সমললৈ যাওক

পৃষ্ঠা:হাতেম তাই.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
১৭
 

আৰু হাতেম উঠি বহিল। হাতেমে উঠি শিয়ালক কলে—“হে শিয়াল! তুমি মোৰ নিমিত্তে আৰু এটা প্ৰাণী কেলেই বধ কৰিলা। ইয়াক বধাৰ বাবে ঈশ্বৰৰ ওচৰত মই কি জবাব দিম।” শিয়ালে ক’লে “হে হাতেম! তুমি এই বিষয়ত একো চিন্তা নকৰিবা। যি পাপ হয় মোৰ হব।” তেতিয়া হাতেমে ক’লে যে মোৰ নিমিত্তে তো বহুত কৰিলা; এতিয়া তোমালোকৰ যদি কিবা উপকাৰ কৰিব পাৰোঁ, কোৱাঁ। শিয়ালে কলে যে “এজোৰ ঘোং ওচৰতে আছে। সিহঁতে বছৰে বছৰে আমাৰ পোৱালিবিলাক খাই পেলায়। সিহঁতক মাৰি যদি আমাৰ পোৱালিবিলাক ৰক্ষা কৰিবৰ এক উপায কৰি দিব পাৰা, তেন্তে পৰম উপকাৰ হয়।” এই কথা শুনি হাতেমে “ঘোঙৰ বাহ কিমান দূৰত আছে আৰু ক’ত আছে মোক দেখুৱাব পাৰানে” বুলি সুধিলত শিয়ালে তেওঁক লৈ গৈ ঘোঙৰ বাহ দেখুৱাই দিলেগৈ আৰু নিজে দূৰত লুকাই থাকিল। হাতেম গৈ ঘোঙৰ ওচৰ পাই তাৰ বাহৰ ওচৰতে বহি থাকিলগৈ। ঘোঙ ঘোঙনী ক’ৰবাৰপৰা আহি পালেহি আৰু হাতেমক দেখা পাই ঘোঙে মাত লগালে “বোলো হেৰ মনিষ! তই ইয়ালৈ কেলেই আহিছ? ভালে ভালে আঁতৰি যা, নহলে এতিয়াই ডোখৰা-ডুখৰি কৰিম।” হাতেমে মাত লগালে যে “তহঁতে কেলেই এনে কথা কৱ। মই আলহী নহয়? অলপ পৰ ইয়াত বহিলোঁৱেই, তাতে নো তহঁতৰ কি হানি হল?” সেই কথাত ঘোঙে গুঁজৰিবলৈ ধৰিলে। হাতেমে তেতিয়া কলে যে “ঘোঙ! তই গোঁজৰনি খিনি অলপমান পৰ সামৰি থৈ মোৰ কথা শুন। তহঁতে কেলেই শিয়াল-শিয়ালীৰ পোৱালিবিলাক ধৰি ধৰি খাৱ? আনক হিংসা কৰিব নেপায়, নেজাননে?” ঘোঙে তৰ্জ্জন গৰ্জ্জন কৰি ক’লে “হেৰ নৰ মনিষ! ভালে ভালে আঁতৰ হ। ইয়াত শিয়ালৰ কাৰণে ওকালতি কৰিব নেলাগে।” হাতেমে তেতিয়া সিহঁতক ঈশ্বৰৰ দোহাই দিলে। আৰু ক’লে “হেৰ, অসহায় নিৰপৰাধ শিশু কেটাক কেলেই বছৰে বছৰে মাৰ। ঈশ্বৰৰ দোহাই—এনে কাম

৩—