(৯) অপায়ৰ হাত একেবাৰে সাৰিব নোৱাৰি যদি, সেইখিনিৰ লগত যুজাঁ।
(১০) যুজৰ বাবে যিখিনি হানি-বিঘিনি ঘটে তাক স্বাভাৱিক বুলি মানি লোৱাঁ।
(১১) “হাৰিয়া জিনয় কতো জিনিয়া হাৰয়। কতো কালে ক্ষত্ৰিয়ৰ নাহি পৰাজয়॥”
(১২) দোঁ নাখাবা, ভাঙিব লাগিলে ভাঙক; ই তোমাৰ নৈতিক জয়।
(ঙ)
(১) শত্ৰুকো ভাল পাব লাগে; নিতান্তই ভাল পাব নোৱাৰিলেও শত্ৰুলৈ বুলি পেটত ফেটীগোম নুপুহিবাঁ।
(২) শত্ৰুৰ অনিষ্ট সাধন নকৰাৰ কথা ভাবিব নোৱাৰাঁ? নালাগে; নিজৰ অনিষ্ট সাধন নহ'বৰ বাবেই পোতক তোলাৰ মাৰাত্মক ভাব এৰি পেলাবাঁ।
(৩) লৰোঁতাৰ যিমান ভাগৰ, খেদোঁতাৰ ভাগৰ তাতকৈ তাকৰ নহয়।
(৪) উৎকট প্ৰতিহিংসাৰ জুইত শত্ৰু পুৰি ছাই হওক–নহওক, তোমাৰ স্বাস্থ্য আৰু শান্তি পুৰি ছাই হোৱাটো ধূৰূপ।
(৫) বোকা দলিয়ালে শত্ৰুৰ গাত লাগিবও পাৰে, নালাগিবও পাৰে; কিন্তু তোমাৰ হাতখন যে লেতেৰা হ'ব ই নিশ্চিত।
(৬) কোনোবাই তোমাক ঠগিলে! ডকা দিলে? তাকে মনত পাগুলি নাথাকিলে সি একো লেখৰ কথা নহয়।
(৭) তুমি কৰা উপকাৰৰ কোনোবাই শলাগ নল'লে, নলক; তাৰপৰা তোমাৰ অপকাৰ হ’ব তাকে উমাই থাকিলেহে।
(৮) বিহ গছৰ দৰে অকৃতজ্ঞতা স্বভাৱৰ আৰু গোলাপৰ দৰে কৃতজ্ঞতা শিক্ষাৰ শহ বুলি জানিবাঁ।
(৯) মানুহ সৰহ-তাকৰ অৱস্থাৰ দাস; এই কথা গমি চালে কালৈকো তোমাৰ আক্ৰোশ নজন্মিব।
(১০) জিৰণি উদ্বিগ্নতাৰ এক ঔষধ; শৰীৰৰ ক্ষতি পূৰণহে প্ৰকৃত জিৰণি।