পৃষ্ঠা:হাতেম তাই.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
হাতেম তাই
 

 সেই মানুহটোক যেন কিবা এটা অদৃশ্য আকৰ্ষণে হিৰ্ হিৰ্ কৰি টানি নিছে। তথাপি হাতেমে প্ৰাণপণে দৌৰি মানুহটোৰ হাত খনত থাপ্ মাৰি ধৰি অতি কৰুণ ভাৱে সুধিলে -“কোৱা ভাই। সেই পৰ্ব্বতৰপৰা তোমাক কোনে মাতিছে। কিয় তুমি এনে জনশূন্য হৈ দৌৰিছা? তোমাৰ লগত মই মৃত্যু বৰণ কৰিবলৈ ৰাজি আছোঁ। কোৱাঁ ভাই! তোমাৰ ভৰিত ধৰিছোঁ, কোৱাঁ।” কিন্তু সেই মানুহটোৰ যেন কাণ কলা, যেন বাহ্যজ্ঞান শূন্য, এনেভাৱে অতি জোৰেৰে হাতেমৰ হাতৰপৰা নিজৰ হাতখন মুকলি কৰি পৰ্ব্বতত উঠিবলৈ ধৰিলে। হাতেমো পিচে পিচে লৰি গৈ আছে। অলপ উঠিয়েই দেখিলে মানুহটো চকুৰ আঁৰ হ’ল। অকল যে মানুহেই আৰ হল এনে নহয, পৰ্ব্বতৰ চূড়াও অদৃশ্য হল- মাত্ৰ চকুৰ আগত এটা ৰামধেনুৰ বোলৰ দৰে সাতবৰণীয়া ওখ শিলে বাটভেটা দি আছে। কিছুমান সময় হাতেম হতবাক হৈ থমকি চাই ৰল। কেউপিনে চাই একো নেদেখি উলটি আহি আকৌ লগৰীয়া- বোৰৰ লগ ধৰিলেহি। লগৰীয়াবোৰে সকলোৱে পৰ্ব্বতৰ পিনে চাই তিনিবাৰ স্তুতি-পাঠ কৰি পৰ্ব্বতক সেৱা কৰি ঘৰমুৱা হল। হাতেমো লগতে উলটি আহিল। বিশেষকৈ আচৰিত হব লগীয়া কথা হ’ল, মৃতকৰ আত্মীয় স্বজন কোনেও অকণো দুখ বা শোক প্ৰকাশ নকৰিলে। বৰং সকলোৱে খুব ধুম-ধামেৰে দৰিদ্ৰ দুখীয়াক খুৱাই দান দক্ষিণা কৰি আকৌ যাৰ যি কাম কৰিবলৈ ধৰিলে।

 কিছুদিন এইদৰে যোৱাৰ পিচত এদিন হাতেমৰ পৰম বন্ধু এজন সজ বংশজাত ডেকা তেওঁৰ নাম ‘যাম'। তেওঁ নিজৰ ঘৰত যামৰ লগতে বহি নানা দেশ-বিদেশৰ কথা বতৰা পাতি আছিল। হঠাতে আকৌ সেই সৰ্ব্বনশীয়া পৰ্ব্বতৰপৰা আকৌ সেই বিভীষিকাময় চিঞৰ কাণত পৰিলহি। শুনা মাত্ৰেই যামৰ শৰীৰ থৰথৰকৈ কঁপিবলৈ ধৰিলে চকু মুখ বগা পৰি গ'ল। যাম উঠি আগৰ মানুহ জনৰ দৰেই উন্মাদ ভাৱেই পৰ্ব্বতৰ পিনে দৌৰ মাৰিলে। এইবাৰ হলে হাতেমে যামৰ হাতত ভালকৈ খামোচ মাৰি ধৰিলে আৰু লগে লগে লৰি যাবলৈ