পৃষ্ঠা:হাতেম তাই.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাতেম তাইৰ কথা

১ম প্ৰশ্নৰ মীমাংসা—

 ঘৰৰপৰা ওলাই হাতেমৰ মনত চিন্তা লাগিল যে এতিয়া কেনি যাম, কি কৰিলে এই কথাৰ সম্ভেদ পাম। কিছু দূৰ গৈ গৈ এখন হাবি পালে। তাতগৈ দেখে যে এটা নাহৰ ফুটুকি বাঘে এজনী গাভিনী পহু ধৰিছে। হাতেমে তাকে দেখি বাঘটোক বাধা দিলে আৰু ক‘লে “এইজনী গাভিনী পহু তই কেলেই ইয়াক মাৰি অধৰ্ম্ম কৰ। বাঘে কলে “হাতেম তুমি ধাৰ্ম্মিক বুলি মই শুনিছো কিন্তু মই মাংসভোজী, যি পাওঁ তাকে খাওঁ এই হৰিণী মোৰ খাদ্য। তুমি ধাৰ্ম্মিক হৈ মোৰ মুখৰ আহাৰ কেলেই কাঢ়ি ল’লা”? হাতেমে ক‘লে “তই কোৱা কথা সচাঁ। মোৰ গাৰ মাংস এডোখৰ মই কাটি দিম তই খাবি। ক ছোন কোন ঠাইৰ মঙ্গহ তোক লাগে। বাঘে ক‘লে! তপিনাৰ মঙহত হাড় নাই তাৰে এডোখৰ কাটি দিলে মই খাব পাৰো। হাতেমে ছুৰি উলিয়াই এডোখৰ মঙ্গহ কাটি দিলে বাঘে তাকে খাই বৰ সন্তুষ্ট হ‘ল। তাৰ পাছত শুধিলে “হে হাতেম তুমি এমন এৰি কেলেই এনেকৈ অনাই বনাই এই ভয়ঙ্কৰ হাবিত ফুৰিছাহি। হাতেমে হাসেনবানু আৰু মনিৰস্বামীৰ কথাখিনি ক‘লে আৰু প্ৰথম প্ৰশ্ন কথাখিনিকৈ শুধিলে “হে বাঘ! তুমি জানানে সেই মানুহ জন ক’ত আছে, যি সদায় কেৱল আটাহ পাৰিব লাগিছে “এবাৰ দেখিলোঁ আকৌ দেখিবৰ হাউচ হৈছে” বাঘে ক‘লে “মই জানো সেইখন ঠাইৰ নাম “দন্তে হোৱেদা।” সেই ঠাই ইয়াৰ পৰা বহুদূৰ নহয়। তুমি গৈ গৈ থাকিলে এটা দুই আলিৰ মূৰ পাবা। তাৰ পৰা বাওঁ ফালৰ আলিৰে গৈ থাকিলে সেই ঠাই পাবা গৈ। এই বুলি কৈ বাঘে পহুয়ে দুয়ো হাতেমক আশীৰ্ব্বাদ দি দি গুছি গল। হাতেমে তাৰ পৰা বিষত খোৰাই খোৰাই কোনোমতে কিছু দূৰ গৈ এজোপা গছৰ তলত পৰি ধৰফৰাবলৈ ধৰিলে। সেই গছৰ