ডেকাজনে দেখি আচৰিত হৈ সুধিলে, “তুমি এই ৰাজ্যলৈ কেনেকৈ আহিলা? এইখন অপেশ্বৰী দেশৰ ভিতৰ; এই ঠাইলৈ মানুহ কোনোমতেই আহিব নোৱাৰে। তুমি কোন? কিদৰে আহিলা? মই আচৰিত হৈছোঁ।” হাতেমে নিজ উদ্দেশ্যৰ কথা ডেকাৰ আগত বিবৰি কলে আৰু তেওঁ কিয় ইয়াত বেজাৰ মনেৰে বহি আছে সুধিলে। উত্তৰত ডেকাই দুখমনেৰে নিজৰ দুঃখৰ কাহিনী কবলৈ আৰম্ভ কৰিলে। ডেকাই কলে,-“মই “তুফান” দেশৰ পৰীৰজাৰ ল’ৰা। মোৰ নাম ‘মেহেব ওৱাৰ তুফানী।” বৰজখৰ বাদচাহ মাহিয়াৰ চোলেমানৰ জীয়েকক বিয়া কৰাবলৈ তেওঁৰ ওচৰলৈ গৈছিলোঁ। কিন্তু বাদচাহে এটা অদ্ভুত চৰাই কণীৰ সমান মুকুতা উলিয়াই কলে, যিজনে এই মুকুতাৰ ইতিহাস কব পাৰিব, তেওঁকেই মোৰ অপৰূপা সুন্দৰী কন্যাক বিয়াদিম, লগতে মুকুতাটো যৌতুকত দিম, এয়েই মোৰ প্ৰতিজ্ঞা। এনে ইতিহাস পৰী-ৰাজ্যৰ কোনেও নেজানে, মযো নেজানো। কেনেকৈ কম! গতিকে মই নিৰাশ হৈ গুচি আহিলোঁ, আৰু এইবাবেই এই নিজানত বহি অদৃষ্টক ধিক্কাৰ দি বহি আছো।” হাতেমে কলে,-“বেজাৰ নকৰিবা ডেকা! ময়ো সেই মুকুতা বিচাৰিয়েই আহিছোঁ। কিন্তু ভয় নাই, মই বাদচাহৰ জীযৰীক বিচৰা নাই। গতিকে মই সেই মুকুতাৰ ইতিহাস জানো; আৰু মুকুতাৰ ইতিহাস কলে বাদচাহে কন্যা আৰু মুকুতা মোক দিবলৈ বাধ্য হব। মই আগতেই মোৰ ইচ্ছা মতে তেওঁৰ কন্যাকে যাকে ইচ্ছা দিবলৈ প্ৰতিজ্ঞা কৰাই লম। বাদচাহ জাদীক তোমাৰ লগতেই বিয়া দিম।” ডেকাই আচৰিত হৈ সুধিলে আমি পৰীজাদা হৈ মুকুতাৰ ইতিহাস নেজানো, তুমি মানুহ হৈ কেনেকৈ জানিলা?” হাতেমে কলে “সেইটো ঈশ্বৰৰ অসীম কৃপা মোৰ প্ৰতি। বলা, এতিয়া দুয়ো আগবাঢ়ো।” পিচত দুয়োজনে আকো কাঠৰ তক্তাত বহিল। পৰীকিঙ্কৰসকলে দুয়োকো উৰুৱাই লৈ গ'ল।
পৃষ্ঠা:হাতেম তাই.djvu/৮৫
অৱয়ব