শান্তি-কৱচ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

[  ]
 

শান্তি-কৱচ

 

ডিম্বেশ্বৰ নেওগ

 

[  ]
 

শান্তি-কৱচ

 

© শুৱনী প্ৰকাশ

 

পুনৰ মুদ্ৰণঃ

৭ আগষ্ট, ২০০৬ চন

 

মূল্যঃ ২০.০০ টকা

 

প্ৰকাশকঃ

শুৱনী প্ৰকাশ

গুৱাহাটী-শ্বিলং পথ

ভঙাগড়, গুৱাহাটী - ৭৮১০০৫

 

মুদ্ৰকঃ

শৰাইঘাট ফটো টাইপ

উদ্যোগ পাম, বামুণীমৈদাম

গুৱাহাটী - ৭৮১০২১

 

[  ] শুৱনী প্ৰকাশৰ পৰা-

 কবি-সাহিত্যিক ডিম্বেশ্বৰ নেওগদেৱৰ বহুকেইখন গ্রন্থ ইতিমধ্যে পুনর্মুদ্রণ কৰা হৈছে। এইবাৰ কৰিবলৈ লােৱাখন অকণমান সুকীয়া। অনন্য।

 আচলতে এইখন ঠিক পুথি নাছিল। এজন স্নেহশীল পিতৃৰ তেওঁৰ মাতৃহীনা জীয়ৰীৰ শুভ-পৰিণয়ত অন্তৰতলিৰ পৰা দিয়া স্নেহ-আশীর্বাদৰ অভিনৱ অভিব্যক্তি।

 বৰজীয়ৰী মাণিকিমধুৰিৰ (কেতেকী) শুভ-পৰিণয়ত দিয়া স্নেহ-আশীর্বাদ ‘কেতেকী। দ্বিতীয়া জীয়ৰী অমিয়ামধুৰিৰ (মলয়া) শুভ-বিবাহৰ আশীষ নির্মালী ‘শান্তি-কৱচ' আৰু তৃতীয়া জীয়ৰী সপােনমধুৰিৰ (নিজৰা) বিয়াত আশীর্বাদ ৰূপে দিয়া নীতি-কৱচ'। এই তিনিওখনৰ লগতে অপ্রকাশিত 'প্রীতি-কৱচ’নামৰ পুথিখনাে লগলগাই 'শান্তি-কৱচ' নামে প্রকাশ কৰিবলৈ ল'লাে। ইয়াত থূপ খাই থকা সজ উপদেশ, নীতি-বচন আৰু চিৰ সেউজ উক্তিবােৰ—শাশ্বত,চিৰ সুন্দৰ, অব্যয়।

 ইয়াৰ লগতে সংযােজন কৰি দিয়াৰ লােভ সামৰিব নােৱাৰিলাে—দূৰদৰ্শী নেওগদেৱে আজিৰ পৰা চল্লিশ-বিৰাল্লিশ বছৰৰ আগতেই চিন্তা-চৰ্চা কৰি লিখা ‘শিক্ষা-সংস্কাৰ' বিষয়ৰ লেখা কেইটিমান।

 পঢ়ুৱৈ সমাজে নেওগদেৱৰ অন্যান্য পুথিৰ দৰে ‘শান্তি-কৱচ'কো আদৰি ল’লেই আমি আনন্দিত আৰু কৃতাৰ্থ হ'ম।

 পুথিখন প্ৰকাশ কৰাত শৰাইঘাট ফটো টাইপছৰ স্বত্বাধিকাৰী শ্ৰীযুত যােগেশ শর্মা আৰু তেখেতৰ প্ৰেছৰ কর্মকর্তাসকলৰ সহযােগিতাৰ বাবে আন্তৰিক শলাগ যাচিলোঁ।

জীৱন মাধুৰী নেওগ বৰা

হেমন্ত মঙ্গল নেওগ

[  ]
 

কেতেকী


 


ডিম্বেশ্বৰ নেওগ

 

[  ]
 

কেতেকী

 

জীউ মোৰ, জীৱনৰ বিনন্দীয়া বসন্তই, যুগ-যুগান্তৰ হেঁচি থোৱা বিচ্ছেদৰ হুমুনিয়াহৰ তপত নিশাহ, যিদিনা হঠাতে এৰি দিলে ধৰণীৰ শীতল বুকুত; তাৰে পৰা উতল মলয় ব'ই তুলি ঢউ থউকি-বাথউ জগতক কৰিলে বিভোৰ! সেইদিনা বনৰ মাজত, নে কি মনৰ মাজত, তুমি মোৰ জুৰি দিলা বুকু-ভৰা সুৰ! দেহী অই, সেইটি সুৰেই জানো লুইত পাৰত, একাঁজলি ধূলি-বালি লই, একাণ-পতীয়া হই উমলি থাকোঁতে, ধেমালি-মগনা মোৰ আজলীজনীক নিমিষতে তেনেয়েই বাউলি কৰিলে! বৰালি-বুকুৱা কুটি বালি-ভোজ ৰন্ধা,দালিমৰ কেৰু আনি ফটাকানি দৰা-কইনা সাজি বিয়া দিয়া, সকলো এৰিলে। ধেমালিতে ঘমা-জমা গালে-মুখে ঢাকি ধৰা বাবৰি অলক আঁতৰাই, তৰা যেন দুটি চকুৰেই ইফালে সিফালে চালে; কাকো নেদেখিলে! কিনো কথা বোলে? বেলিয়ে ৰখায় ৰথ, বায়ু তধা লাগে, উজাই বৱলে যেন ধৰিলে লুইত! নেদেখা কোননো পখী, নুশুনা কোননো সুৰ, আহি আচম্বিতে ওলট-পালট এনে ঘটালে ধৰাত? ধেমালি সামৰি, উদাস অন্তৰ লই সোমালোহি ঘৰ। শেনৰ এজাত আজি! আজলীজনীৰ নগৰত কোনে আজি লগালে জগৰ? নাচায়, নাখায়;মুখেৰে; নামাতে! চোৱালে-চিতালে;বেজে ক’লে হাঁহি ⸺ “বৰঘৰ শুৱনী, আজলী জীয়ৰী, উলিয়াই দিবলৈ টান।"...........

 বুকু-জুৰ, ধুনীয়া এধানমানি দেহী ৰূপে ধৰা দিলা আহি। দেখিয়ে চিনিলো মই, জীৱনৰ বিনন্দীয়া বসন্তত, বিচ্ছেদৰ বুকু-ভঙা সেই সুৰ তুমি; ধৰিছাহি ৰূপ। মাৰাই বুলিলে, “ওঁহোঁ, এয়ে সি নেদেখা পখী, কাণেৰে নুশুনা সুৰ, কৰিলে বাউলী মোক ছোৱালী কালত।” কলো মই, “একেটিয়ে। আৰু, বিয়া দিয়া ফটাকানি দৰা-কন্যা, মই আৰু তুমি।” “ধুনীয়া এধানিটিক কি বুলি মাতিম? “পিতাই নাম দিলে, সুগন্ধি কেতেকী, আইৰ নাম হ’ল তৰা।” [  ] “কেতেকী এপাহি, কেতেকী দুপাহি, কেতেকীৰে তিনি পাহি। ডালৰে কেতেকী, নাচে ঘূৰি ঘূৰি, বোপাদেউ পেলালে হাঁহি।” —দুফাকি বিয়াৰ নাম। একলা দুকলা কৰি তৃতীয়াৰ জোন তুমি বাঢ়িলা বেগাই। “শঙ্কলদেৱ ৰজাৰে, পুতেক মণিকোঁৱৰ, কোলাতে খতি-খুন নাই। এবেলা দোলাতে, এবেলা ঘোৰাতে, এবেলা খেড়ি খেলায়।” —গীতৰ এফাকি। নাছিলা ৰজাৰ পো; কিন্তু “অপুতৰ পুত,” বুলি ল'ই ফুৰিছিলোঁ, চুৰিয়া পিন্ধাই। “বোপাটি ধুনীয়া,ধল পাটৰ চুৰিয়া, মূৰত হেঙ্গুলীয়া ছাতি। বাটৰ বাটৰুৱাই, ৰৈ ৰৈ সুধিছে, কোন বিষয়াৰে নাতি॥”—গাইছিলো ধাই-নাম। ধন বা মানৰ ধনী ৰজা বা বিষয়া; চেনেহত কিন্তু কেও আমাৰ নিচিনা নাছিল চহকী বুলি কওঁ বুকু ডাঠি। তোমাক বুকুত লই স্বৰ্গ ঢুকি পাইছিল মাৰা-পিতাৰাই!

 আই মোৰ, সংসাৰ-সোতত, গধুৰ শিলৰ দৰে ফুৰিছিলো তলত বাগৰি; নিজ অৰ্জনৰ বুলি নাছিল একোৱে'। তুমি-লখিমীৰ গুণে বাৰী-ঘৰ, ধন-ধান এপদ-দুপদকৈ আহিল আপুনি। সোদৰৰ তিনি ভনী আৰু তিনি ভাই আহিল পিছত। “চোতালৰ আগৰে, ৰামকল এজুপি, সিও মোৰ সোদৰৰ ভাই। জীয়াই থাক মানে, কৰ কাঠি-কামি, মৰিলে লগতে যায়॥”-এফাকি বৰাগী গীত। তোমালোক সাতোটিকে লই, ঠন ধৰি উঠিছিল সোণৰ সংসাৰ। কিন্তু, কিন্তু, জন্ম-মুহূৰ্তৰে পৰা মোৰ স'তে ফেৰ মৰা নিঠুৰ নিয়তি, উঠিল ফেপেৰি পাতি। বধিলে সাৰথি মোৰ জীৱন-যুজৰ! ভগদত্ত বীৰৰ হত্যাত, কেচুৱা পুতেকে পিতৃহন্তা অৰ্জ্জুনক' ৰণ দিয়া দৰে কেচুৱা তুমিও, ভগা-ৰণ ভগা-ৰথ কাঢ়ি লই মোৰ, শত্ৰুক দেখালা ৰণ-চালি। ধন্যা তুমি, সুযোগ্যা মাতৃৰ অতি সুযোগ্যা তনয়া। মাতৃ-জাতি ধন্যা এনে কন্যাৰ কাৰণে। কেচুৱা হলেও নাৰী মাত্ৰে মাতৃ সদায়েই; বুঢ়া হৈয়ো চিৰকাল নৰ সেই মাতৃৰ পালিত।

 জয়-যাত্ৰী, সমাজৰ, প্ৰকৃতিৰ, বিধান মতেৰে, পিতৃ-গৃহ এৰি আজি, যাবা তুমি পতি-গৃহলই। তাৰ বাবে দেৱে-নৰে প্ৰাণ ভৰি বৰষিছে আশীষ নিৰ্মালি; দেৱী-নাৰী সৱে দিয়ে উৰুলি জোকাৰ। সূৰ্য্য-সোম, যম-কাল,পঞ্চ-মহাভূত, অনল-অনিল অৱনী-গগন, দ্যো-ভূঃ সদৌৱে দানিছে আশীৰ্বাদ। সৰ্ব-মঙ্গল-মাঙ্গল্য যি বিষ্ণু [  ] সদায়েই শুভ বৰদাতা, নমস্কৃত্য সি বিষ্ণুক, আগবাঢ়া আজি। মাধৱ-মাধৱ বাক্য, মাধৱ-মাধৱ হৃদি, হই সাধুসৱে সাধে কৰ্ম সদ; বিশিষ্ট ভাৰতবৰ্ষ পুণ্যভূমিতেই বৈবাহিক শুভ লগ্ন শুভ যোগ শুভ নক্ষত্ৰত হক এই কাৰ্য সমাপিত। নিত্য-শ্ৰী, নিত্যজয়ী, নিত্য কল্যাণৰ মঙ্গলায়তন, ভগৱান হক হৃদিস্থিত। নমো জ্যোতিৰূপ বাসুদেৱ! ওম্ বিষ্ণু, ওম্ তৎ সৎ!!
 আহাঁ বৰ, বিষ্ণুৰ স্বৰূপ তুমি, অৰ্চ্চিম তোমাক।লোৱা গন্ধ পুষ্প, এই ধূপ-দীপ। কন্যাৰ কল্যাণ, তোমাৰ কল্যাণ, বিশ্বৰ কল্যাণ হেতু এই মহাদান। স্বয়ং লখিমী ৰূপা এই কন্যা লভি আজিৰ পৰাই হলা তুমি লক্ষ্মীপতি। হে বৰ, তুমি সাম, এই কন্যা ঋক্। সুউচ্চ আকাশ তুমি; কন্যা এই সুবিস্তীৰ্ণা শ্যামলা পৃথিৱী। এই ভাৱেৰেই বাস কৰি সন্তোষেৰে শত শৰদৰ সৌভাগ্যৰ সুখ ভোগাঁ সৰ্বতো প্ৰকাৰে।
 লক্ষ্মী তুমি, আগবাঢ়া সপ্তপদ। অন্ন-বৃদ্ধি হেতু একপদ আগলই নিয়ক বিষ্ণুৱে। শক্তি বৃদ্ধি হেতু দুই পদ আগলই নিয়ক বিষ্ণুৱে। ধন-বৃদ্ধি হেতু তিনি পদ আগলৈ নিয়ক বিষ্ণুৱে। সুখ-বৃদ্ধি হেতু চাৰি-পদ আগলৈ নিয়ক বিষ্ণুৱে। পশু-বৃদ্ধি হেতু পাঁচ পদ আগলই নিয়ক বিষ্ণুৱে। সপ্তদ্বীপা বসুমতী জুৰি খ্যাতিমতী হবলই, পতি-ব্ৰতা স্বামী সুৱাগিনী, সাত পদ আগলই নিয়ক বিষ্ণুৱে। জনমৰে পৰা ধৰি আজি দিনলৈকে, জানি বা নাজনি মই যি দোষ কৰিলো, ক্ষমা আজি সকলোটি। আক্ৰোশ তাড়না কিম্বা বাক্যৰ পীড়ন, খঙৰ বেগত কিম্বা মঙ্গল চিন্তাত, কৰিছিলো যিবা মই,স্বৰ্গদাত্ৰী তুমি ক্ষমা দিয়া মোক যেন এই মুহূৰ্তত। শয্যাসন, পৰিচ্ছদ, খোৱাৰ সঁজুলি, সামান্য ভাবেৰে সম্প্ৰদান কৰি দিলোঁ যৌতুক স্বৰূপে; সাদৰে গ্ৰহণ কৰা, সেয়েই সহস্ৰ গুণে বঢ়াব সম্পদ। পিতৃকুল এৰি যাবা পতিকুললৈ; তাৰ বাবে উৎকণ্ঠা তোমাৰ, অনুকূল বায়ু আৰু চন্দ্ৰ-সূৰ্য দশোদিশে ঠেলি দূৰলই, পতিকুল অনুকূলা কৰোক তোমাক। শত শৰদৰ আয়ু-ষ্মতী ভাগ্যৱতী হোৱা তুমি চিৰ-তেজস্বিনী।
 হেৰা বৰ, সূৰ্যৰ সদৃশ নিজ প্ৰতিভাৰে তুমি জিনি সৱাকে; চন্দ্ৰৰ নিচিনাকৈ চেনেহেৰে সকলোকে কৰিবা আপোন। হীন-দুষ্ট-দ্বেষী যত, সিবোৰক গৰকিবা বিষ্টৰৰ দৰে। দীপ্তিশালী যিবা, তাকো [  ] দীপ্তিমান কৰে যি পবিত্ৰ জলে, সেই পাদ্য গ্ৰহণত হবই তোমাৰ পদ অধিক উজ্জ্বল। সমুদ্ৰ উদ্দেশে কৰিলা সি অৰ্ঘ্যজল সানন্দে প্ৰেৰণা, সৱাৰে মঙ্গল হেতু। আচমনীয়ৰ গ্ৰহণত যশ তেজ বাঢ়ি যক অৰিষ্টি তনুৰ। যি মধুদায়ক, নিজেও মধুৰ, তেনে মধুপৰ্ক ভক্ষি মধুভোক্তা খ্যাতি লভা; মুখে বাগিন্দ্ৰিয়, নাসিকায় প্ৰাণ, দুচকুত দৃষ্টিশক্তি, কৰ্ণে শ্ৰোত্ৰেন্দ্ৰিয়, —বাহু আৰু উৰু শৌৰ্য ওজঃ স্থিত হক; অৰিষ্টাঙ্গ সুস্থ-তনু হোৱা আয়ুষ্মন! মঙ্গলৰো সুমঙ্গল অতি শান্তিময় জল-সিঞ্চনৰ ফলে ৰোগ-শূন্য হই শক্তি সুখ, জ্ঞান-ধন, ঐশ্বৰ্য্য-লাভৰ হেতু ধাৰণ কৰোক জলে তোমা-দুইটিক।

পৰম শুভ আশীৰ্বাদকশ্ৰীডিম্বেশ্বৰ নেওগ

[ ১০ ]

শান্তি-কৱচ




জ্ঞানাশ্ৰমৰ প্ৰথমা শিষ্যা
শ্ৰীমতী অমিয়া মধুৰি
মলয়া আইদেউৰ
শুভ পৰিণয় দিনৰ সোৱৰণি স্বৰূপে
প্ৰকাশিত




ডিম্বেশ্বৰ নেওগ
অধিকাৰ, জ্ঞানাশ্ৰম
যোৰহাট



প্ৰথম তাঙৰণ
১৬ মাঘ, ১৮৭৯ শক

[ ১১ ]
 

উছৰ্গা

 দেউতি বুকৰ মোৰ, সংসাৰ-তপন-তাপে তাপিত পৰাণ পিতৃ-মাতৃ উভয়ৰে কেতেকীৰ মউসনা মাত আৰু চন্দন-সুগন্ধি লই শীতল মলয়া তুমি ঢুলালাহি কোমল চামৰে’! পিছে আজি প্ৰকৃতিৰ ৰীতি অনুসৰি সোমাবা নিজেই তুমি গাৰ্হস্থ্য আশ্ৰম সপোন-মধুৰ কিন্তু কৰ্তব্য-গধূৰ। অতীব ভীষণ আই, সংসাৰ-সংগ্ৰাম; মোৰ ই বুকৰ পৰা পোনেই ওলাই কিমতে যুজিবা; কিমতে সহিবা তুমি যাঠি-জোং বিহসনা কাঁড় “তই” মাতে জয় পৰা কোমল প্ৰাণত!! সেইবাবে সযতনে ৰচা এই শান্তিৰ কৱচ পিন্ধালো দেউতি, মই আপোন হাতেৰে। পুণ্যৱতী আই মোৰ দশোদিশে পুণ্য সিচি দিবা; অন্নপূৰ্ণা আই মোৰ, বিতৰিবা অন্ন জগতক; সৰস্বতী আই মোৰ, মুহিবা বিশ্বক তুমি বুলাই বীণত সেই কোমল আঙ্গুলি। আগবাঢ়া, ভয় নাই, বীৰ-মাতৃকাৰ বীৰ-কন্যা তুমি; তুমুল যুজতো আবৰি ধৰিব এই শান্তিৰ কৱচে পিতৃ-মাতৃ উভয়ৰ হৃদয় স্বৰূপে; স্বৰগৰ আশীষ নিৰ্মালি পৰিবহি তোমাৰ শিৰত, বিজয় দুন্দুভি উঠে বাজি! পিছে আই, মাতৃ-জাতি তুমি, আশ্ৰমৰ পিতা নতু জন্মদাতা ৰূপে যদি কেতিয়াবা কৰিছিলোঁ ৰুঢ় ব্যৱহাৰ, ক্ষমি যাবা সকলোটি এই মুহূৰ্তত মাতৃয়ে যিদৰে ক্ষমে পুত্ৰৰ জগৰ। আগবাঢ়া আই মোৰ, বিশ্ববিজয়িনী, সপ্তপদী গমনত লাভ কৰি সপ্তম সম্পদ; শুনা সউ ঢোলৰ কুৰুলি, আয়তীৰ মধুৰ উৰুলি, বিধাতাৰ মঙ্গল মুৰুলি।

চেনেহৰ পিতাদেৱেৰা—
ডিম্বেশ্বৰ নেওগ

[ ১২ ]
 

সংসাৰ

 

১। সংসাৰখনেই সৱাতোকৈ বৰ সাঁথৰ; ইয়াৰ ভাঙনি আজিলৈকে কেৱে কৰিব পৰা নাই। এই সংসাৰলৈ ক'ৰ পৰা আহিলা, কিয় আহিলা, ইয়াৰ পাছত কলৈ যাবা, এইবোৰ অনন্ত প্ৰশ্ন; এইবোৰৰ শেষ সমিধান কোনো কালে কোনেও দিব পৰা নাই।

২। সংসাৰখন যেনে আচহুৱা, তেনে একাচেকাও; দুয়ে দুয়ে যেনেকৈ চাৰি হয়, তেনেকৈ বাইশও হয়। সংসাৰৰ বিহ গছত যিদৰে কেতিয়াবা অমৃতময় ফল লাগে, সেইদৰে কেতিয়াবা ইয়াৰ অমৃত মথোতে গৰল উঠে।

৩। সংসাৰ জানিবা এখন ডাঙৰ দাপোণ; তাক তুমি মিচিকিয়ালেই মিচিকিওৱা আৰু কপালৰ গাঁঠি থোপা কৰিলেই তেনে কৰা দেখিবা। সেই দেখি চাবাঁ যাতে তোমাৰ বেকা মুখৰ বাবে দাপোণক চাৰি লাঠি নামাৰা।

৪। সংসাৰৰ জয়-পৰাজয়ৰ বাহিৰ ভিতৰ দুটা ফাল; লোকৰ চকুত ধূলি মাৰি তুমি বাহিৰত জয়ী হলা, সি প্ৰকৃততে পৰাজয়। আকৌ পাপ-প্ৰলোভনক বশ কৰি চলোতে দুখ-দৰিদ্ৰতাই তোমাৰ সাৰ হ’ল; ই আধ্যাত্মিক জয়। যেনে-তেনে খেলি জয়ী হোৱাতকৈ ভালদৰে খেলি পৰাজয় হোৱাতো গৌৰৱ।

৫। তোমাৰ জন্ম ৰাজ-কাৰেঙত নে টোকোৰা পজাত, সেইটো লেখৰ কথা নহয়; কিয়নো সি আকষ্মিক! কিন্তু লেখৰ কথা, যি অৱস্থাতেই জন্মিলা

লাগে, তুমি তাৰ কিমান সদব্যৱহাৰ কৰিব পাৰিছা!
[ ১৩ ]
 

সমাজ

 

১। মই-বৰ ভাবেই সৰ্বসাধাৰণৰ ঘাই চালক। গতিকে এজনক হীন বুলিলা, মানে তেওঁৰ আত্ম-অভিমান স্বৰূপ খাৰ-ঘৰত জুই দি নিজৰো মহামাৰ চিন্তিলা। কিন্তু তেওঁক ভাল বোলা, তেওঁ আৰু ভালহৈ দেখুৱাবলৈ চাব;ই তেওঁৰ বাবে, তোমাৰ বাবে আৰু সংসাৰৰ বাবেও ডাঙৰ লাভ।

২। "অধমে কেৱলে দোষ,   লৱয় মধ্যমে গুণ
   দোষ যত কৰিয়া বিচাৰ।
 উত্তমে কেৱলে গুণ   লৱয়, উত্তমোত্তমে
   অল্প গুণ কৰয় বিস্তাৰ॥”

⸺নাম-ঘোষা


৩। সমাজত চলিবলৈ হ'লে, আনৰ পৰা ভাল ব্যৱহাৰ পাবলৈ বিচাৰিলে,আনে কি ভাল পায় তালৈ চকু দিবা আৰু সেইমতে চলিবা। মৌ খাব খুজিলে মৌ-বাহ জোকাই নলবা; নিজৰাৰ পানী পিবলৈ হ'লে তাক ঘোদালি নেপেলাবা।

৪। আনক কোনো বস্তু বা ভাৱ গুজি নিদিবা; এটা বস্তু দোকানীয়ে বেচাতকৈ গ্ৰাহকে নিজে কিনিবলৈহে ভাল পায়। বেলি আৰু বতাহৰ সাধুটো কি? বতাহে গাৰ বলেৰে যিটো কাম কৰিব নোৱাৰিলে, বেলিয়ে তাক বিনয়েবে সহজে সাধিলে।

৫। হাঁহি-খং সংক্ৰামক ৰোগৰ দৰে তোমাৰ পৰা আনলৈ বাগৰি আকৌ ঘূৰি তোমালৈ আহিব। হাঁহিমুখে যেনেকৈ ৰ’দঘাই বতৰৰ দৰে নিজৰ নিচিনাকৈ আনকো ফৰকাল কৰে, গোমাঠা মুখে তেনেকৈ গোমা বতৰৰ লেখীয়াকৈ নিজৰ দৰে আনৰো মুখ-মন ওলমাই আৰু ওন্দোলাই পেলায়।
[ ১৪ ]

 

বিনয়

 

১। যেই সেই মানুহেই তোমাতকৈ এটা নহয় এটা গুণত চৰা; ইয়াক জানি-মানি তেওঁৰ সেই গুণটি বিচাৰি উলিয়াই তাৰ বাবে তেওঁক শলাগ যাচিবা। প্ৰকৃত গুণৰ আদৰ জনোৱা আৰু ভালৰি লগোৱা, দুটা সুকীয়া কথা; আগৰটো অকপট আৰু মহৎ, পিছৰটো কপটীয়া আৰু নীচ।

২। আত্মশ্লাঘা আত্মহত্যাৰ তুল্য। নিজ আই-বোপাই বা ল'ৰা-ছোৱালী, ভাই-ককাই বা বাই-ভনী বা নিজ বংশ পৰিয়ালৰ গুণ-যশ বখানি ফুৰাও কুৰুচিৰ চিনাকি। তুমি নিজৰ সম্পৰ্কে যিমানে বৰাই কৰিবা, আনে। তোমাক নিশ্চয় সিমানে হীন ভাবিব।

৩। নিজৰ দুখ-দুৰ্ভাগ্যৰ কথাও আনৰ আগত উপজাচি বৰকৈ কৈ ফুৰা সুৰুচিৰ কথা নহয়। কথা-বতৰাত নিজৰ বিষয়ে যিমান পাৰা তাকৰাই আৰু লোকৰ সম্বন্ধে কোৱা কথালৈ যিমান পাৰা সৰহাই কাণ পাতিবা। লোকক বৰকৈ ক’ব নিদিয়া বা আনৰ কথাৰ ওপৰতে কথা কোৱা অশিষ্টাচাৰৰ বাহিৰে একো নহয়।

৪। কোনো লোকৰ ভুল দোষ তেওঁৰ মুখৰ ওপৰতে নকৈ তেওঁৰ মুখখন ৰক্ষা কৰিবলৈ ছেগ দিবা। তেওঁৰ দোষটো দোষ বুলি নকৈ তুমি সেই অৱস্থাত কি কৰিলাহেঁতেন, আৰু ভুলটোও তেওঁ যেন জনা কথাহে পাহৰিছে, এনেভাৱে কোৱা উচিত।

৫। তৰ্ক-বিতৰ্কৰ পৰা সদায় ফালৰি কাটিব লাগে। বলেৰে এজনক তৰ্কত জিনিও স্বৰূপতে হৰাহে হয়; “হাৰিয়া জিনয় কতো জিনিয়া হাৰয়।” (শঙ্কৰদেৱ) তোমাৰ বাটটো নেৰিবলৈ গৈ কুকুৰৰ কামোৰ খোৱাতকৈ, বাটটো এৰি অহা জ্ঞানীৰ কাম নহবনে?
[ ১৫ ]

 

নিৰ্ভৰ

 

১। নিজ অধিকাৰ-অনধিকাৰ চিনিব পৰাই জ্ঞানীৰ প্ৰকৃত লক্ষণ। খৰিভাৰীত পৰিও ৰজাৰ যি জীয়ৰীয়ে সম্ভ্ৰমেৰে ভাত মুঠি মোকলাই খাব পাৰে, তেৱেই সুতিৰি; দুৰৱস্থাত পৰিও যি হাঁহিমুখে তাক গ্ৰহণ কৰিব জানে, তেৱেই সুপুৰুষ।

২। ঢাল খনৰ দুটা ফালৰ দৰে দুটা ফাল ভাগ্যৰো; কাৰ বেলিকা কোন ফাল পৰে সি সম্পূৰ্ণ আকষ্মিক গুণে তাৰ ওপৰত আমাৰ হাত কিম্বা মাত নাই। কিন্তু যি ফালকে পৰক, তাৰ কি ব্যৱহাৰ কৰো, তাত হলে আমাৰ সম্পূৰ্ণ দায়িত্ব।

৩। “মাৰিলে শিলৰ গড় নোহে বন্দীশাল, লোহাৰেও পিঞ্জৰা নহয়ঃ স্বাধীনচিতীয়া লোকে এই সকলোেকে শান্তিৰ আশ্ৰম মানি লয়।” এনে নিৰ্ভীক হৃদয়ৰ স্বাধীন-চিন্তাত হাত দিবৰ অধিকাৰ নাই দেৱতাৰো।

৪। যেতিয়ালৈকে আমাৰ নিৰপেক্ষ নিৰ্ভীক বিবেচনা নাথাকে, যেতিয়ালৈকে আমি পৰৰ বিচাৰৰ অধীন, তেতিয়ালৈকে আমি দাসৰো দাস, আৰু পানীৰ সোতত উটি যোৱা খেৰ কুটাৰ নিচিনা।

৫। সৌভাগ্য-সম্পত্তি, মান-যশ, মিতিৰ-কুটুম, সৰহ কি নিজ স্বাস্থ্যও স্বাধীন চিতৰ শান্তিৰ বাবে ঘৰৰ মানুহ নহয়, চপনীয়াহে। সেইবোৰ বেৰৰ মাটিৰ দৰে, গোৰ মাৰিলেই ওৰ পৰে; প্ৰকৃত শান্তি আৰু সুখ নিজ মনৰ বাপতিসাহোন। [ ১৬ ]
 

সুখ-দুখ

 

১। ৰদঘাই আৰু ডাৱৰীয়া বতৰৰ দৰে বা জাৰ-জহৰ নিচিনাকৈ সৌভাগ্য আৰু দুৰ্ভাগ্য বাহিৰৰ জগতখনৰ কথা; তাত তোমাৰ সুকীয়া কৰ্তব্যৰ কথা হ’ব পাৰে, কিন্তু ভাল-বেয়া বা হৰিষ-বিষাদৰ কাৰণ নাই; কিয়নো সেইবোৰ তোমাৰ ইচ্ছাত হোৱা নাছিল। তদুপৰি আমাৰ প্ৰকৃত মঙ্গল- অমঙ্গল সেইবোৰৰ ওপৰত নিৰ্ভৰ নকৰে, কৰে সেইবোৰ শাসন বা ব্যৱহাৰ কৰিব পৰা আমাৰ বিচাৰ-বুদ্ধি বা আধ্যাত্মিক শক্তিৰ ওপৰত।

২। স্বাধীনতাই সুখ, পৰাধীনতাই দুখ; এই কথা শাৰীৰিকতকৈ মানসিক বা আধ্যাত্মিক ভাৱে বিশেষ সত্য। সাংসাৰিক সৌভাগ্য-দুৰ্ভাগ্য বা জয়- পৰাজয় একোৱেই স্বাধীন মনৰ কাষ চাপিব নোৱাৰে; বৰঞ্চ প্ৰকৃত আত্মসংযমী মন দৈহিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক জগতৰ ওপৰত চক্ৰৱৰ্তী সম্ৰাট।

৩। আনৰ দোষ বা দুৰ্ব্যৱহাৰেও মনৰ শান্তিক টলাব নালাগে; সকলো যে নিৰ্দোষ বা সাধু হ’ব তাকেনো কিয় ভাবিবা? বৰঞ্চ মানুহ দুষ্ট বা অসাধু হ’বৰ এহাজাৰ এটা কাৰণ থাকিব পাৰে; সহানুভূতিৰে তেওঁলোকৰ বাহ্যিক বা মানসিক অৱস্থা অধ্যয়ন কৰিবা, তেনেহ'লে খং উঠাতকৈ তেওঁলোকৰ প্ৰতি পুতৌৰে তোমাৰ মন-প্ৰাণ উপচি পৰিব।

৪। লোকে যদি তোমাক বেয়া বুলিলে বা গালি শপিলে বেয়া পোৱা, ভাল বুলিলে বা প্ৰশংসা কৰিলেও বেয়া পোৱা উচিত; বেপাৰৰ নাৱত ভৰি দিয়া মাত্ৰই লাভৰ দৰে হানিৰ ভাগীও তুমি হলা, আৰু হানিটো নামানি অকল লাভৰ ভাগলৈ বাট চোৱাজন নিশ্চয় অন্যায় আৰু অবিবেচক অংশীদাৰ।

৫। পাপৰ বেহাৰ দৰে পুণ্যৰ বেহাও বেয়া। এজনৰ হিত সাধিলা, প্ৰত্যুপকাৰ নকৰিলেও অন্ততঃ তোমাৰ শলাগ ল'ব বুলি; পাছত দুৰ্ভ্যগ্যক্ৰমে তেওঁ

প্ৰত্যুপকাৰ কৰা বা শলাগ লোৱা দূৰৰ কথা, তোমাৰ অহিতহে চিন্তিলে; তেতিয়া দ্বিতীয়বাৰ সেইজনৰ হিত সাধিবলৈ চোৱাতকৈ অহিত সাধনলৈহে তোমাৰ মন যাব পাৰে। এতেকে হাত দিবলৈ মেলিবা, লবলৈ কেঁচাবা; আশাশুৰীয়া হৈ কৰ্তব্য জ্ঞানেৰে পুণ্য কৰিবা, উলটি নাচাবা। “তোমাৰ সোঁ হাতে কি দিলে, সাৱধান, তোমাৰ বাওঁহাতে যেন তাৰ ভু নাপায়।” [ ১৭ ]
 
আত্ম-চিন্তা
 

১। তোমাৰ আগচৰাত তুমি বহাঁ, আলহী-অতিথিক সাক্ষাৎ কৰা, কিন্তু নিশ্চয় তাত খোৱা-শোৱা নকৰা; সেইদৰে বাহিৰৰ মানুহৰ লগত হঁহা-মতা আৰু সাংসাৰিক ব্যৱহাৰ কৰিলেও, শুব-খাবলৈ ভিতৰলৈ অহাৰ দৰে, দিনটোৰ অন্ততঃ কিছু সময় আত্ম-চিন্তাৰ বাবে আছুতীয়াকৈ লবা। বাহিৰৰ চলন-ফুৰণত তুমি ব্যবসায়ী বা শ্ৰমজীৱী যিহকে-তিহকে হ’ব পাৰা; অকল আত্ম-চিন্তাতহে তুমি মানুহ।

২। নাৱিকে বিযুৱ ৰেখাৰ গ্ৰীষ্ম-মণ্ডলৰ পৰা সুমেৰু-কুমেৰুৰ অতি শীত মণ্ডললৈকে ফুৰে, কিন্তু নিজ দেহৰ উত্তাপ লগত লৈ ফুৰিলে সেই বিভিন্ন উত্তাপত চলা সম্ভৱ নহলহেঁতেন; তেনেকৈয়ে তুমি যতে যিহতে ফুৰা লাগে, নিজক কোনোমতেই পাহৰিলে নচলিব; কিয়নো আত্ম-চিন্তা নিজ দেহৰ উত্তাপৰ দৰে।

৩। সকলোৰে কথালৈ কাণ দিও, আটাইৰে দৃষ্টি-ভঙ্গিলৈ মন কৰিও আৰু সদৌৰে বিচাৰৰ প্ৰতি সম্মান দেখুৱাইও, তোমাৰ নিজ বিবেচনা অক্ষুণ্ণ ৰাখিবা আৰু বিনীতভাৱে কিন্তু দৃঢ়তাৰে তোমাৰ নিজ সুবিবেচিত মত প্ৰকাশ কৰিবৰ সৎ সাহস গোটাবা। আৱশ্যক অনুসাৰে এনে স্বাধীন ন্যায় মত প্ৰকাশ কৰাৰ বাবে মহাপুৰুষসকলে ধন-মান-প্ৰাণ পৰ্য্যন্ত উছৰ্গা কৰিবলৈ কুণ্ঠিত নহয়।

৪। নোহোৱা কথাটো "নহয়" বুলিবলৈ যাৰ সাহ নাই, তেওঁ পৰৰ দাস বা নিজ স্বাৰ্থৰ গোলাম; সংসাৰৰ সোতত তেওঁ উটি যায়, পাৰ উঠিব নোৱাৰে। বেৰমিটাৰে (চাপমান যন্ত্ৰই) স্থিৰ বায়ুৰ হেচাৰ পৰিমাণ বুজায়, কিন্তু বতৰ-কুকুৰাই চঞ্চল বায়ুৰ স্বভাৱ দেখুৱায়; তেনেকৈয়ে স্বাধীন লোকৰ মতক মানুহৰ মাত আৰু ইবোৰক ভাটোৰ মাত বা প্ৰতিধ্বনি বুলিব পাৰি।

৫। জীৱ হত্যাৰ ভিতৰত নৰ হত্যাই ডাঙৰ; পিছে, নৰ হত্যাতকৈও সত্যৰ হত্যা ভয়ানক; নৰ হত্যা কৰিলে নশ্বৰ দেহৰ অগ্ৰিম বিনাশ কৰা হয় মাত্ৰ, কিন্তু সত্যক হত্যা কৰিলে অবিনশ্বৰ আত্মক হত্যা কৰাৰ তুল্য হয়। এই বাবেই মহাপুৰুষসকলে সত্যৰ বিনাশতকৈ নিজ নশ্বৰ দেহক বিসৰ্জন দিবলৈহে আগবাঢ়ে।

[ ১৮ ]
 
মিলন
 

১। চাৰিআলিৰ মূৰত দুজনৰ চা-চিনাকি আৰু মিলা-প্ৰীতি ঘটিল; শেষত ইজনে সিজনক ক'লে, “যাওঁ, বলা।” দুয়ো খোজ দিলে; কিন্তু এজনে পূবলৈ আৰু ইজনে পশ্চিমলৈ মূ কৰি। জীৱনৰ চাৰি-আলিতো এইদৰেই বহুতক খন্তেকীয়া চকুৰ চিনাকিয়ে কাষ চপায়, কিন্তু প্ৰাণৰ চিনাকি নোহোৱাত এৰাএৰি হ’ব লগা হয় চিৰকাললৈ।

২। জীৱন কেৱল চকুলোৰ নৈ নহয়; সেই বুলি ই মাত্ৰ খোৱা-পিয়াৰ বালি-ঘৰো নহয়। স্বৰূপতে জীৱন সেৱাৰ ঠাই; এই সেৱাত যথেষ্ট কষ্ট আছে সচা, কিন্তু তাৰ লগত অভাৱনীয় আনন্দও আছে। এই বিমল আনন্দ লভিবলৈ হ'লে নিঃস্বাৰ্থ সেৱা-ধৰ্ম-ব্ৰতী হ’ব লাগিব।

৩। প্ৰকৃত সেৱা-ধৰ্মী হ’বলৈ হ'লে নিজা সুখ-ভোগৰ বাহিৰে আৰু প্ৰায়ে নিজা সুখ-ভোগৰ বিপৰীতে তোমাৰ এটা প্ৰায় অহৈতুক উদ্দেশ্য থাকিব লাগিব; ইয়াৰ বাবে যথেষ্ট ত্যাগ কৰিব লাগিব, আৰু এই ত্যাগ বা পৰোপকাৰতেই প্ৰকৃত আনন্দ পাব লাগিব; কিয়নো এই ত্যাগৰ প্ৰতিদান আনৰ পৰা বিপৰীতভাৱে পালেও তোমাৰ গা টেঙাব নোৱাৰিব, কিয়নো, সেৱাহে তোমাৰ লক্ষ্য।

৪। পৰম্পৰ, পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী, জ্ঞাতি-মিত্ৰ, বংশ-পৰিয়াল, সমাজ আৰু সংসাৰৰ মাজেদি এই স্বাৰ্থহীন, বাধাহীন আৰু অন্তহীন সেৱাৰ সোত বোৱাই নিয়াই বিয়াৰ মহৎ উদ্দেশ্য। তাকে পাহৰি অকল গাই-গোটা পেটে-ভৰাল হৈ সঙ্কীৰ্ণ সুখ-উপভোেগ কৰিবলৈ হ'লে বিয়াৰ উদ্দেশ্য বিফল হয়; কিয়নো সীমাবদ্ধ সুখ-ভোগৰ বাবে হোৱা স্ত্ৰী-পুৰুষৰ মিলন প্ৰকৃততে বেশ্যালি।

 ৫। “সংসাৰত ঈশ্বৰৰ কাৰ্য কৰিবলে,  মানুহক দিবলই ছঁয়া;
 ঘৰ এৰি গলি তই কিহৰ বেজাৰ,  বিশ্বজুৰি মলিয়ক দয়া।
 সংসাৰ মৰুৰ শ্যাম বট-বৃক্ষৰূপা  সন্তাপীৰ সুখ পাপীৰ ত্ৰাণ।
 পুণ্যবাট দেখুৱাতী সৰগ জীয়ৰী  আগবাঢ়া কৰি শান্তি স্নান।
 তৃষিত মৰত মুখে ঢালিবা পীযুষ  অন্ন দিবা অন্নপূৰ্ণা হই”⸺

 বিৱাহৰ মহৎ আদৰ্শ ইয়াৰ বাহিৰে কিবা হ'ব পাৰে নে? [ ১৯ ]
 

বিবাহ

 

 লৰালৰিকৈ বিয়া সোমালে লাহে-ধীৰে অনুতাপ কৰি থাকিব লগা হয়।

 সাধাৰণ বৈবাহিক জীৱন গৌৰৱময় কৌমাৰ জীৱনতকৈ শ্ৰেষ্ঠ।

 বিয়া নোহোৱালৈকে মানুহৰ চৰিত্ৰ আধাহে গঠিত হয়।

 নিজৰ ধ্বংস সাধিবলৈ হ'লে ধনী তিৰুতা বিয়া কৰাবা।

 বিয়াত সৌভাগ্যশালী নহ'লে সৌভাগ্যশালী হৈ ওপজা মিছা।

 চিপজৰী আৰু লগুণ-গাঁঠি কপাল-গুণীয়া কথা।

 বিয়াৰ আগত মানুহে সপোন দেখে, বিয়াত সাৰ পায়।

 ঘৈণী লঘু হলে গিৰিয়েক গধুৰ হয়।

 সজ ঘৈণী লাগিলে সজ জীয়ৰী আনিবা।

 পুৰুষৰ বৰ্হিদৃষ্টি, তিৰুতাৰ অন্তৰ্দৃষ্টি।
 “সংসাৰৰ উপেক্ষা ৰাশিয়ে  নাশিবনে শান্তি হৃদয়ৰ?
 বাটৰুৱা লোকৰ কথাতে  ভাঙিবানে আপোনাৰ ঘৰ?
 অভিমান ভৰা হৃদয়ত  বিন্ধিবতো উপেক্ষা বাণে!
 আমি হেৰা নৰ সংসাৰত  দাসৰা যে দাস, নাজানানে?”

 

আদৰ্শ

 

১। এটি মহৎ চৰিত্ৰৰ বিকাশ সিজনৰ অন্তৰাত্মাৰ অৰ্দ্ধপ্ৰকাশ মাত্ৰ। তেওঁৰ অন্তৰ্জগতে বহিৰ্জগতত নিজৰ ৰূপ দেখুৱাবলৈ কৰা যুজ-বাগৰবোৰেই তেওঁৰ দিঠকৰ সপোন আৰু তাৰ সিদ্ধিখিনিয়েই সাধনা। সেই আদৰ্শ বা সপোনবোৰৰ পৰিপাটিতা, তীব্ৰতা আৰু উদগ্ৰীৱতা অনুসৰিয়েই তেওঁৰ সাধনাই গঢ় লয়।

২। সপোন দেখি সেই সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ যত্ন নকৰা মানে অন্তৰাত্মাৰ বিশ্বাসঘাতকতা কৰা। কিছুমান সপোনৰ আকৌ এনে হেঁচা যে সিহঁত সাৰ্থক নোহোৱাকৈ নেৰে, সেইবোৰৰ জুই কোনোমতেই নুনুমায়; সেইবোৰেই প্ৰতিভা, “নৱনৱোন্মেষশালিনী বুদ্ধি।”

৩। সপোনবোৰেই সৌভাগ্যৰ সোণালী জিলিঙনি; তালৈ পিঠি দিলে বা সেই। [ ২০ ]

উদ্গনিত আগনাবাঢ়িলে বিফলতাৰ গেলা ডাৱৰীয়াত জীৱন পচে। সপোন বা আদৰ্শ নোহোৱা জীৱন বঠা নোহোৱা নাৱৰ দৰে কেনিবা উটি যায়।

৪। সুখ-সন্তোষ মনৰ কথাহে, ধনৰ কথা নহয়। ঐশ্বৰ্যও লাঞ্ছিত আৰু দাৰিদ্ৰ্যও গৌৰৱান্বিত হ'ব পাৰে। ধন-পদবীৰ পৰা পোৱা মান-মৰ্য্যদা মৈৰা পাখি গুজি লোৱা ঢেৰা-কাউৰীৰ যশস্যা; নিজ দেহৰ তাপৰ লগত বায়ুৰ তাপৰ মিলেই যেনেকৈ শাৰীৰিক সাম্য, অন্তৰ্জগতৰ লগত বহিৰ্জগতৰ সামঞ্জস্যই সেইদৰে মানসিক শান্তি।

৫। লোকৰ কথাত কাণ, আনৰ পৰা বিচৰা মান, ইন্দিয়ৰ ভোগ বাঞ্ছা, ধনৰ অন্যায় আকাঙ্ক্ষা, এনে পাপ-বেহাৰ বাবেই আমি সংসাৰত দাসৰ দাস! নিজৰ জীৱিকা বা মঙ্গল-সাধনৰ বাবে পৰমুখাপেক্ষী হোৱাতকৈ তোমাৰ স্ৰজনকৰ্তাৰ প্ৰতি ডাঙৰ লাঞ্ছনা হ’ব নোৱাৰে। তোমাৰ মুক্তি লোকে সাধন কৰি দিব আৰু তোমাৰ ভাত মুঠি লোকে গিলি দিব বুলি ভবা একে কথা।

 

অৰ্জন

 

১। এৰা, ধন-সংগ্ৰহ মাত্ৰই ধন-অৰ্জন নহয়। ভেতি খোৱা বা ৰাজহুৱা ধন অপহৰণ কৰাটো সেইদেখি তোমাৰ অৰ্জন নহয়, ই অকল চুৰি বা ডকাইটিতৰেই নহয়, বিশ্বাসঘাতকতাও। আশাশুধীয়া জীৱ-সেৱাৰ নিৰ্মালি ৰূপে অহা ধনেইহে প্ৰকৃত অৰ্জন; গতিকে এটা চকু ৰোগীত আৰু ইটো চকু তেওঁৰ ধনৰ জোলোঙাত থৈ কৰা চিকিৎসাতো ষোল অনাই প্ৰকৃত অৰ্জন নহয়।

২। সন্মান লাভৰ বিষয়েও একে কথাই। তোমাৰ আশাশুধীয়া জীৱসেৱাৰ বাবে যদি সন্মান আহে, আহক; তাক সহিবা বা মন গলে যত্নেৰে ৰাখিবা। কিন্তু জীৱ-সেৱা কৰিলা বা নকৰিলা, মানসিক আৰু নৈতিক গেলা-পচা খাল-ডোঙ একোকে নগণি বলিয়াৰ দৰে সন্মান তুমি খেদি ফুৰিলা বা ভিক্ষা ৰূপে কাৰবাৰ পৰা খুজিয়ে ললা বা কোনোবাই এনেয়ে দিলেও তুমি “স্বস্তি” বুলি চকুৰ টিপতে তোমাৰ জোলোঙাত ভৰালা, ই চোৰাং বেপাৰৰ বাহিৰে একো নহয়।

৩। অৰ্থ যিদৰে সাধাৰণতে বহুত অনৰ্থৰ মূল, মান-মৰ্যাদাও তেনেকুৱাই; এইবাবেই প্ৰকৃত সুধীজনে ইয়াক বৰ বিহ বুলি ভাবে। মান-মৰ্য্যদাই তোমাক নিজক পাহৰায়, অপমানেহে সোঁৱৰায়; মান-মৰ্যাদাত কলি আৰু [ ২১ ] অপমানত নাৰায়ণ সোমাই আহে, এই বাবেই নমস্কাৰত প্ৰতি নমস্কাৰ কৰা নিয়ম।

৪। ভাৱনাত তুমি ৰজা হবা নে খৰিভাৰী হবা সেইটো লেখৰ নহয়, কিন্তু যি ভাওকে লোৱা তাকে প্ৰাণৱন্ত কৰি তোলাহে কথা। কিয়নো ৰজাৰ ভাৱতকৈ খৰিভাৰীৰ ভাও লৈও তুমি ভাল ভাৱৰীয়া হ'ব পাৰা, আৰু সেইটো সুবিধাও; কিয়নো তল হাতত থকা বাবে দৰ্শকৰ তোমাৰ প্ৰতি অধিক সহানুভূতি জন্মিব। মুঠতে তুমি কিহত ধৰা সেইটোতকৈ কিহত এৰা, সেইটোহে লেখৰ কথা।

৫। প্ৰতিকূল অৱস্থা সাধাৰণতে ডাঙৰ সম্পত্তি; কিয়নো তাক জয় কৰিব পৰাতেই মানুহৰ মনুষ্যত্বৰ বিকাশ। অনুকূল বায়ুত নাও মেলি নো তোমাৰ বঠাত বাহুৰ বল দেখুৱাবা কেনেকৈ? বিনা বিষে জীৱন্ত কিবা জন্মে জানো? জগতখন ভৱিতব্যতাৰে ভৰি আছে; যিহতে তিহতে ধৰিয়েই তুমি তোমাৰ সপোন অনুসৰি তাক ৰূপ দিব পাৰা। খৰকৈ ভবা, খৰকৈ থিৰ কৰা আৰু খৰকৈ কাম কৰাই ক্ৰিয়াশীল ব্যক্তিত্ব।

 

যুদ্ধ-শান্তি

 

১।‘‘ৰণৰ মেৰত পৰা এটা ডাঙৰ জাতিয়ে যে নিজৰ চাৰি সীমা ৰক্ষা কৰিলেই হ’ল, এনে নহয়; ই নিজৰ নীতি-জ্ঞানো ৰক্ষা কৰিব লাগে। নিজ জন্মভূমিৰ পৱিত্ৰ মাটি সৈন্যই আৰু পৰিত্ৰ চিন্তা ভাবুকসকলে ৰক্ষা কৰিব; যদি এই চিত্তাক তেওঁলোকে সাময়িক ভাবাবেগৰ বহতীয়া কৰে, তেন্তে তেওঁলোকে দেশৰ প্ৰাণক বিশ্বাসঘাতকতা কৰা হয়, আৰু ইও জাতিৰ পৈত্ৰিক সম্পত্তিৰ সামান্য অংশ নহয়।” ⸺ৰোমা ৰোলা

২। “জীৱন, স্বাধীনতা, সুখ-শান্তি আদি মানুহৰ জন্মস্বত্ব; শাসিতসকলৰ সম্মতিৰ পৰা পোৱা স্বত্বৰ দ্বাৰা মানুহৰ এই স্বত্ববোৰ ৰক্ষা কৰা শাসকসকলৰ কৰ্তব্য। এই কৰ্তব্যত যেতিয়া তেওঁলোেক পৰাংমুখ হয় বা এই স্বত্ববোৰৰ যেতিয়া তেওঁলোক পৰিপন্থী হয়, তেতিয়া সেই শাসকসকল গুচোৱা বা সলনি কৰাও শাসিতসকলৰ স্বত্বৰ ভিতৰুৱা।” ⸺আমেৰিকাৰ স্বাধীনতাৰ ঘোষণা।

৩। “মানুহ জাতিৰ উন্নতি আৰু অৱনতিৰ লগত মোৰ উন্নতি আৰু অৱনতি গঁথা আছে; তাৰপৰা পুলুকা মাৰি সাৰিবৰ উপায় নাই। স্বৰূপতে মানুহ জাতিৰ ভিতৰত, মানুহ জাতিৰ পৰা, মানুহ জাতিৰ হেতুকে মই জীয়াই [ ২২ ]

আছোঁ; গতিকে মানুহ জাতিৰ প্ৰতি কৰ্তব্য সাধন নকৰাকৈ মোৰ জাতি, পৰিয়াল বা নিজৰ কৰ্তব্য সাধন কৰিবৰ উপায় নাই।” ⸺জিছেপি মেজিনি।

৪। “সমানে সমানেহে শান্তি বা মিল হব পাৰে; বিশ্বশান্তিৰ বাবে জাতিবোৰৰ মাজত শক্তিৰ সমতা হলেই নহব, শক্তিৰ মিলন হ’ব লাগিব। সম্পত্তিৰ নিচিনাকৈ এটা জাতিৰ শাসন আন এটা জাতিলৈ হস্তান্তৰিত কৰিবৰ কাৰো অধিকাৰ নাই।”⸺উড্ৰো উইলছন।

৫। “মানুহ জাতিৰ আদৰ্শ লাভৰ সুদীৰ্ঘ কাৰ্য–সূচী, অধিক সুন্দৰ আৰু অধিক সুখী জগত এখনৰ কল্পনাৰ উপলব্ধি, সময়সাপেক্ষ; কিয়নো মানুহ আৰু জগত উভয়েই গঢ়নিৰ বাটত। পিতৃভক্ত পুত্ৰসকলে যেনেকৈ পিতৃৰ উদ্দেশ্য বা আজ্ঞা মানি ঘৰখন আদৰ্শৰূপে গঢ়ি তুলিবলৈ যত্ন কৰে, তেনেকৈ বিশ্বপিতাৰ জগতখন অধিক সুন্দৰ আৰু অধিক সুখী কৰি তুলিবলৈ চেষ্টা কৰাও তেওঁৰ শ্ৰেষ্ঠ সন্তান মানুহৰ কৰ্তব্য।” ⸺উইলিয়ম হাইড [ ২৩ ]

গূঢ়াৰ্থ

১। জীৱনৰ লক্ষ্য কি? আত্ম-উপলব্ধি।
২। প্ৰকৃত জীৱন কি? আত্মবোধ, আত্মস্মৃতি আৰু আত্ম-অনুভূতি।
৩। মহামৃত্যু কি? আত্ম-বিস্মৃতি।
৪। প্ৰকৃত ধৰ্ম কি? সত্য, ত্যাগ, সংযম আৰু ব্ৰহ্মচৰ্য্য।
৫। ধৰ্মলাভৰ উপায় কি? বাসনা-ত্যাগ।
৬। মহা পাপ কি? দুৰ্বলতা, ভীৰুতা, সংকীৰ্ণতা, পৰশ্ৰীকাতৰতা, স্বাৰ্থপৰতা আৰু কাপুৰুষতা।
৭। মহাপুণ্য কি? বীৰত্ব, পুৰুষত্ব আৰু মনুষ্যত্ব।
৮। মহাশক্তি কি? ধৈৰ্য্য, সহিষ্ণুতা, নিষ্ঠাভক্তি।
৯। মহাসম্বল কি? আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতা।
১০। মহাশত্ৰু কি? এলাহ, টোপনি, তন্দ্ৰা, জড়তা আৰু কাম।
১১। মহা মিত্ৰ কি? উদ্যম, উৎসাহ আৰু অধ্যবসায়।
১২। নৰকৰ মূল কি? কুসঙ্গ, অভিমান আৰু ভেদ-ভাৱ।
১৩। স্বৰ্গৰ মূল কি? সাধুসঙ্গ আৰু সজ্জন-প্ৰীতি।
১৪। দুখৰ মূল কি? অসন্তোষ, স্বাৰ্থপৰতা আৰু ইন্দ্ৰিয়-সেৱা।
১৫। সুখৰ মূল কি? সন্তোষ, পৰাৰ্থপৰতা, ইন্দ্ৰিয়-জয়।
১৬। বন্ধন কি? বিষয়ানুৰাগ আৰু ইন্দ্ৰিয়-ভোগ।
১৭। জগজ্জয়ী কোন? যি নিজ মন জয় কৰিছে।

সংকল্প

 ১। গোমোঠা-মুৱা নহম; হাঁহিমুখীয়া হম। ২। পাহৰা স্বভাৱ গুচাম; স্মৃতি- শক্তি বঢ়াম। ৩। খেলিমেলি ভাব এৰিম; একাগ্ৰতা শিকিম। ৪। সময়ৰ অসৎ ব্যৱহাৰ এৰিম; ছেগৰ আগচুলিত ধৰিম। ৫। বেয়া কামত পিছ হুহুঁকিম; ভাল কামত আগবাঢ়িম। ৬। দীৰ্ঘসূত্ৰিতা এৰিম; নেৰা-নেপেৰা গুণ ধৰিম। ৭। দুৰ্বলচিতীয়া নহম; সবল-মনা হম। ৮। আত্মবিশ্বাস নেৰিম; আত্ম-নিৰ্ভৰতা বঢ়াম। ৯। নীচাত্মিকা এৰিম, সৎসাহস জন্মাম। ১০। অদূৰদৃষ্টি নহম; দূৰদৃষ্টি বঢ়াম। ১১। তাৰ্কিক নহম; মিতভাষী হম। ১২। দুখবাদ এৰিম; আশাবাদ ধৰিম। ১৩। মাৰাত্মক চিন্তা এৰিম; সজ বিবেচক হম।

[ ২৪ ]

 

নীতি-কৱচ

 

ডিম্বেশ্বৰ নেওগ
অধিকাৰ, জ্ঞানাশ্ৰম
যোৰহাট

 

প্ৰথম প্ৰকাশ
২৫ ফাগুণ, ১৮৮৪ শক

 

[ ২৫ ]
 

উছৰ্গা


জ্ঞানাশ্ৰমৰ দ্বিতীয়া শিষ্যা
আমাৰ সৰু মাজু জীয়ৰী
শ্ৰীমতী সপোন মধুৰি (নিজৰা) আইদেৱলৈ

কেচা সোণ জীৱনৰ, পিতৃ-মাতৃ উভয়ৰ ‘সংসাৰ-মৰুক জীপ্ দি ৰাখিম’ বুলি মৰম নিজৰা তুমি নামিলা ভূমিত; গীত–বাদ্য-নৃত্য লৈ আনন্দ বিলাই সাজিলা আমোল-মোল মৰুৰ ফুলনি। নিয়তিৰ নীতি, আই, ঘূৰি আজি নিজে তুমি পশিবা সংসাৰ; দেখা পাবা বিভীষিকা তাৰ। সি চক্ৰবেহুত অকলে সোমাবা তুমি; বিপদৰ সপ্তৰথীহঁতে জানোচা সশস্ত্ৰে ধৰে বেৰি! সেইদেখি পিন্ধালোঁ তোমাক এই নীতিৰ কৱচ; আবৰি ৰাখিব সেয়ে মোৰ হৃদয়ৰ দৰে নিতউ তোমাক। আগবাঢ়া, আই মোৰ বিশ্ব-বিজয়িনী, সপ্তপদী গমনত সপ্তম সম্পদ লভি। জ্ঞানাশ্ৰম তথা গৃহস্থাশ্ৰমত যদি পিতাই তোমাক কৰিছিল কেতিয়াবা ৰূঢ় ব্যৱহাৰ, পাহৰি পেলোৱাঁ তাক এই মুহূৰ্তত; মাতৃ-জাতি তুমি আই, মাতৃয়ে যিদৰে দায় নধৰে পুত্ৰৰ, তুমিও সিদৰে মোৰ ক্ষমিবা জগৰ।

সংসাৰ-মৰুৰ শ্যাম   বটবৃক্ষ ৰূপা
 সম্ভাপীৰ সুখ পাপীৰ ত্ৰাণ;
পুণ্যবাট দেখুৱাতী  সৰগ-জীয়াৰী,
 আগবাঢ়া কৰি শান্তিস্নান।”

২৫ ফাগুন, ১৮৮৪
গুৱাহাটী
মৰমৰ পিতাদেৱেৰা
শ্ৰীডিম্বেশ্বৰ নেওগ

[ ২৬ ]
 

জীৱন-অমিয়া

[ক] সন্তু আৰু পাষণ্ড

 

‘শৈলে শৈলে হেৰা মাণিক নাপায়, গজে গজে মুক্তা নাই। সাধুও সৰ্বত্ৰ নাথাকে, চন্দন জানো বনে বনে পায়?”

 সংসাৰখন বৰ একা-চেকা। পিছে সাপৰ বাহ আৰু কাঁইটৰ মাজৰ পৰাই কেতেকী অনাৰ দৰে ইয়াৰ ভিতৰৰ পৰাই জীৱনৰ অমিয়া যিমান পাৰি সিমান থপিয়াই আনিব লাগিব, সাধু-সন্ন্যাসী হৈ সমাজৰ পৰা ফালৰি কাটি নহয়। দিন- ৰাতি, ৰ’দ-ঘাই আৰু গেলা-ডাৱৰীয়া বতৰৰ দৰে, সন্ত-পাষণ্ড আৰু ভাল-বেয়া লোক লৈয়েই চিৰকাল সমাজ। যুগে যুগে দেশে দেশে কত বুদ্ধ, কত যীশুৰ জন্ম হ’ল; কিন্তু সন্ততকৈ পাষণ্ডৰ লেখ অনুপাতত কেতিয়াও টুটা নাই।

 “বলিয়া হাতীক কোমল মৃণাল সূতাৰে বান্ধিবাঁ? বান্ধা;
 শিৰীষ পাহিৰে বজ্ৰমণি তুমি কাটিব খুজিছাঁ? কাটা।
 লোণ-সাগৰত মৌৰ টোপালেৰে মাধুৰ্য্য ৰচিবা? ৰঁচা;
 পাষণ্ডক সুধা-মাতেৰে ভুলাবা? ইহে বলিয়ালি, মিছা।”

 পঞ্চতন্ত্ৰ, হিতোপদেশ আদিৰ সাধুবোৰ সাধুৱেই; গল্প বা মিছা কথা নহয়। ডাৰুইনৰ অভিব্যক্তিবাদ শাৰীৰিক ক্ষেত্ৰত মানো বা নামানো, মানসিক আৰু নৈতিক ক্ষেত্ৰত হ'লে নামানি নোৱাৰি। চাৰি ঠেঙৰ দুঠেঙ বাহিৰত খহি পৰিলেও কুকুৰ, মেকুৰী বান্দৰ, শিয়াল, বাঘৰ স্বভাৱ বহুতৰ ভিতৰৰ সতকাই খহি নপৰে। টেনিছনে কবৰ দৰে (মানুহৰ ভিতৰৰ) নেজহীন বান্দৰ আৰু তেজপিয়া কুকুৰনেচীয়াৰ যেন মৃত্যু হওক! সাপে মোট সলায়, স্বভাৱ নসলায়।

 ‘বিদ্যা-বিভূষণ হলেও দুৰ্জন, কাষ নাচাপিবা বৰ;
 মণি-বিভূষিত হৈও বিষধৰ নহয় নে ভয়ঙ্কৰ?”

 জ্ঞান-লাভ ধৰ্ম-চৰ্চা আদিয়ে মেকুৰী বাঘ প্ৰভৃতিৰ স্বভাৱৰ উন্নতি যে নাসাধেই, কুকুৰৰ গাত পানী ঢালিলে জোকাৰ মাৰিলেই ওৰ পৰিল; তদুপৰি সি সমাজলৈ অধিক অপকাৰীহে হৈ পৰে, কিয়নো সেই জ্ঞান-ধৰ্ম ছলনাৰ উপায়হে হয়ঃ

‘সহজে সন্তুষ্ট হয় অল্প জ্ঞানী জন;
তাতোকৈ সহজে তুষ্ট বিশেষজ্ঞগণ।

[ ২৭ ]

অল্প-বিদ্যা ভয়ঙ্কৰী কিন্তু যেই জন,
ব্ৰহ্মই নোৱাৰে নিজে কৰিব ৰঞ্জন।

“থিতাতেই ৰোষ, থিতাতেই তোষ, ৰোষ-তোষ ক্ষণে ক্ষণে;
 ভয়ঙ্কৰ এনে উটনুৱা মন, প্ৰসাদো প্ৰমাদ গণে।”
 “বিদ্যা বিবাদত, ধন দম্ভালিত, শক্তি পৰ-পীড়নত,
 পাষণ্ড আচাৰ; সাধু ব্যৱহাৰ জ্ঞান, দান, ৰক্ষণত।

 পানী যেনেকৈ নিতে নামলৈ বয়, মাধ্যাকৰ্ষণে যিদৰে সকলোকে তললৈ টানে, দুৰ্জনৰ সঙ্গয়ো সেইদৰে সুজনৰ বিকাৰ ঘটাব পাৰে; গতিকে তাৰ বিৰুদ্ধে সদায় সচেতন হ'ব লাগে।

“দুঃমন্ত্ৰণাত নষ্ট হয় নৃপবৰ;
যতি নষ্ট হয় হলে আসক্তি ভোগৰ;
লালন-পালনে অতি পুত্ৰ নষ্ট হয়;
বেদ-অধ্যয়নহীনে বিপ্ৰত্ব বিলয়;
কু-তনয়ৰ পৰা জানা হয় কুল নাশ;
শীল নষ্ট হয় চাপি পাষণ্ডৰ কাষ;
সুৰা পানে লাজ, বিনা-আপডালে খেতি;
প্ৰবাসত স্নেহ আৰু অপ্ৰণয়ে মৈত্ৰী;
নিয়ম-ভঙ্গত হয় সমৃদ্ধিৰ হ্ৰাস;
ত্যাগ-প্ৰমাদত জানা ধনৰ বিনাশ।
দুৰ্জন-সংসৰ্গ ত্যাগ কৰা ততালিকে;
সাধু-সমাগম ভজাঁ নাপেক্ষি তিলেকে।
নিত্যে এই অনিত্যক কৰি বিস্মৰণ;
পুণ্য কৰাঁ অহোৰাত্ৰ নৰ-নাৰীগণ।

[খ] ৰক্ষা, সজ সঙ্গ

 গতিকে জীৱনৰ অমিয়া পাবলৈ হ'লে সৰ্বপ্ৰথম আৱশ্যকতা হ’ল⸺ নিৰ্ভয়তা বা আত্মৰক্ষা; অৰ্থাৎ যিহেতুকে সমাজ জুৰি থকা পাষণ্ডবোৰক কোনো যাদু-বিদ্যাৰ বলেৰে কোনেও কেতিয়াও নিৰ্মূল কৰিব পৰা নাই আৰু নোৱাৰেও, তেন্তে সেইবোৰৰ পৰা নিৰাপদে থাকিবলৈ, জানিবা নিগনি হ'লে মেকুৰীৰ হাতোৰাই ঢুকি নোপোৱা ঠাইত বাস কৰিবলৈ, লোৱাই প্ৰথম কথা। দ্বিতীয়ত আৰু তাৰ লগে লগে সৎ সঙ্গ বা সজ বন্ধু-লাভো জীৱনৰ অমিয়া উপভোগৰ বাবে আৱশ্যকীয়। [ ২৮ ]

‘সংসাৰ বিহৰ বিৰিখত ফল অমৃত উপম দুটিঃ
কাব্যামৃত-ৰস-আস্বাদন আৰু সজ্জন আলাপ-প্ৰীতি।’

 নিজত বন্ধুৰ গুণ নাথাকিলে আনক বন্ধু পোৱা টান; বন্ধু পালেও বন্ধুত্ব বান্ধি ৰখা আৰু কঠিন। বন্ধুৰ গুণবোৰ বাহিৰত আৰু দোষ দেখিলে ভিতৰি তেওঁক অকলে বেয়া নোপোৱাকৈ ক’ব লাগে। ধাৰলৈ কেতিয়াও কাৰো পৰা আৰু কাকো ধন বা আন বস্তু অনা বা দিয়া অতি অন্যায়, অন্ততঃ বন্ধুৰ পৰা বা বন্ধুক।

‘আছিল সুহৃদ মোৰ, আৰু মোৰ ধন;
সুহৃদক দিলোঁ ধাৰে, (হৰষিত মন!)
সাধিলোঁ, সুহৃদ্ হেৰা, দিয়া মোৰ ধন';
হেৰুৱালোঁ সুহৃদক; হেৰুৱালোঁ ধন।’

[গ] বিৎ-বিদ্যা-বুদ্ধি

 “আটাইতকৈ আগ হৰি-কথা। তাতোকৈ আগ চাউল কঠা॥” ধন- সম্পত্তি নহ'লেও জীৱনৰ অমিয়া পাব নোৱাৰি।

‘মগনিয়া এটি গই মৰিশালিলই
পৰি থকা শৱটিক ক'লে, ‘ভাই অই!
ধৰাঁ ই দুখৰ মোৰ মেটমৰা ভাৰ।’
কাকুতিতো শৱটিৰ নাই কাণ-সাৰ।
মগনিয়াটিৰ হ’ল জ্ঞান ফৰকাল⸻
‘মৃত্যু দাৰিদ্ৰতকৈ শত গুণে ভাল।’

 ধন-সম্পত্তি ঘটাই কথা নহয়, তাৰ সংৰক্ষণ আৰু পৰিচালনা শুদাশুদি বুলি ভাবিব নোৱাৰি।

‘তিৰুতা, পুৰুষ, ঘোৰা, পুথি, তৰোৱাল,
বীণ, শব্দ, এই সাত বেয়া নে কি ভাল;
চলোৱাৰ ওপৰত সকলো নিৰ্ভৰঃ
চলাব জানিলে সোণ, নহ'লে গোবৰ।”

 ইফালে অতি-সম্পত্তিও বিপত্তিৰ হেতু হ'ব পাৰে; তাৰ বাবে হামৰাও কাঢ়ি ফুৰাও বেয়া—

“তাকৰ সৰহ যি ধন ধাতাই থলে কপালত ধৰি,
তাকে পাবা মেৰু–মৰু য'তে ভ্ৰমা, নাই তাৰ হীন-ডেঢ়ি।

[ ২৯ ]

ধীৰ হোৱাঁ; মিছা ধনীৰ সেৱক নহবা ধনৰ হকে;
নাদ বা সাগৰ য’ৰে পানী আনা, ঘটত ধৰিব একে৷”

 “বাপৰ ধনেও নাটে, পাপৰ ধনেও নাটে।” ৰূপৰ চামুচ মুখত লৈ উপজিলেও নিজৰ কামিলা গুণ নহলে জীৱনৰ অমিয়া উপভোগ কৰিব নোৱাৰি।

“শুই সপোনত দেখোঁ, জীৱন সুন্দৰ!
উঠি দিঠকত চাওঁ, কৰ্তব্যৰ ঘৰ!!”

 পঞ্চম আৰু এই সকলো সামৰা শ্ৰেষ্ঠ গুণ হ'ল বুদ্ধি। জীৱনৰ অমিয়া পাবলৈ বিদ্যাই যথেষ্ট নহয়, বিচাৰ লাগে।

“আকাশ চেপেটা? জুই জোন-পৰুৱাৰ?
এটাও নহয় ঠিক, বিচাৰ বিকাৰ!!”

 বুদ্ধিৰ নাটনি হলে একোৱে তাক ঢাকিব নোৱাৰে—

“অগ্নিক পানীৰে, ৰ’দক ছাতিৰে, বনৰীয়া হাতী ধৰি
চোকা অঙ্কুশেৰে, এচাৰিৰে গৰু-গাধক শাসিব পাৰি;
ৰোগৰ ঔষধ, বিষৰ মন্ত্ৰাদি শাস্ত্ৰই ৰাখিছে বান্ধি;
মুঠে এটি কথা, মূখৰ ঔষধ কোনেও নাপালে চান্দি।”


বচন-মুকুতা

[ক] সৰল আৰু চতুৰ

 সজ হোৱাঁ; যাৰ মন যায় টেঙৰ হওক। সজ হ’ব নোৱৰা গুণেই শিয়াল টেঙৰ। কামত সজ, ভাবত সজ, কথাত সজঃ সেয়ে কায়-মনোবাক্যে সজ হোৱা।

 শুদা সজ হ'লে নহব, কামিলাকৈ সজ হ’ব লাগিব; অসজৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে সম্পূৰ্ণ সজ হোৱা নহল। মূৰ্খক তাৰ মূৰ্খালি আৰু ধূৰ্তক তাৰ ধূৰ্তালিৰ ভাষাৰে সমিধান দিব জানিব লাগিব; বুদ্ধদেৱে পুত্ৰ-মোহ-মুগ্ধা মাতৃ আৰু অসৎ সন্ধানত চলা ডেকা দলক কেনে সমিধান দিছিল! সজ গুণ দেৱদূত, পাছে জন্মান্ধ; সজ বুদ্ধিয়ে তেওঁক হাতত ধৰি নিব লাগিব। শান্তিত বিশ্বাস ৰাখিবা; পাছে ইপিনেও খাৰ-বাৰুদ শুকুৱাই থবা।

 চকুৱে বিশ্বাসে নিজক, কাণে আনক। বিশ্বাসযোগ্য নোহোৱা কথা হ'লে বিশ্বাস কৰিব পাৰি। আকৌ, কাণ দুখন, জিভা এখন; এতেকে যিমান শুনা, তাৰ [ ৩০ ]

আধাতকৈ সৰহ নকবাই; তাকো কাক, ক’ত, কেতিয়া, সকলো গমি-পিতিহে। পানীক শলাগিবা, পিছে যধে মধে তাতে নানামিবা।

 সমাজ কুট-কুশলীৰে ভৰা; অতি আপচু কথা সুললিতকৈ ক'ব আৰু অতি আপচু কাম শুৱলাকৈ কৰিব জনাজনেই কূট-কুশলী। তেওঁৰ ‘হয়’ মানে ‘হব পাৰে’, তেওঁৰ ‘হব পাৰে’ মানে ‘নহয়’; আৰু ‘নহয়’ বুলিলে তেওঁ কুট- কুশলীয়েই নহয়। এনে লোকক চুঙা চাই সোপা দিবলৈ হ'লে পোনপটীয়াকৈ কবা; অৱশ্যে ওলটাটোকে বুজি ল’ব।

 অসত্য সততে সিংহাসনত, সত্য সদায় ফাচিকাঠত; ভুলতো এই কথা নাপাহৰি সত্যৰ পথত চলিবা। ধৰ্ম যুজহে, সপোন নহয়; এই যুজৰ ফল আত্মিক সস্পদ আৰু ঐহিক বিপদ স্বাভাবিক। সঁচা কবাঁ, লাঠি খাবা; মিছা কবা, আটাইৰে আপোন হবা; দৈত্য সমাজৰ এই বামানয় শাস্ত্ৰ চিচিৰকৈ ফালি সজ পাঠ দিবলৈ প্ৰহ্লাদৰ সাহপিত বুকত বান্ধিব লাগিব। চিৰকলীয়া সম্মানৰ লেৰেলি নোযোৱা প্ৰতিভাৰ মালাই কাঁইটীয়া লতাৰ ফুলৰ।

 ভক্ত ভগৱন্তৰ ভদ্ৰলোক, আৰু বিষ্ণুৰ লেখীয়া জনহে বৈষ্ণৱ। ভগৱন্তৰ ফলীয়া এজনেই সৰহ ভাগ। প্ৰথম পাষণ্ডৰ পাষণ্ডালি আৰু প্ৰথম মূৰ্খৰ মূৰ্খালি লগ লাগি সমাজত ধৰ্মৰ বেপাৰ চিৰকাল চলিছে; দেৱ-দেৱী বা ঈশ্বৰৰ নাম এই বেপাৰৰ মূলধন। সেইহে খৃষ্ট জন্মৰ পাঁচ-ছয় শত বছৰৰ আগতে ভাৰতবৰ্ষত বুদ্ধদেৱে আৰু চীন দেশত লাওছে আৰু কন্ফু‌ছিয়াছে ঈশ্বৰ-বিহীন অহিংসা ধৰ্মৰ প্ৰচাৰ কৰিছিল।

 অহিংসা নিষেধাত্মক গুণ নহয়, আদেশাত্মকহে; হিংসা নকৰিলেই অহিংসা নহয়ঃ “মৰমেই ধৰম”হে তাৰ বাণী। পিতাকৰ আদেশ-আদৰ্শ নামানিও কথায় কথায় পিতাৰ নামত মূৰ দোওঁৱা আৰু ঈশ্বৰৰ সৃষ্ট জীৱৰ প্ৰতি দয়া-প্ৰীতি নাৰাখি ধাৰ্মিকৰ মুখা পিন্ধাও অধাৰ্মিক ধাৰ্মিকতা নিশ্চয়।

 দুটা নিষেধাত্মক শব্দই এটা প্ৰত্যয়াত্মক ভাব বুজাব পাৰে; পাছে দুটা মিছাই এটা সঁচা বা দুটা অন্যায়ে এটা ন্যায় সাজিব নোৱাৰে। ধৰ্মান্ধতাও ধৰ্ম নহয়, ধৰ্মমূলক তীব্ৰতাও অধৰ্মৰ ফালে ঢাল লয়; ধৰ্ম-প্ৰচাৰকৰ অসহিষ্ণুতাও কলিৰ “খোৰাকি”, আৰু পাপক পুণ্যই দিয়া কৰ-পচাই কপটালি। যিমান বৰ সাধুবাদ, সিমান বৰ অপ্বা‌দ। মহতৰ খুত ক্ষুদ্ৰৰ চেলু।

 জ্ঞানীয়ে আটাই কথা জানে; চতুৰে আটাই মানুহ চিনে; ই জ্ঞান নহয় নিশ্চয়। আনক জনাজনক বিদ্বান বুলিব পাৰি, নিজক জনাজনহে জ্ঞানী। হিত- কথা আটাইৰে কাণত পৰে, অকল জ্ঞানীয়েহে শুনে। আকৌ, শ্ৰোতৃ-মণ্ডলীক স্থিৰ মতৰ পৰা কথাৰে পিচলাই নিব পৰা শক্তিয়েই বাগ্মিতা। বাগ্মিতাৰ লক্ষ্য [ ৩১ ]

ফুচুলনি, সত্যতা নহয়। ভাবৰ গভীৰতাত যিখিনি টুটে, ভাষাৰ দীৰ্ঘতাৰে বাগ্মীয়ে তাক পূৰণ কৰিবলৈ বিচাৰে। দেশ-প্ৰেম বা ধৰ্মই হেনো পাষণ্ডৰ শেষ আশ্ৰয়।

 ব্যাকৰণ ভাষাৰ যুক্তি, যুক্তি বিচাৰৰ ব্যাকৰণ। ঠৰঙা মত সদায় ভুল; আকোৰ-গোজালিয়ে মত ধৰি নাথাকে, মতেহে তেওঁক ধৰি থাকে। মত নসলায় আন দুটা ‘ম’ই ⸺ মৃতই আৰু মূৰ্খই; কিন্তু তেজপিয়াৰ দৰে মুহূৰ্তে মুহূৰ্তে মত সলোৱা জনৰো স্বভাৱৰ লেঠা বুলি বুজিব লাগিব। “আপোছ” ভাল টম্বু, পাছে তাৰ তলত জীৱন কটাব নোৱাৰি; আকৌ মূল-নীতিৰ “আপোছ” নিতান্ত নিন্দনীয়। সতী আৰু অসতীৰ মাজৰ “আপোছ” অৱস্থা কি আছে?

 জনতাৰ মূৰ বহুত, মগজ তাকৰ; গতিকে তাত শলাগ লাজ আদি বস্তুও পাবলৈ নাই। সৰহ সংখ্যক সদায় ভুল, তাকৰ সংখ্যক প্ৰায়েই ঠিক; এতেকে এজনৰ লগত একমত হওঁতা সৰহ ওলালে ভুলৰ আশঙ্কা কৰিব পাৰি। ধনে মাতিলে সত্য নিমাত হয়।

 য'ত জ্ঞান তাকৰ, ত’ত কথা সৰহ; আকৌ, য’ত তাকৰ কথা, ত’ত সৰহ তুতি। প্ৰকৃত ধৰ্ম–প্ৰাণ জনৰ কথাই চকুলো টোকে, চকুলোৰে কথা কয়; চকু- পানী আত্মাৰ বসন্তৰ বৰষুণ। যি পাপ কৰে সি মানুহ; তাৰ বাবে যি অনুতাপ কৰে তেওঁ দেৱতা, যি গপ কৰে সি পিশাচ।

 কাউৰীৰ লগত থাকিলে কপৌৰ পাখি ক’লা নহয়, অন্তঃকৰণহে ক’লা পৰে; পাছে বগলীৰ লগত থাকি কাউৰীৰ একোৱেই বগা নহয়। খোৰাৰ লগত থাকিলে তুমিও খোৰাবলৈ ধৰিবা; পাছে তোমাৰ লগত থাকি খোৰাৰ খোজ পোন নহয়; কেকোৰাকনো কোনোবাই পোন হৈ খোজ কাঢ়িবলৈ শিকাব পাৰেনে?

 

[খ] জ্ঞান আৰু শিক্ষা

 

 কোনেও কাকো কোনো কথা শিকাব নোৱাৰে; নিজৰ ভিতৰত খেপিয়াই চাবলৈ সকিয়াব পাৰে। সূৰ্য্যৰ যেনেকৈ প্ৰকৃততে উদয় বা অস্ত নাই; ওলোৱা বা লুকোৱাহে আছে, জ্ঞান বা ঈশ্বৰৰ কথাও তেনেকুৱাই; “অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন মণিক সাক্ষাত।”

 জ্ঞানতকৈ পৱিত্ৰ বস্তু সংসাৰত নাই, সচা; পাছে সি এটা চিচাৰ পৰা আন এটা চিচাত বাকী দিব পৰা পন্য নহয় দেই। পিয়াহ নলগা গৰুক পানীৰ মাজলৈ টানি নিব পাৰা, পাছে পানী পিয়াব নোৱাৰা : “নোধোওঁ গা, ধুৱালি, নাখাওঁ ভাত, খুৱালি; নিগিলোঁ কি কৰ্‌ কৰ্‌।’ ভোক নলগা লৰাক কতিয়াই খুৱাবলৈ যাবা নে তেওঁৰ ভোক লগাবলৈ চাবা?

[ ৩২ ]
 

প্ৰীতি-কৱচ

 


ডিম্বেশ্বৰ নেওগ

 

[ ৩৩ ]
 

(ক) নীৰৱ তুতি

 

মোক তোমাৰ শান্তি-দৃত পাতাঁ : য’ত ঘিণ, ত’ত
প্ৰেম, য'ত জগৰ ত’ত ক্ষমা, য’ত সন্দেহ ত’ত
বিশ্বাস, য’ত হতাশ, ত’ত আশা, য’ত আন্ধাৰ,
ত’ত পোহৰ, য’ত বেজাৰ ত’ত আনন্দ যাতে
মই বিলাই দিব পাৰোঁ।

মোক তোমাৰ এনে প্ৰসাদ দিয়াঁ⸺ শান্ত্বনা
বিচৰাতকৈ দিবলৈ, স্নেহ পোৱাতকৈ বিলাবলৈ,
আনক বুজোৱাতকৈ বুজিবলৈ যেন মই সমৰ্থ হওঁ;
কিয়নো দান নকৰিলে পাব নোৱাৰি, ক্ষমা নিদিলে
লভিব নোৱাৰি, মৰণ নকৰিলে জীৱন পাব নোৱাৰি।

 অসতৰ পৰা মোক নিয়াঁ সতলৈ,
 তমসৰ পৰা মোক নিয়াঁ জ্যোতিলৈ
 মৃত্যুৰ পৰা মোক নিয়াঁ অমৃতলৈ।

 বিশ্বত সদউ সুখী হোক,
   নিৰাময় হোক সকলোটি:
 সজ ভদ্ৰ সবাকে দেখোক,
   দুখভাগী নোহক কোনোটি।

 

(খ) আজি

 

(১) কালি তুমি ব্যগ্ৰ হোৱা কাইলৈটোৱেই আজি।

(2) আজিটো আমাৰ আটাইতকৈ বৰ সম্পত্তি, কিয়নো ইয়েইহে নিশ্চিত।

(৩) কালিটো এটা সপোন, কাইলৈটো এটা কল্পনা, আজিটোৱেই জীৱনৰো জীৱন।

(৪) আজিটো সুন্দৰকৈ কটোৱাঁ; দেখিবা, কালিটো এটা সুখৰ সপোন আৰু কাইলৈটো এটা আশাৰ কল্পনাত পৰিণত হৈছে। [ ৩৪ ]

(৫) দয়ালু পোহৰ, মোক নিয়া বাট দেখুৱাই;
 ভৰিৰ খোপনি যেন নিপিচলে আৰু হায়!
 সুদূৰ ভৱিষ্যৎ, তাত ভুমুকি নামাৰোঁ গই;
 এখোজ আগলৈ, আৰু একো নিবিচাৰোঁ অই!

(৬) কাইলৈৰ কাৰণে ভবা তোমাৰ অনধিকাৰ চৰ্চা; আজিটোহে তোমাৰ সম্পূৰ্ণ নিজা, আচুতীয়া।

(৭) কালি আৰু কাইলৈক লোহাৰ কপাটত সুমুৱাই, খুন্দ খোৱা আজিত জীয়াই থাকা পূৰাকৈ।

(৮) কাইলৈ তুমি মোৰ অনিষ্ট কৰিব খুজিছা, কৰিবাঁ; আজিটো মুঠেই ভালকৈ জীয়াই থাকিবলৈ দিয়াঁ।

(৯) আজিটোৱেইহে জীৱন; কালিটো নাছিল, কাইলৈটো নহ'ব।

(১০) আজিটো কেনে বিনন্দীয়া! ইয়াক হাততে মলঙি যাবলৈ দিলে হ’লে দুহাতে হিয়া-মূৰ ভূকুৱাইয়ো ঘূৰাই নোপোৱা।

(১১) বিপল, পল, দণ্ড, প্ৰহৰ⸺ইহঁতৰ সমষ্টিয়েই আজিটো : ইহঁতৰ আঁহে আঁহে জীয়াই থকাই জীৱন।

(১২) টোপনিয়ে মৰণে সমান; এতেকে তোমাৰ প্ৰত্যেক আজিটোৱেই একোটা নতুন জীৱন বুলি বুজিবাঁ।

 

(গ) উদ্বেগ

 

(১) ‘উদ্বিগ্ন হোৱা’ আৰু ‘চিন্তাযুক্ত হোৱা’ দুটা সুকীয়া কথা। আগৰটো অলপ ধতুৱাৰ পৰিচয়, পিছৰটো কথা-গৰকা স্বভাৱৰ চিনাকি।

(২) উদ্বেগ এচকুৱা দৈত্য, তাৰ দিশ্‌ বিদিশ্‌ জ্ঞান নাথাকে; চিন্তা জ্ঞানী, ই আগ-পিছ গুণে।

(৩) উদ্বিগ্নতাই উপায় হেৰুৱায়, চিন্তাই উলিয়ায়।

(৪) উদ্বেগৰ গুৰি ভয়, চিন্তাৰ গুৰি সাহ।

(৫) ‘মই ইমানবোৰ বৰ বৰ বিপদত পৰিছিলোঁ! সৌভাগ্যক্ৰমে সেইবোৰৰ সৰহখিনিয়েই বাস্তৱতে নঘটিল।’

(৬) আমাক কেতিয়াবা তপত ভাতৰ ধোৱায়ো গিলিব খোজে! ভয়ৰ সৰহভাগেই অলীক। [ ৩৫ ] (৭) উদ্বিগ্নতাত জুৰ বিচাৰ-শক্তি লোপ পায় আৰু স্বভাৱ খিট্খি‌টীয়া হয়।

(৮) ভয়, উৎকণ্ঠা, ঘৃণা, অতিশয় আপোনপটীয়া স্বভাৱ, এইবোৰেই বহুতৰ কাল হয়।

(৯) উদ্বিগ্নতাৰ মাত্ৰা বাঢ়িলে পেটৰ ঘা আৰু স্নায়ুৰ অনিষ্ট হয়।

(১০) ঘন ঘন উদ্বিগ্নতাৰ পৰা তেজৰ উচ্চ চাপ আৰু বাত ৰোগ আদিও হয় বুলি কয়।

(১১) উদ্বিগ্নতা মানসিক দুৰ্বলতা; যিজনে সময়ত বৰ বৰ বিপদৰ লগত ফেৰ পাতিব পাৰে; তেনেজনো কেতিয়াবা সামান্য কথাত ঢলি পৰে।

(১২) উদ্বিগ্নতাৰ গুণ নাই, দোষ বহুত; তাকে বুজি তাক কেতিয়াও লাই দিব নালাগে।

 

(ঘ) সমাধান

 

(১) একেবাৰে নজনা বা ভালদৰে জনা কথাত উদ্বিগ্নতা জন্মিব নোৱাৰে।

(2) মুনিচুনি বেলি আৰু দোকমোকালিতহে বাদুলীৰ দৰে সন্দেহে জাক পাতে।

(৩) উদ্বিগ্নতাৰ মূলৰ ওপৰতু সেইদেখি পোনতে বিচাৰ বাঁতিৰ পোহৰ পেলোৱাঁ।

(৪) অস্থিৰ নহৈ আৰু আড়ম্বৰ নকৰাকৈ বাস্তৰভাৱে কথাটোৰ স্বৰূপ বুজি লোৱাঁ।

(৫) ভালৰো ভালটো আশা কৰাঁ, কিন্তু বেয়াৰো বেয়াটোৰ বাবে সাজু হোৱাঁ।

(৬) ভয়ৰ স্বভাৱ গুচাই যুজৰ মনোবৃত্তি গঢ়াঁ।

(৭) চাপৰিলে যদি মেঘ নেৰায়, সেই মেঘ একেবাৰে উৰাই দিব নোৱাৰিলেও তাক যিমান পাৰি পাতল কৰি পেলোৱাঁ।

(৮) ঘাই কথাটো ফঁহিয়াই চোৱাঁ আৰু তাৰ উপায়-অপায় বাচি লোৱাঁ। [ ৩৬ ]

(৯) অপায়ৰ হাত একেবাৰে সাৰিব নোৱাৰি যদি, সেইখিনিৰ লগত যুজাঁ।

(১০) যুজৰ বাবে যিখিনি হানি-বিঘিনি ঘটে তাক স্বাভাৱিক বুলি মানি লোৱাঁ।

(১১) “হাৰিয়া জিনয় কতো জিনিয়া হাৰয়। কতো কালে ক্ষত্ৰিয়ৰ নাহি পৰাজয়॥”

(১২) দোঁ নাখাবা, ভাঙিব লাগিলে ভাঙক; ই তোমাৰ নৈতিক জয়।

 

(ঙ)

 

(১) শত্ৰুকো ভাল পাব লাগে; নিতান্তই ভাল পাব নোৱাৰিলেও শত্ৰুলৈ বুলি পেটত ফেটীগোম নুপুহিবাঁ।

(২) শত্ৰুৰ অনিষ্ট সাধন নকৰাৰ কথা ভাবিব নোৱাৰাঁ? নালাগে; নিজৰ অনিষ্ট সাধন নহ'বৰ বাবেই পোতক তোলাৰ মাৰাত্মক ভাব এৰি পেলাবাঁ।

(৩) লৰোঁতাৰ যিমান ভাগৰ, খেদোঁতাৰ ভাগৰ তাতকৈ তাকৰ নহয়।

(৪) উৎকট প্ৰতিহিংসাৰ জুইত শত্ৰু পুৰি ছাই হওক–নহওক, তোমাৰ স্বাস্থ্য আৰু শান্তি পুৰি ছাই হোৱাটো ধূৰূপ।

(৫) বোকা দলিয়ালে শত্ৰুৰ গাত লাগিবও পাৰে, নালাগিবও পাৰে; কিন্তু তোমাৰ হাতখন যে লেতেৰা হ'ব ই নিশ্চিত।

(৬) কোনোবাই তোমাক ঠগিলে! ডকা দিলে? তাকে মনত পাগুলি নাথাকিলে সি একো লেখৰ কথা নহয়।

(৭) তুমি কৰা উপকাৰৰ কোনোবাই শলাগ নল'লে, নলক; তাৰপৰা তোমাৰ অপকাৰ হ’ব তাকে উমাই থাকিলেহে।

(৮) বিহ গছৰ দৰে অকৃতজ্ঞতা স্বভাৱৰ আৰু গোলাপৰ দৰে কৃতজ্ঞতা শিক্ষাৰ শহ বুলি জানিবাঁ।

(৯) মানুহ সৰহ-তাকৰ অৱস্থাৰ দাস; এই কথা গমি চালে কালৈকো তোমাৰ আক্ৰোশ নজন্মিব।

(১০) জিৰণি উদ্বিগ্নতাৰ এক ঔষধ; শৰীৰৰ ক্ষতি পূৰণহে প্ৰকৃত জিৰণি। [ ৩৭ ]

(১১) সামান্য কথাত ধৰফৰ-ধাৰফাৰ নকৰিবাঁ; এৰাব নোৱাৰিলেও এটা কথাত যিমানখিনি উদ্বেগ লাগিব পাৰে, তাতকৈ সৰহ ব্যয় নকৰিবাঁ।

(১২) পৰি যোৱা গাখীৰৰ লগত চকুপানী মিহলাই লাভ কি?

 

(চ) হিত বাণী

 

(১) বেলিৰ তলত, প্ৰতি ৰোগৰেই, ভাই,
 হয় বা ঔষধ আছে; নহয় বা নাই।
 আছে যদি যতনেৰে বিচাৰি উলিৱাঁ;
 নাই যদি চিন্তা তাৰ বিসৰ্জন দিয়াঁ।

 (২) সলাব নোৱৰা কথা মানি লবলই,
 সলাব পৰাক সলনিত দিব লই,
 দিয়া মোক মনোবল আৰু দিয়া জ্ঞান:
 সলাব নোৱৰা-পৰা চাওঁ পৰিমাণ।

(৩) “চিন্তা” “চিতা” এই   দুইৰো মাজত
  চিন্তা গৰিয়সী বোলে,
 নিৰ্জীৱক পোৰে   চিতাই; চিন্তাই
  দেহ জীৱে সৈতে গিলে॥

(8)তাকৰ সৰহ   যি ধন ধাতাই
  থ’লে কপালত ধৰি,
 তাকে পাবাঁ, মেৰু   মৰু য’তে ভ্ৰমা
  নাই তাৰ হীন-ডেঢ়ি।
 ধীৰ হোৱা,   মিছা ধনীৰ সেৱক
  নহ’বা ধনৰ হকে;
 নাদ বা সাগৰ   য’ৰে পানী আনা,
  ঘটত ভৰিব একে।

(৫) লোভেই থাকিল যদি, গুণ বিড়ম্বন;
 পৈশুন্য থাকিলে ক’ত পাতক মোচন?
 তপস্যাৰ আৱশ্যক কিবা, সত্য হ’লে;
 তীৰ্থ কি কাৰণ বাৰু মন শুচি ৰলে?

[ ৩৮ ]

 সৌজন্য থাকিলে কিয় আত্মীয় স্বজন?
 সুমহিমা আছে? ⸺কিয় লাগিছে ভূষণ?
 সুবিদ্যা আছয়? ⸺তেন্তে কি সকাম ধন?
 কুখ্যাতি আৰ্জিছাঁ? ⸺মৃতুৎ কিবা প্ৰয়োজন??

(৬) জন্তু আৰু গছে সহে নিন্দা দুখ ভোক।
 তেনে সহনীয় গুণ দিয়া হ'লে মোক।

(৭) মন্ত্ৰত নলগা আখৰ নোপোৱা
  ঔষধ নোহোৱা শিয়া;
 অযোগ্যনো কোন? যোজক দুৰ্লভ
  ঠিকে-ঠাকে জোৰা দিয়া।

(৮) ঋণ অৱশেষ,  অগ্নি অৱশেষ,
  ব্যাধিৰ নথবা শেষ;
 তিলে তাল হয়  জানা, ই তিনি
  যিহেতু নাৰাখাঁ লেশ।

(৯) জানিবাঁ একেই  অতিথি বালক
  আৰু ৰাজা-ভাৰ্য্যাচয়;
 আছে নাই একো  নকৰে বিচাৰ
  দে-হি দে–হি ঘনে কয়।

(১০) দুৰ্বলৰ বল  ৰজা, ছৱালৰ
  কান্দোন কেৱল বল;
 মূৰ্খৰ মৌনতা,  চোৰৰ মিছালি,
  দিয়ে জানা একে ফল।

(১১) খাৰুৱে নোশোভে হাত, দানে শোভা কৰে;
 চন্দনত শুদ্ধি নোহে, হোৱে সি স্নানেৰে।
 ভোজনত তৃপ্তি নাই, আছে সন্মানত;
 জ্ঞানতহে মুক্তি আছে, নাই মুণ্ডনত।

(১২) দুৰ্জন সংসৰ্গ ত্যাগ কৰা ততালিকে।
 সাধু সমাগম ভজাঁ নাপেক্ষি তিলেকে॥
 নিত্যে এই অনিত্যক কৰি বিস্মৰণ।
 পুণ্য কৰাঁ অহোৰাত্ৰ নৰ-নাৰীগণ॥

[ ৩৯ ]
 

(ছ) অদৃষ্ট

 

(১) দোকানীয়ে দুৱাৰ মাৰি লৈ গধূলি দিনটোৰ অৰ্জনৰ লেখ লয়; তুমি কিহৰ লেখ ল’বা? ওৰে দিন ধৰি ধন বিতেৰে নহ'লেও গা-ৰে, গাৰে নহলেও মুখৰ সহানুভূতিসূচক সহায় বা মাত আষাৰেৰে হাঁহি বিৰিঙাব নোৱাৰিলেও দুখ পাতলালা কেইজনৰ? স্বৰূপতে সেইহে তোমাৰ লেখৰ সম্পত্তি।

(২) তুমি নিজৰ মনৰ দুখ গুচাব পৰা নাই? তেন্তে আনৰ দুখ চাবলৈ যত্ন কৰাঁ; তেতিয়া তোমাৰ দুখ আপোনা আপুনি গুচিব।

(৩) তুমি আনৰ উপকাৰী? তেন্তে তুমি নিজৰ উপকাৰীতকৈও উপকাৰী বুলি বুজিবাঁ।

(৪) পৰোপকাৰী কামত নিজক লগাই ৰাখাঁ; ইয়ে নিজক দোধোৰ-মোৰ ৰোগৰ পৰা মুক্ত কৰিবৰ বাবে আজিলৈকে ওলোৱা আটাইতকৈ মহৎ ঔষধ।

(৫) নিজৰ বেলিকাও সাঁকো নৌ পাওঁতেই তাৰ ওপৰেদি নবগাবাঁ; বিপদ বাস্তৱতে আহিলে তাৰ সৈতে যুজিবৰ অস্ত্ৰ-শস্ত্ৰখিনি গোটাই ৰাখা।

(৬) “গতস্য শোচনা নাস্তি; সঁচা কথা; পাছে নিৰ্বিকাভাৰে আগৰ ভুলবোৰ ফঁহিয়াই তাৰপৰা অভিজ্ঞতা বাচি লৈ ভৱিষ্যতৰ উপকাৰত লগোৱাই বুদ্ধিমানৰ কাম।

(৭) ভুল হয় আটাইৰে; তাক ঘূৰাই কৰে মুৰ্খই, আনৰ বা নিজৰ ভুলৰ পৰা শিক্ষা লয় জ্ঞানীয়ে।

(৮) সুখৰ সামগ্ৰি হেৰালে সি যেন হেৰোৱাই নাই এনে ভাবিব পৰাই সুখ পুনৰ্লাভৰ উত্তম উপায়। আমাৰ চিন্তাই যি গঢ় দিয়ে সেয়ে আমাৰ জীৱন।

(৯) ভৱিষ্যতক গঢ় দিয়া ঐশ্বৰিক শক্তি আমাতেই লুকাই আছে। নিজে যিমান সুখী হ'বৰ আন্তৰিক যত্ন কৰা, তুমি সিমান সুখী : তাতকৈ সৰহ বা তাকৰ নোহোৱাঁ।

(১০) এডাল তাঁৰ ছিগিল? আন তিনি ডালতেই তোমাৰ সঙ্গীত সম্পূৰ্ণ কৰাঁ। এয়ে জীৱন, জীৱনৰ জীৱন, বিজয়ী জীৱন। [ ৪০ ]

(১১) অদৃষ্টই তোমাক টেঙা দিছে? নেমুটেঙা! তাৰে মিঠা চৰ্বত কৰি পেলোৱাঁ।

(১২) অদৃষ্ট তোমাৰ শতৰু? তাক জয় কৰিবলৈ বিচাৰাঁ? তেন্তে অদৃষ্টক মানি লোৱাঁ।

 

(জ) নিন্দা-প্ৰশংসা

 

(১) কোনোৱে তোমাৰ অন্যায় সমালোচনা কৰে? তেন্তে তাক ছদ্ম প্ৰশংসা বুলি সন্তোষৰ হাঁহি মাৰিবা। তোমাৰ গুণ বা মূল্যই লোকৰ ঈৰ্ষা উদ্ৰেক কৰিব পাৰিছে, ই তাৰ নিৰ্ভুল প্ৰমাণ। মৰা কুকুৰক গুৰিয়াব লাগিছে কিয়?

(২) এটা ধোবাই মহাত্মা কবীৰৰ সদায় নিন্দা গাই ফুৰে। ধোবাটো মৰিলত কবীৰে তাৰ স্মৃতি-তৰ্পণ কৰিলে এফাকি কবিতাৰে⸺

 “তই যে অকল কাপোৰৰ মলিকে গুচাইছিলি এনে নহয়; নোধোৱাকৈ
 মোৰ মনো চাফা কৰি ৰাখিছিলি, কিয়নো তোৰ ভয়ত মই পাপৰ ছাঁতো ভৰি নিদিছিলোঁ।

(৩) তুমি তোমাৰ মুখখন নেদেখাঁ, সেইদৰে দোষো নেদেখাঁ; অলপ অতিৰঞ্জিত কৰিলেও নিন্দকেহে পাছৰ বিষয়ত তোমাৰ দাপোণৰ কাম কৰে, গতিকে সি শলাগৰহে পাত্ৰ।

(8) প্ৰশংসাত তুমি ভাৱনাত সজোৱা মানুহটো যেন হোৱা; গতিকে সি তোমাৰ স্বৰূপ নহয়।

(৫) প্ৰশংসাই বিকৃত কৰে বুলিয়েই জ্ঞানীজনে তাক বিহৰ তুল্য বুলি বৰ্জন কৰে।

(৬) “যি ভাৱে দেখিবা তুমি সংসাৰ ভাৱনা,
 সেইভাবে গৰসিব তোমাৰ জীৱন।”
 দুঃখবাদীয়ে বিপদত অকল আপদ দেখে;
 সুখবাদীয়ে তাতে সম্পদৰ ৰেঙনি দেখা পায়।

(৭) “আমাৰ এ ধূপ না জ্বালালে, গন্ধ কিছুই নাহি
 ঢালে; আমাৰ এ দীপ না পোৰালে,
 দেয় না কিছুই আলো।”

[ ৪১ ]

(৮) বিপদতহে প্ৰকৃত চৰিত্ৰই গঢ় লয়। চৰিত্ৰ অব্যৰ্থ বীজ; বালি বকৰানি য’তে পৰক। সুবৃক্ষ গজি উঠিবই।

(৯) সহজবোধ শিক্ষাৰ ফল নহয়, উপফলহে; ই প্ৰকৃতিৰ দান, ইয়াৰ সৰহ পৰিমাণেই প্ৰতিভা।

(১০) শিকিবৰ ধাউতি নোহোৱাক শিকাবলৈ যোৱা আৰু চেচা লোহা পিটি গঢ় দিবলৈ চোৱা, একে কথা; তাৰ দ্বাৰা মানুহ পিটি গাধা কৰিব পৰা হয়, গাধা পিটি মানুহ কৰিব পৰা কেতিয়াও নহয়।

(১১) ‘ক্ষুদ্ৰ’ই হওক ‘মহা'ই হওক, ‘নিঃস্ব’ই বোলা বা ‘বিশ্ব’ই বোলা, বিদ্যালয়বোৰ শিক্ষাৰ বাটচ'ৰাহে। সেইবোৰকেই বৰ ঘৰ বুলি ভবাতেই যত আপদ।

(১২) বাহিৰৰ এমোণ পাণ্ডিত্যই ভিতৰৰ এতোলা সহজ-বোধৰো যোৰ নাপায়; পাছে নামটোহে সহজ, বোধটো সিমান সহজ নহয় আকৌ!

 

(ঝ) জ্ঞান-বয়স

 

(১) যেই কুৰি বছৰ থাকিব পাৰাঁ, থাকাঁ; পাছে পোনৰ কুৰি বছৰেইহে তোমাৰ জীৱনৰ আটাইতকৈ দীঘল কাল।

(২) আগ বয়সত দিন চুটি। বছৰ দীঘল; পাছ বয়সত দিন দীঘল, বছৰ চুটি।

(৩) পোনৰ দুকুৰি বছৰ জীৱন গ্ৰন্থৰ মূল পাঠ, পাছৰ দুকুৰি তাৰ টীকা- টিপ্পনিহে।

(8) দুকুৰি জানিবা যৌৱনৰ বাৰ্দ্ধক্য, তিনিকুৰি বাৰ্দ্ধক্যৰ যৌৱন।

(৫) শৈশৱত শিকা, বয়সত বুজা।

(৬) পকা চুলি বয়সৰ চিন হ'ব পাৰে, জ্ঞানৰ প্ৰমাণ নহয় আকৌ!

(৭) পকা চুলি কেঁচা কৰি কি লাভ? মন-চিত সেউজীয়া কৰি ৰাখিব পৰাহে কথা!

(৮) বুজ আৰু জ্ঞান একে নহয়; বুজ কুঁহ-পতান মিহলি, জ্ঞান তাৰ মলখুখিনি। বুজ ভেৰেহুনা, গপত ওফন্দা; জ্ঞান হাড়-শকত, বিনয়- খীন। [ ৪২ ]

(৯) বিনয়, মহন্তৰ পুত্ৰ, দম্ভালি দাসৰ ল'ৰা; তেনেকৈয়ে আত্মসম্মান অহঙ্কাৰ নহয়।

(১০) কুকুৰে লৰায় নেজ পেট দেখুৱাই;
 ভৰিত দীঘলে পৰি অন্ন মাগি খায়।
 সুগহীন গজৰাজ, ধীৰভাৱে চায়;
 কাবউ-কোকালি এশ কৰিলেহে খায়।

(১১) অপমান স্বীকাৰ কৰা মানে অপমান মাগি অনা। তাৰ পোতক তুলিবলৈ চোৱাতকৈ তালৈ মন নকৰাই ভাল।

(১২) মহতৰ ধাৰ, নীচৰ মূলধন।

 

(ঞ) পুৰুষ-তিৰুতা

 

(১) পুৰুষ ঋক্, তিৰুতা সাম;
 পুৰুষ আকাশ, তিৰুতা পৃথিৱী।

(২) গঢ়ে পুৰুষে বিধান, তিৰুতাই সংস্কৃতি
 পাছে তিৰুতা পুৰুষৰ লেখীয়া হ’বলৈ চোৱাতেই লেঠা।

(৩) তিৰুতাক প্ৰকৃতিয়ে সাজে সুন্দৰী, পিশাচে পাতে লাহতী; পুৰুষ নাচে তিৰুৱাৰ হাতত, তিৰুতা নাচে পিশাচৰ হাতত।

(৪) বিয়াৰ পণ পুৰুষৰ স্বাধীনতা, তিৰুতাৰ সুখ; বিয়াৰ আগত কান্দে তিৰুতাই, পাছত কান্দে পুৰুষে।

(৫) তিৰুতাই বিয়ায় কৌতুকত, আৰম্ভিবলৈ; পুৰুষে বিয়ায় বিৰক্তিত, সামৰিবলৈ : শেষত দুয়ো হয় হতাশ।

(৬) প্ৰেম-বিবাহৰ ঊষা, বিবাহ-প্ৰেমৰ সন্ধ্যা; য'ত প্ৰেম-বিহীন বিবাহ, ত’ত বিবাহ-বিহীন প্ৰেম।

(৭) দৰা বিয়াৰ আগত বসন্ত, পাছত শীত; কণ্যা আগতে মাধৱী, পাছত বৰ্ষা।

(৮) উচুপিবৰ কণ্যা, খিকিন্দালিৰ ঘৈণী; খিকিন্দালিৰ কণ্যা, উচুপিবৰ ঘৈণী।

(৯) বিয়াৰ বিষয়ত সদৌ তিৰুতা একমত, পুৰুষহে ভিন্নমত। স্বভাৱত হলে সকলো স্বামী একে, মুখৰ গঢ়হে লৰ। [ ৪৩ ]

(১০) নাকাঢ়িবাঁ হুমুনিয়া বাই-ভনীহঁত,
  প্ৰৱঞ্চক পুৰুষ সদায়;
 এভৰি পানীত আৰু এভৰি মাটিত
  একোটিত স্থিৰ মতি নাই।”

(১১) ‘সচা, কালি সন্ধ্যা মই ‘বাৰু’ বুলিছিলোঁ,
  “ওহোঁ” বোলো পুৱা ডাঙৰীয়া।
 চাকিৰ পোহৰে দেখে যাৰ যেনে ৰূপ,
  দিনত নেদেখি তেনেকুৱা।”

(১২) ফৰ্ড মটৰৰ জন্মদাতাক বিয়াৰ সোণালী জয়ন্তীত কোনো বন্ধুৱে সুধিলে বোলে বৈবাহিক জীৱনত তেওঁৰ সুখ সফলতাৰ মূল হেতু কি। সৰলচিতীয়া ফৰ্ড্‌ ছাহাবে সমিধান দিলে, “মোৰ ব্যৱসায়ত যি! একে

চানেকিতে লাগি থকা!!” [ ৪৪ ]

প্ৰীতি-বাক্

(১) মেঘৰ চকুপানীয়েই পৃথিৱীত হাঁহি ফুলায়।

(২) বেলি হেৰুৱাই চকুপানী টুকি থাকিলে তৰাৰ জেউতিও দেখিবলৈ নাপাবাঁ।

(৩) সাগৰৰ ভাষা কিহৰ?  অনন্ত প্ৰশ্ন।
তাৰ সমিধানৰ ভাষা কিহৰ? অনন্ত নীৰৱতাৰ॥

(৪) দাপোণত দেখাখন তোমাৰ মুখ নহয়, তাৰ প্ৰতিচ্ছবিহে।

(৫) জোৰগছ পিছলৈ ধৰিলেহে, তোমাৰ ছাঁ আগলৈ পৰিব।

(৬) চকুৰ পটা চকুৰ লগতহে, জিৰণিও কামৰ লগতহে।

(৭) মানুহ কেচুৱাই, বিকাশতহে বলৰ পৰিচয়।

(৮) খৰালিৰ শুকান নৈয়ে, তাৰ বাৰিষাৰ শলাগ নাপায়।

(৯) চৰায়ে ভাবে ‘মই ডাৱৰ নহলো কিয়!
 ডাৱৰে ভাবে ‘মই চৰাই নহলো কিয়!

(১০) জলপ্ৰপাতে কয়, মুক্তিয়েই মোৰ গীত।

(১১) ঘৰুৱাহী কামত তিতাৰ পদস্ফুৰণ শিলৰ মাজেদি ঝৰণাৰ নৃত্যৰ দৰে।

(১২) বেলিয়ে অস্তাচলে নামি পশ্চিম সাগৰ সাঁতুৰি ভাগৰি আহে, অভিনন্দন পায় উদয়াচলে।

(১৩) তোমাৰ ভোক নাই? তেন্তে ৰন্ধা-বঢ়া বেয়া বুলিছা কিয়?

(১৪) প্ৰেমিকাৰ কথাৰ একো অৰ্থই নাই।
 তেও প্ৰেমিকে তাত বুৰি
 জোলোকা জোলোকে পানী খায়।
 প্ৰেমিকাৰ প্ৰেমত নহয়,
 নিজৰ প্ৰেমত প্ৰেমিক তন্ময়॥

(১৫) মূৰ্তি ধূলিত লয় পায়; তাৰ অৰ্থ এয়ে, ধূলি মূৰ্তিতকৈ মহৎ। [ ৪৫ ] (১৬) জীৱন আনৰ দান; আনক দিলেহে তাক আমাৰ বুলিবৰ অধিকাৰ জন্মে।

(১৭) বিনয়ত মহৎ হ’ব নোৱাৰিলে মহৎ হ'বৰ আন উপায় নাই।

(১৮) মৈৰাৰ পাখিৰ ভৰ দেখি ঘৰচিৰিকাই দুখ কৰে।

(১৯) অনন্তই সাহ দিয়ে, ‘মই আছোঁ। মুহূৰ্তলৈ কিহৰ ভয়?”

(২০) তোমাৰ সুৰা তোমাৰ পিয়লাত পিয়াঁ।
 আনৰ পিয়লাত বাকিলে তাৰ ফেন মালা নোপোৱা।

(২১) ঈশ্বৰে কয় — মই সাপ হৈ খোটোঁ, সেইহে বেজ হৈ জাৰোঁ। ভাল পাওঁ দেখিহে দোষত শাস্তি দিওঁ।

(২২) পোহৰ দিয়া বাবে আমি চাকিৰ জুই আগৰ শলাগ লওঁ; পাছে নিজে আন্ধাৰত থাকি কিমান কষ্টেৰে গছাটিয়ে আমাক সেই পোহৰ বিলোৱাইছে তালৈ হ'লে মনত নপৰে।

(২৩) অন্যায়ে পৰাজয় নামানে, ন্যায়ে মানে।

(২৪) লোহাৰ কুঠাৰে গছক খুজিলে নাল এটা; গছে দিলে; আৰু সেই কুঠাৰেই তাৰ গুৰিত ঘাপ দিলে।

(২৫) প্ৰতি সন্তানৰ জন্মই কয়, মানুহৰ বাবে ঈশ্বৰ হতাশ হোৱা নাই।

(২৬) মুগা-পলুৰ দৰে মানুহে নিজে নিজ খোলা সাজি তাত সোমাই মৰে।

(২৭) “ইমান যে তৰা, ক’ত তাৰ জ্যোতিৰ নিজৰা?

(২৮) “ঘাঁহ-বন, তাৰ মাজে মাজে মূৰ্তি ধৰি
 কি এটি মহান্ প্ৰাণ উঠে বাৰু ৰঙত শিঁয়ৰি?”

(২৯) জীৱনত মানুহ ভিন্‌, মৃত্যুত এক।

(৩০) ঈশ্বৰ মৰিলেই ধৰ্ম এক হ'ব।

(৩১) ‘ফল, তুমি মোৰ পৰা কিমান দূৰত?”
 “ফুল, মই বিৰাজিছোঁ তোমাৰ গৰ্ভত।”

(৩২) তৰোৱালৰ তীক্ষ্ণতা ৰক্ষা কৰিবৰ বাবেই তাৰ ফাক ভোটা।

(৩৩) ক্ষমতাই কলে ‘পৃথ্বী, জানা তুমি মোৰ’
 পৃথিৱীয়ে ক্ষমতাক বান্ধি ক’লে ‘চোৰ।”
 প্ৰেমে ক'লে পৃথিৱীক, ‘মই যে তোমাৰ!’
 পৃথিৱীয়ে বোলে ‘প্ৰেম গৰাকী ধৰাৰ।’

[ ৪৬ ]

(৩৪) খন্তেকীয়া কোঢ়ালে অনন্তৰ সঙ্গীত ঢাকি ধৰে।

(৩৫) আত্মাৰ প্ৰণয়িনীৰ ওৰণিয়েই বিষাদ। মিলনৰ মুহূৰ্তত সি খহি পৰে।

(৩৬) জীৱনৰ মুদ্ৰাৰ ওপৰৰ ৰাজমোহৰ মৰণ : এই মোহৰৰ বাবেই তাৰে বহুমূলীয়া বণিজ কিনিব পাৰি।

(৩৭) খেতিয়কে নাঙলেৰে পৃথিৱীৰ কাষলতিত ভাকুট কুটায়, আৰু পৃথিৱীয়ে নদন-বদন শস্য ৰূপে হাঁহি উঠে।

(৩৮) প্ৰতিধ্বনিয়ে নিজক মৌলিক বোলাবলৈকে মূলক শিঁয়াৰে।

(৩৯) যি সংসাৰত সিহঁত ওপজে তাৰ উপযুক্ত হ’বলৈকে ঘাঁহ পাতত ধাৰ, গোলাপৰ ঠাৰিত কাঁইট, মৌ-মাখিৰ শুং আৰু হৰিণৰ শিং গজে।

(৪০) স্বপ্ন পত্নী, তেওঁ কথা নকৈ নোৱাৰে; টোপনি স্বামী, তেওঁ নীৰৱে সহি থাকে।

(৪১) মাছৰোকা চৰায়ে ভাবে মাছটোক আকাশত এপাক ফুৰাই অনা তাৰ অনুগ্ৰহ।

(৪২) ভুল সোমাবৰ ভয়ত দুৱাৰ জপালে সত্যও বাহিৰতে থাকিব।

(৪৩) ভালপোৱাত কলি ফুল হয়, উপাসনাত ফুল ফল হয়।

(৪৪) কোনো শলাগ নিবিচাৰি শিপাই গছক পোহ দি পৰি নোযোৱাকৈ ৰাখি ডাল-পাত মেলায়, ফুল ফুলায়, ফল ফলায়।

(৪৫) কথাই দুখেৰে কয়, ‘কাম, মই ফোপোলা।’ কামে ততোধিক বেজাৰেৰে কয়, ‘কথা, তোমাক দেখিহে বুজোঁ মই যে কিমান নিঃস্ব।’

(৪৬) নিজ ৰূপত সত্য যথৰ; উপন্যাসত ই পাৱ পায়।

(৪৭) এটি লক্ষ্যতৰাই যেন আমাৰ লক্ষ্য থিৰ কৰে।

(৪৮) নিশাই ফুল ফুলায়, দিনে তাৰবাবে শলাগ লয়।

(৪৯) ক্ষমতাই ভাবে তেওঁ যাক অনুগ্ৰহ কৰি গৰকি ধৰিছে সি কেঁকাব কিয়?

(৫০) ধুনীয়া মকৰা-জালখনিয়ে যেন নিয়ৰৰ মুকুতাবোৰহে ধৰিব! পাছে, ধৰে মাখি।

(৫১) জোনাকী পৰুৱাই তৰাক কয়, ‘বৈজ্ঞানিকে কয়,⸺ তোমালোকৰ পোহৰ এদিন হেৰাই যাব।’ তৰাই নীৰৱতাৰে তাৰ সমিধান দিয়ে। [ ৪৭ ]

(৫২) বৰষুণৰ টোপালে পৃথিৱীক কয়, ‘আই, আমি তোমাৰ ঘৰ-নৰিয়া সন্তান; স্বৰ্গ এৰি ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিছোঁ।’

(৫৩) সংসাৰে মোক দুখৰ চুমা দিছে যাতে মই সংসাৰক মোৰ কৰুণ গান শুনাওঁ।

(৫৪) চিৰ যুক্তিপূৰ্ণ মনটো ধৰিবলৈ নাল নথকা খুৰৰ দৰে, ব্যৱহাৰত বিপদ।

(৫৫) ঈশ্বৰে নিজৰ তৰাতকৈ মিঠাতেলৰ চাকিটিকহে ভাল পায়।

(৫৬) জুলি উঠা ধূপখৰি ডালে কয়⸺, ‘এয়া মোৰ হিয়াৰ ধূপ, প্ৰাণৰ শিখা, জীৱনৰ হোম।

(৫৭) বৰলবাহে কয়, ‘মৌ বাহ নিছেই সৰু।’ মৌবাহে কয়⸺, ইয়াতকৈ সৰু মৌবাহ এটাকে তোমালোকে সাজাচোন বাৰু!’

(৫৮) সাদৰী, বিলৰ নীল বৰণৰ দৰে তোমাৰ সৰলতাই তোমাৰ সত্যৰ সত্য- উপলব্ধিৰ গভীৰতা বুজায়।

(৫৯) ঈশ্বৰৰ সোঁহাতখন মৰমৰ, বাওঁখনহে ভয়ঙ্কৰ বুলি বুজিব লাগে।

(৬০) মানুহ মহৎ, মানুহবিলাকহে বেয়া।

(৬১) মৰম হেৰুৱাই জীৱন আৰু ধনীহে হয়।

(৬২) গোলাপ চাব খুজিলে তাৰ কাঁইটো চাবাঁ।

(৬৩) বৰষুণৰ টোপোলা এটাই ক'লে, ‘মালতী, তোমাৰ বুকুত যেন মোক চিৰকাল ঠাই দিয়াঁ।’ মালতী পাহিয়ে মুঠেই এটি হুমুনিয়াহ পেলালে আৰু একো ক'বলৈ নৌ পাওঁতেই সৰি মাটিত পৰিল।

(৬৪) ভুলৰ খালেদিও সত্যৰ সোত বয়।

(৬৫) তৰোৱাল ধাৰে খাপক ভোটা বুলি হঁহা ভুল।

(৬৬) সত্যৰ ওলোটা ফালেই অসত্য।

(৬৭) চকুৱে দৃষ্টি–শক্তিৰ শলাগ নলয়, লয় বিত চকুৰ।

(৬৮) সংসাৰক ভালপোৱাকেহে জীয়াই থকা বুলি জানিবা।

(৬৯) সুৰাৰে চপচপীয়া পিয়লাৰ দৰে প্ৰেমেৰে ওপচা জীৱনকহে জীৱন

বোলে। [ ৪৮ ]
 

শিক্ষা আৰু জীৱন

 

 পুত্ৰ-গৰ্বী এজন পিতাকে শিক্ষা-তত্ত্বজ্ঞ এজন বন্ধুক জনালে বোলে তেওঁৰ ল’ৰাটিক নিচেই অলপ বয়সৰ পৰাই শিক্ষা দিছে। “কিমান বয়সত?” “তিনি বছৰত।” “পলমহে হ'ল!” ‘আপুনি কয় নেকি ওপজাৰ পৰাই শিক্ষা দিব লাগিছিল?’ ‘ওঁ, তাতকৈ আগত নোৱাৰিলে জন্মৰ পৰাই দিব লাগিছিল।’

 মহাভাৰতৰ কাহিনীৰ পৰা আমি জানো অভিমন্যুৱে মাতৃগৰ্ভতে ব্যুহভেদ মন্ত্ৰ শিকিছিল। প্ৰহ্লাদেও মাতৃগৰ্ভতে ঈশ্বৰ-ভক্তিৰ নিয়ম শিকিছিল। ভাৰতীয় ৰীতিমতে গৰ্ভাৱস্থাত তিৰোতাই কুৎসিত দৃশ্য চাব নাপায়, আপচু মাত শুনিব নালাগে, খং-দুখ মনত ঠাই দিয়া অনুচিত, আৰু সোৰোপা বা দিনত শোৱা স্বভাৱ এৰিব লাগে, ইত্যাদি। ইয়াৰ বিপৰীতে তেওঁলোকে সুন্দৰ দৃশ্য চাব লাগে, সুৱলা কথা শুনিব লাগে, চিৰানন্দভাৱে থাকিব লাগে, শাৰীৰিক-মানসিক তৎপৰতা ৰাখিব লাগে ইত্যাদি। প্ৰাচীন গ্ৰীছতো গৰ্ভৱতী তিৰোতাই শোৱনী কোঠাত এপোলো আদি সুশী-বলীষ্ঠ দেৱতাসকলৰ চিত্ৰ আঁৰি ৰাখিছিল তেনে সন্তানৰ জন্ম সম্ভৱ হ'বলৈ।

 ওপজাৰে পৰা যিবিলাক সন্তান ৰাতি আন্ধাৰত শোৱে, পাছত তেওঁলোক পোহৰত শুব নোৱৰা হয়; আৰু যিবিলাকে পোহৰত শোৱে, তেওঁলোকে আন্ধাৰত শুব নোৱাৰে, ইত্যাদি। ইয়াৰ পৰা বুজিব পাৰি, ওপজাৰ পৰাই সন্তানৰ শিক্ষাই আপোনা-আপুনি গঢ় ল’বলৈ ধৰে, সাৱধানে সুপৰিবেশত সুশিক্ষা নিদিলে, অসাৱধানতাত কু-পৰিৱেশত কু-শিক্ষা লাভ কৰিবই, শিক্ষা ৰৈ নাথাকে।

 সন্তানৰ চলন-ফুৰণ, কথা-বাৰ্তা, খোজকঢ়া, পিন্ধা-উৰা আদিয়েও সু- শিক্ষা পোৱা বা নোপোৱাৰ বতৰা দিয়ে; সজ ব্যৱহাৰৰ সন্তানক সেই দেখি শিক্ষিত আৰু তেনে ব্যৱহাৰ নজনাবোৰক অশিক্ষিত বোলা হয়। এতেকে বি.এ., এম্‌.এ. হ'লেহে শিক্ষিত বোলা কথা ভুল আৰু উপলুঙা কথা।

 সন্তানে কিমান বয়সত কিমানপৰ শুব লাগে, কেনে খাদ্য খাব লাগে, কেনেদৰে ঠিয় বা খোজকাঢ়িব লাগে, এনেবোৰ কথাও প্ৰাথমিক শিশু-শিক্ষাৰ [ ৪৯ ]

অন্তৰ্ভুক্ত। উপযুক্ত শিক্ষা নোপোৱা সন্তানৰহে পোন হৈ ঠিয় হোৱা, বুকু ফিন্দাই খোজকঢ়া আদি সজবোৰ নাথাকে, আৰু সি সদায় অশিক্ষিত পৰিয়াল আৰু তেনে পৰিবেশৰ ইঙ্গিত দিয়ে।

 ৰুছিয়া আদি উন্নত দেশত ওপজাৰ পাছৰ পৰাই ৰাষ্ট্ৰই সন্তান শিক্ষা আৰু লালন-পালনৰ দায়িত্ব গ্ৰহণ কৰে, কিয়নো যিহেতুকে প্ৰত্যেক সন্তান ৰাষ্ট্ৰৰ সম্পত্তি আৰু সেই সম্পত্তিৰ ৰক্ষণাবেক্ষণৰ বাবে সাধাৰণতে তেওঁলোকৰ ঘৰুৱা পৰিৱেশ নাই। ভাৰতবৰ্ষৰ নিচিনা যিবোৰ দেশত তেনে দিহা নাই, ত’ত ঘৰেই প্ৰথম আৰু প্ৰধান শিক্ষালয় হ’ব লাগিব; কিয়নো যি ঠাইত সন্তান শিক্ষালয়ত দিনটোৰ তিনি-চাৰি ঘণ্টাহে থাকে আৰু বাকী একৈশ বা একুৰি ঘণ্টা ঘৰত থাকিব লগা হয়, তাৰ ঘৰুৱা পৰিৱেশ সজ শিক্ষাৰ আশ্ৰম নহ'লে, সন্তান তথা ৰাষ্ট্ৰৰ ভৱিষ্যত কেতিয়াও আশাপ্ৰদ হ’ব নোৱাৰে।

 বহল ভাবত সংসাৰেই এক বিশাল শিক্ষালয়, আৰু মাতৃগৰ্ভৰ পৰা ভূগৰ্ভলৈকে জীৱনটো কেৱল শিক্ষা আৰু শিক্ষা। গাইগুটীয়া, সামাজিক, ৰাজনৈতিক প্ৰভৃতি বিভিন্ন অভিজ্ঞতাই ৰাষ্ট্ৰীয় শিক্ষাৰ ওপৰত যথেষ্ট প্ৰতিক্ৰিয়া কৰে।

 

শিক্ষা আৰু সমাজ

 

 মানুহ সামাজিক জীৱ, আৰু সমাজৰ এক অঙ্গ; গতিকে সমূহৰ সুখ আৰু কল্যাণ সাধন মানুহৰ প্ৰধান কৰ্তব্য। সেই দেখি সমাজৰ দ্বাৰা সমাজৰ হকে সমাজৰ যি দায়িত্ব তাক শিক্ষা-যন্ত্ৰেৰে পালন কৰিব লাগে। এতেকে শিক্ষিত হোৱা মানে সমাজৰ সেৱাৰ বাবে অধিক উপযুক্ত আৰু অধিক কাজুৱা হোৱা। ইয়াৰ বাবে ব্যক্তিত্ব বিসৰ্জন দিবৰ আৱশ্যক নহয়; শিক্ষাৰ দ্বাৰা পোনতে ব্যক্তিৰ শাৰীৰিক-মানসিক আৰু নৈতিক-আধ্যাত্মিক এই চতুৰ্বৰ্গৰ বিকাশ সাধন কৰি তাক সমাজৰ সেৱাৰ হকে উছৰ্গা কৰাই প্ৰকৃত শিক্ষাৰ লক্ষ্য।

 এই লক্ষ্য মানি লোৱা মানেই অৱশ্যে শিক্ষা যে ব্যক্তি বা সমাজৰ অলঙ্কাৰ নহয়, ই যে কাৰ্যকৰী আৰু কাজুৱা, ব্যৱহাৰোপযোগী আৰু ব্যৱসায়িক শিল্পৰ দৰে হ'ব লাগিব এই কথা সহজে গম ধৰিব পাৰি। শিক্ষাৰ এনে বিবৃতিৰ পৰাই ভাৰতত আজিও চলি থকা অবাস্তৱ তথাকথিত শিক্ষা যে প্ৰকৃত শিক্ষা নামবাচক হ’ব নোৱাৰে তাকো ধৰিব পাৰি; কিয়নো কৰ্মৰ খুটিৰ চাৰিফালেহে শিক্ষাৰ [ ৫০ ]

চেৰেকি ঘূৰিব লাগিব, মেৰুদণ্ডৰ দৰে কাল্পনিক ৰেখাত ঘূৰা শিক্ষা যেনে অবাস্তৱ তেনে অপদাৰ্থ।

 ইয়াৰ বাবেই উচ্চ প্ৰাথমিক শিক্ষাৰ শেষত, বৰ্তমানৰ শিক্ষাৰ সম্পূৰ্ণ বিকেন্দ্ৰীকৰণ আৱশ্যক। বৰ্তমানৰ পৰাধীনতাৰ শিক্ষাত বছৰি যি কোটি কোটি টকা অকল পানীত পেলোৱাই নহয়, বাস্তৱতে দেশৰ যুবা শক্তিৰ ধ্বংসৰ অৰ্থে ব্যয় কৰা হৈছে, সেই টকাৰে দেশত যিমান লাগে সিমান বিজ্ঞান আৰু শিল্পৰ বিদ্যালয় পাতি দিয়া হওক যাতে শতকৰা ৯০/৯৫ জন ছাত্ৰ-ছাত্ৰীয়ে এই চৌধ- পোন্ধৰ বছৰ বয়সতে আত্মশিক্ষাৰ সঁজুলি লৈ নিজ জীৱিকা আৰু সমাজ সেৱাৰ বাবে সেইবোৰ বিদ্যালয়ত ভৰ্তি হ’ব পাৰে।

 প্ৰকৃত জ্ঞানাৰ্থী আৰু মেধাবী শতকৰা বাকী দহ বা পাঁচজনে সমাজৰ জ্ঞানৰ অগ্ৰগতিৰ বাবে বিজ্ঞান-দৰ্শনৰ চৰ্চাত আগবাঢ়িব আৰু ধন-মান-লোভী নহৈ মানুহৰ জ্ঞান উৎকৰ্ষৰ বাবে জীৱন উছৰ্গা কৰা গুৰুৱে তেওঁলোকক বাট দেখুৱাব। বিজ্ঞান আৰু শিল্প বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবেও তেনেবোৰ অনুষ্ঠানৰ পৰা উচ্চ শিক্ষাৰ দিহা কৰিব পৰা হয় যাতে তেনেবোৰ শিল্প-বিজ্ঞানত বিশেষ ৰাপ থকা ছাত্ৰ-ছাত্ৰীয়ে নিজ বুদ্ধি-বিকাশৰ সুবিধাৰ পৰা বঞ্চিত হ’বলৈ নাপায়।

 এই বিকেন্দ্ৰীকৰণ কাৰ্য শীঘ্ৰে সম্পন্ন নহ'লে দেশত কাঠফুলাৰ দৰে গজা স্কুল-কলেজেই নহয়, বিশ্ববিদ্যালয়বোৰেও দুখীয়া ভাৰতীয় প্ৰজাৰ গাঁঠিৰ ধন অপব্যয় কৰি দেশত নিবনুৱা সমস্যা বঢ়োৱাৰ উপৰি সমাজৰ ওপৰত আৰু কিমান পাপৰ বোজা দিব তাৰ লেখ-জোখ নাই। দেশত অসাৰুৱা শিক্ষাৰ এই স্কুল-কলেজবোৰ যেনেদৰে ওফন্দি উঠিছে তালৈ চাই এই বিকেন্দ্ৰীকৰণ অতি অচিৰে হৈ নুঠিলে অকল সমাজেই নহয়, ৰাষ্ট্ৰও ভাৰাক্ৰান্ত নহৈ নাথাকিব।

 ১৯৫৭ত কলিকতা বিশ্ববিদ্যালয়ৰ কনভেকেস্যন্‌ ভাষণত বিশ্ববিদ্যালয়ৰ মঞ্জুৰী আয়োগৰ সভাপতি দেশমুখে ভাৰতত এই পৰাধীনতাৰ শিক্ষাৰ নিন্দা কৰি কৈছিল বোলে কলিকতা বিশ্ববিদ্যালয়ে (গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাৰ দহ বছৰৰ পাছত) অকলে ৯০,০০০ হাজাৰ (নব্বৈ হাজাৰ) ছাত্ৰ-ছাত্ৰীৰ তথাকথিত শিক্ষাৰ তত্ত্বাৱধান ল’ব লাগে! অথচ অতি আশ্বৰ্য বিষয় বৃটেইনৰ সাতখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেলগ কৰিলেও ভাৰতৰ এই এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লেখৰ কাষ নাচাপে!!

 সেই কন্ভ‌কেস্যনৰে উদ্বোধনী ভাষণত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰপ্ৰসাদে কৈছিল ⸺ “শিক্ষাৰ মানবিন্দুৰ যি অধঃপতন হৈছে, তাক আটায়ে সৈ কাঢ়িছেও; [ ৫১ ] তদুপৰি পৰীক্ষাৰ ফলাফলৰ ওপৰত যি ডিগ্ৰীৰ আঁক মাৰি দিয়া নিয়ম আছে সিও অথলে গৈছে; কিয়নো উচ্চ শিক্ষাৰ কোনো প্ৰমাণ নলগা সামান্য চাকৰি এটাৰ বাবেও হাজাৰ হাজাৰ নহ'লেও শ শ আবেদন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীসকলৰ পৰা দ’ম হয়হি।’

 বিজ্ঞান আৰু শিল্প বিদ্যালয় আৱশ্যকীয় অনুপাতত নাই, ইফালে ডিগ্ৰীৰ অন্যায় মোহ আৰু কৰ্মবিমুখতা, ইত্যাদিয়েই এনে প্ৰাৰ্থী-স্ফিতিৰ হেতু বুলিব পাৰি। শিল্প-বিজ্ঞানৰ বিদ্যালয় হ’লেও তাতকৈ শ্ৰমবিমুখ চাকৰিয়াল হ’বৰ ধাউতি সহজে আঁতৰি যোৱাৰ আশা তাকৰ; গতিকে মসীজীৱী বা বুদ্ধিজীৱীতকৈ শ্ৰমজীৱীসকলৰ উপাৰ্জন ওখত থকা বাঞ্চনীয় হ’ব আৰু বাস্তৱতে শ্ৰমজীৱীবিলাকেই সমাজ যন্ত্ৰৰ উন্নতিৰ প্ৰকৃত চালক।

 

শিক্ষা আৰু ৰাষ্ট্ৰ

 

 যিগুণে মানুহৰ অভাৱ-অভিযোগবোৰ প্ৰায় একে, কিন্তু শক্তি-সামৰ্থ্য বহুত বেলেগ, আৰু যিগুণে সেই অভাৱ-অভিযোগবোৰ পূৰাবলৈ গাই-গুটীয়া শক্তি- অসম্পূৰ্ণ, সমূহীয়া শক্তিৰ প্ৰয়োগতহে সেইবোৰ পূৰাব পাৰি; সেই গুণেই সমাজৰ প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰৰ জন্ম, আৰু সেই গুণেই ৰাষ্ট্ৰীয় চৰিত্ৰৰ স্বৰূপ তাৰ নাগৰিক চৰিত্ৰৰ প্ৰতিৰূপ হয়।

 ৰাষ্ট্ৰীয় চৰিত্ৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰই নিখুঁত শিক্ষা-যন্ত্ৰ গঢ়ি ল'ব লাগে। দুশ বা ততোধিক বছৰৰ পৰাধীনতাত ভাৰতৰ জাতীয় চৰিত্ৰৰ কল্পনাতীত অৱনতি ঘটিছিল যে সন্দেহ নাই; আৰু দাসত্ব শৃংখলৰ শিক্ষা পদ্ধতিয়ে যে সেই অধঃপতনত যথেষ্ট বৰঙণি যোগাইছিল সিও ধ্ৰুব সত্য। গতিকে আজি ভাৰতৰ ৰাষ্ট্ৰীয় চৰিত্ৰৰ উন্নয়ন কৰিবলৈ হ'লে সেই পৰাধীন শিক্ষা-পদ্ধতিৰ সংশোধন নহয়, বাস্তৱতে আমূল পৰিৱৰ্তন কৰিব লাগিব নিশ্চয়, কিয়নো যি বগা সৰিয়হেৰে ভুত জাৰে তাতে যদি ভুত সোমাই থাকে তেন্তে ভুত খেদোৱা সকলো চেষ্টা বিফল নহৈ নোৱাৰে।

 পৰাধীনতাৰ সেই দুশ-আঢ়ৈশ বছৰৰ লগত বৰ্তমান ৰাজনৈতিক স্বাধীনতাৰ এই কুৰি বছৰ যোগ দিয়া হওক, ⸺ এই প্ৰায় তিনিশ বছৰ মানসিক পৰাধীনতাত থাকি এই পদ্ধতিৰ পাপখিনি ওপৰে ওপৰে চালে আমাৰ চকুত নপৰা একো আচৰিত কথা নহয়; কিন্তু আমাৰ চকুত নপৰিল বুলি সেই পাপে [ ৫২ ] ভাৰতীয় জাতীয় জীৱন আৰু বৰ্তমান ৰাষ্ট্ৰক খুলি খুলি নোখোৱাকৈ ৰৈ থকা নাই যে ই সুনিশ্চিত।

 পৰাধীন শিক্ষাৰ পাপৰ শিৰোমণি হ’ল দেশ মাতৃ তথা ভাৰতীয় আদৰ্শৰ প্ৰতি অৱজ্ঞা; আৰু এই পাপ সৰ্বসাধাৰণতকৈ তথাকথিত উচ্চ শিক্ষিতৰ অন্তৰত দকৈ শিপাল।

 যশ-মান-ধনৰ বাবে শাসনৰ বাঘজৰী হাতত লোৱাও এক, আৰু দেশৰ মাতৃ-ভক্ত সন্তান হোৱাও এক; শাসনৰ বাঘজৰী ধৰিবৰ যোগ্য লোক আমাক নলগা নহয়, কিন্তু তাৰ আগতে তেওঁলোকে মাতৃ-মন্ত্ৰত শৰণ লৈছে নে নাই সিও লেখৰ কথাই। এই মাতৃ-মন্ত্ৰ কি? তাৰ বীজ বেদ উপনিষদ, ৰামায়ণ, মহাভাৰত আৰু গীতা-পুৰাণ আদিত নিহিত আছে; তাক বিচাৰি উলিয়াই শিৰত ল’ব নোৱাৰিলে দেশৰ কালিকা বা ভাৰত মাতৃৰ মহিমা বুজিব নোৱাৰি, আৰু ইয়াক নুবুজাকৈ ভাৰতৰ শাসনৰ বাঘজৰী ধৰাও অন্যায়।

 বিদেশীয়ে ভাৰত শাসন কৰি অকল ইয়াৰ ধন-সোণকে লুটি নিয়া নাই, পৰাধীনতাৰ শিক্ষা দি ইয়াৰ শাহও কাঢ়ি নি খোলাটো এৰি গৈছে। আজি ভাৰতখন পৰি আছে, তাৰ প্ৰাণ-বস্তু নাই; গীতা-উপনিষদ পৰি আছে, ইংৰাজে এৰি যোৱাৰ পাছত আমি নিজ হাতে সংস্কৃত চৰ্চা অকল নিৰুৎসাহ কৰাই নহয় প্ৰায় নিষেধ কৰি, স্কুল-কলেজৰ পৰাও নিৰ্মূল কৰিবৰ দিহা কৰিছোঁহঁত!! কিয়? কাৰণ ই ভাৰতৰ দেৱ-ভাষা হলেও যু’ৰপ-আমেৰিকাৰ বজাৰ-দৰত সংস্কৃত সাহিত্য কু-সংস্কাৰৰ ভঁৰাল বুলি আমাৰ মূৰ-নোহোৱা ‘মুৰব্বী’বিলাকৰ ধাৰণা।

 কিন্তু সেই যু’ৰপৰে অমৰ মনীষী মেক্সমূলাৰে কি কৈ গল?⸺ ‘মানুহ মনৰ শ্ৰেষ্ঠতম বিকাশ কোন আকাশৰ তলত হৈছিল? প্লেটোৰ আৰু কান্ত চৰ্চাকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ সম্পূৰ্ণ উপযোগীকৈ বেলিৰ তলত কোন দেশৰ মানসে জীৱনৰ পৰম সমস্যাবোৰৰ চিন্তা কৰি চৰম সমাধান বিচাৰি পাইছিল?⸺মোক সুধিলে মই আঙুলিয়াম ভাৰতবৰ্ষলৈ।

 “আকৌ, কেৱল গ্ৰীছীয় আৰু ৰোমীয়সকলৰ আৰু ছেমিটিক জাতিৰ ইহুদীবিলাকৰ চিন্তাৰ কোলাত লালিত-পালিত আমি য়ু’ৰপীয়বোৰে আমাৰ অকল এই জীৱনেই নহয় আমাৰ জন্মান্তৰ আৰু অনন্ত জীৱন অধিক পৰিপূৰ্ণ, অধিক ব্যাপক, অধিক বিশ্বজনীন, আৰু বাস্তৱতে অধিক মানৱী কৰিবলৈ বিচাৰিলে আমি কাৰ পৰা তাৰ সংশোধন পাব পাৰিম? মই নিজকে সোধোঁ, আৰু ভাবোঁ ভাৰতবৰ্ষৰ কথা।’ [ ৫৩ ]  কালৰ কুটিলা গতি! সেই ভাৰতবৰ্ষই আজি অকল য়ু’ৰপ নহয়, ন-চহকী আৰু ন-সভ্য আমেৰিকাৰ দুৱাৰ-দলিত অকল ধনৰ বাবেই নহয় আদৰ্শৰ বাবেও ভিক্ষা-জুলী লৈ উপস্থিত! ভাৰত-মাতৃৰ প্ৰতি ইয়াতকৈ হীন অপমান নিজ সন্তানেহে নালাগে সাত শতৰুৱেও কৰিবলৈ সাহ নকৰিলেহেঁতেন। ব্যক্তিৰ দৰে জাতিৰ শ্ৰেষ্ঠতম সম্পত্তি আত্মসন্মান; গৰুৰ নেজত ধৰি বৈতৰণী পাৰ হ'ব খোজা মূৰ্খৰ দৰে ভাৰতীয়ই আজি আমেৰিকাৰ নেজত ওলমি ভৱ—সাগৰ পাৰ হ’ব খুজিছে। ইয়াতকৈ আৰু দুখলগা প্ৰহসন কোনো নাট্যকাৰে ৰচিব নোৱাৰিব নিশ্চয়। ভাৰতৰ এই “অতো নষ্ট ততো ভ্ৰষ্টঃ” অৱস্থাৰ বাবেই নীচতম আত্মকেন্দ্ৰিকভাবে ৰাষ্ট্ৰ আৰু সমাজ গ্ৰাস কৰিবলৈ ওলাইছে।

 

শিক্ষা আৰু প্ৰকৃতি

 

 বিশ্বৰ মূল গ্ৰন্থ-প্ৰকৃতি; মানুহে লিখা সকলো গ্ৰন্থ ইয়াৰ সৰু-সুৰা প্ৰতিলিপি। ইহাতে, মানুহ প্ৰকৃতি-সন্তান; যদিও আজি সভ্যতাই আমাক প্ৰকৃতিৰ পৰা আঁতৰাই আনিবৰ চেষ্টা কৰিছে, তথাপি আজিও মানুহৰ শান্তিৰ বাবে প্ৰকৃতিৰ শীতল কোলা পতা আছে। এতেকে সকলো ফালৰপৰাই সেই আদিম গ্ৰন্থ প্ৰকৃতিৰ শিশুৰ বিদ্যাৰম্ভ হ'ব লাগে; মানুহে লিখা গ্ৰন্থ আগ হ'ব নোৱাৰে।

 পুষ্প মানে ফুল, হস্তী মানে হাতী, ইত্যাদি; কিন্তু পুষ্প, হস্তী আদি অভিধান বা কিতাপত নাথাকে; পুষ্প বা হস্তী কি তাক চিনিবলৈ হ'লে প্ৰকৃতিৰ বুকুত বিচাৰিব লাগিব। পুথিগত বিদ্যা অকল অবাস্তৱেই নহয়, বহুত সময়ত সি ভ্ৰান্ত আৰু অনিষ্টজনক হয়; পুথিৰ পাঠ সহজে নীৰস আৰু আনন্দ-নাশক হ’ব পাৰে, কিন্তু প্ৰকৃতি-পাঠ চিৰ ৰসাল আৰু সদানন্দময়। এতেকে পোনতে তিনি বছৰ মান বয়সৰ পৰা প্ৰকৃতি-পাঠত শিশু-শিক্ষা আৰম্ভ কৰি পাঁচ-ছয় বছৰ বয়সৰ আগত কিতাপৰ লগত ভেটা-ভেটি কৰিব নালাগে; ইমানেই নহয়, সকলো সময়তে কিতাপতকৈ প্ৰকৃতিৰ পৰা জ্ঞান আৰু অনুপ্ৰেৰণা লাভৰ যত্ন কৰিলে শিক্ষাৰ্থী সদায় লাভবান হয়।

 ৰামায়ণ প্ৰভৃতিত অলেখ চৰাইৰ নাম আছে, কীৰ্ত্তন আদিত নানা ফুলৰ নাম আছে, অনেক গ্ৰন্থত অনেক জীৱ-জন্তু, গছ-গছনিৰ নাম আছে, প্ৰাকৃতিক ভূগোল আদিত ডাৱৰ, নৈ, পৰ্বত আদিৰ উৎপত্তিৰ কথা আছে, কিন্তু পোনে পোনে সেইবোৰ পঢ়িলে তাৰ প্ৰকৃত উপলব্ধি হ'ব নোৱাৰে; আৰু বহুত সময়ত সি আমাৰ মূৰত জীণ নোযোৱা আহাৰৰ দৰেই থাকে। কিন্তু যেতিয়া আমি প্ৰকৃতি-পাঠৰ পৰা কিতাপৰ পাঠলৈ আহোঁ তেতিয়া আমাৰ বাবে সকলো জ্ঞান [ ৫৪ ] মুকলি হয়, আৰু সহজে জীণ যায়। এনেদৰে দেখা-শুনাবিলাকৰ জ্ঞান আয়ত্ত হ'লে নেদেখা-নুশুনাবিলাকো ভবিষ্যতে জানিব-বুজিবৰ সুবিধা হয়।

 অকল ফুল-পখিলা বা নৈ-পৰ্বত আদিয়েই নহয়, গাঁও-ভূই আৰু খেতি-বাতি আদি ব্যৱস্থা, আৰু বিজ্ঞানৰ সহায়েৰে মানুহে প্ৰকৃতিৰ শক্তি কিদৰে ব্যৱহাৰত লগাইছে তাৰ বাবে পানী-কল, বিদ্যুৎ-উদ্যোগ আদিও সাধাৰণভাৱে শিক্ষাৰ্থীয়ে দেখিবলৈ পাব লাগে। তদুপৰি নগৰৰ ধনী পৰিয়ালৰ শিক্ষাৰ্থীয়ে দুখীয়া আৰু চহা জীৱনৰ দুখ-সুখ আৰু অভাৱ-অনাটনৰো আভাস পালে দেশ আৰু সমাজৰ প্ৰতি ভৱিষ্যতত তেওঁলোকৰ দায়িত্ব বুজাত সহায় হ’ব। তাৰ লগে লগে সুন্দৰ আৰু ঐতিহাসিক ঘটনাপূৰ্ণ ঠাইবোৰ দেখি তেওঁলোকৰ সৌন্দৰ্যবোধ আৰু দেশৰ অতীতত ভূমুকি মাৰিবৰ স্পৃহা জাগি উঠিব।

⸻⸻

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।