(৯) বিনয়, মহন্তৰ পুত্ৰ, দম্ভালি দাসৰ ল'ৰা; তেনেকৈয়ে আত্মসম্মান অহঙ্কাৰ নহয়।
(১০) কুকুৰে লৰায় নেজ পেট দেখুৱাই;
ভৰিত দীঘলে পৰি অন্ন মাগি খায়।
সুগহীন গজৰাজ, ধীৰভাৱে চায়;
কাবউ-কোকালি এশ কৰিলেহে খায়।
(১১) অপমান স্বীকাৰ কৰা মানে অপমান মাগি অনা। তাৰ পোতক তুলিবলৈ চোৱাতকৈ তালৈ মন নকৰাই ভাল।
(১২) মহতৰ ধাৰ, নীচৰ মূলধন।
(ঞ) পুৰুষ-তিৰুতা
(১) পুৰুষ ঋক্, তিৰুতা সাম;
পুৰুষ আকাশ, তিৰুতা পৃথিৱী।
(২) গঢ়ে পুৰুষে বিধান, তিৰুতাই সংস্কৃতি
পাছে তিৰুতা পুৰুষৰ লেখীয়া হ’বলৈ চোৱাতেই লেঠা।
(৩) তিৰুতাক প্ৰকৃতিয়ে সাজে সুন্দৰী, পিশাচে পাতে লাহতী; পুৰুষ নাচে তিৰুৱাৰ হাতত, তিৰুতা নাচে পিশাচৰ হাতত।
(৪) বিয়াৰ পণ পুৰুষৰ স্বাধীনতা, তিৰুতাৰ সুখ; বিয়াৰ আগত কান্দে তিৰুতাই, পাছত কান্দে পুৰুষে।
(৫) তিৰুতাই বিয়ায় কৌতুকত, আৰম্ভিবলৈ; পুৰুষে বিয়ায় বিৰক্তিত, সামৰিবলৈ : শেষত দুয়ো হয় হতাশ।
(৬) প্ৰেম-বিবাহৰ ঊষা, বিবাহ-প্ৰেমৰ সন্ধ্যা; য'ত প্ৰেম-বিহীন বিবাহ, ত’ত বিবাহ-বিহীন প্ৰেম।
(৭) দৰা বিয়াৰ আগত বসন্ত, পাছত শীত; কণ্যা আগতে মাধৱী, পাছত বৰ্ষা।
(৮) উচুপিবৰ কণ্যা, খিকিন্দালিৰ ঘৈণী; খিকিন্দালিৰ কণ্যা, উচুপিবৰ ঘৈণী।
(৯) বিয়াৰ বিষয়ত সদৌ তিৰুতা একমত, পুৰুষহে ভিন্নমত। স্বভাৱত হলে সকলো স্বামী একে, মুখৰ গঢ়হে লৰ।