আৰু নেজানো।”

____

সপ্তম প্ৰশ্নেৰ উত্তৰ

 সাহাবাদ এৰি বহুদিন দক্ষিণ-পছিম পিনে গৈ গৈ হাতেম এখন চহৰত উপস্থিত হল গৈ। সেই চহৰখনত দেখোন সকলোৱে হায় হায় কৰি বেজাৰত ম্ৰিয়মান হৈ আছে। হাতেমে এজনক তাৰ কাৰণ সুধিলে—তেওঁ কলে-“আমাৰ বাদচাহৰ একমাত্ৰ পুত্ৰজনে পথাৰৰ মাজৰ এটা নাদৰ ভিতৰত যে কি দেখিলে কব নোৱাৰোঁ, তেওঁ সেই দিনাৰপৰা বলিয়া হৈ পৰিছে। দিনে ৰাতিয়ে একেথৰে নাদৰ ভিতৰলৈ চাই থাকে, এখোজো নলৰে। কিন্তু আজি তিনদিন হ'ল হঠাৎ তেওঁ নাদৰ ভিতৰত জপিয়াহৈ পৰিল আৰু নোহোৱা হ'ল। নাদৰ ভিতৰত তেওঁৰ দেহ পোৱা নগল। বাদচাহ আৰু বেগম একেবাৰে বলিয়া হৈ পৰিছে। গোটেই ৰাজ্য শোকত ম্ৰিয়মান। এনেতে বাদচাহবেগম দুয়োজনে বলিয়াৰ দৰে নাদৰ পাৰলৈ দৌৰি যাবলৈ ধৰিলে। পিচে পিচে মানুহবোৰৰ লৰিবলৈ ধৰিলে, হাতেমো লৰিবলৈ