চেৰেকি ঘূৰিব লাগিব, মেৰুদণ্ডৰ দৰে কাল্পনিক ৰেখাত ঘূৰা শিক্ষা যেনে অবাস্তৱ তেনে অপদাৰ্থ।
ইয়াৰ বাবেই উচ্চ প্ৰাথমিক শিক্ষাৰ শেষত, বৰ্তমানৰ শিক্ষাৰ সম্পূৰ্ণ বিকেন্দ্ৰীকৰণ আৱশ্যক। বৰ্তমানৰ পৰাধীনতাৰ শিক্ষাত বছৰি যি কোটি কোটি টকা অকল পানীত পেলোৱাই নহয়, বাস্তৱতে দেশৰ যুবা শক্তিৰ ধ্বংসৰ অৰ্থে ব্যয় কৰা হৈছে, সেই টকাৰে দেশত যিমান লাগে সিমান বিজ্ঞান আৰু শিল্পৰ বিদ্যালয় পাতি দিয়া হওক যাতে শতকৰা ৯০/৯৫ জন ছাত্ৰ-ছাত্ৰীয়ে এই চৌধ- পোন্ধৰ বছৰ বয়সতে আত্মশিক্ষাৰ সঁজুলি লৈ নিজ জীৱিকা আৰু সমাজ সেৱাৰ বাবে সেইবোৰ বিদ্যালয়ত ভৰ্তি হ’ব পাৰে।
প্ৰকৃত জ্ঞানাৰ্থী আৰু মেধাবী শতকৰা বাকী দহ বা পাঁচজনে সমাজৰ জ্ঞানৰ অগ্ৰগতিৰ বাবে বিজ্ঞান-দৰ্শনৰ চৰ্চাত আগবাঢ়িব আৰু ধন-মান-লোভী নহৈ মানুহৰ জ্ঞান উৎকৰ্ষৰ বাবে জীৱন উছৰ্গা কৰা গুৰুৱে তেওঁলোকক বাট দেখুৱাব। বিজ্ঞান আৰু শিল্প বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবেও তেনেবোৰ অনুষ্ঠানৰ পৰা উচ্চ শিক্ষাৰ দিহা কৰিব পৰা হয় যাতে তেনেবোৰ শিল্প-বিজ্ঞানত বিশেষ ৰাপ থকা ছাত্ৰ-ছাত্ৰীয়ে নিজ বুদ্ধি-বিকাশৰ সুবিধাৰ পৰা বঞ্চিত হ’বলৈ নাপায়।
এই বিকেন্দ্ৰীকৰণ কাৰ্য শীঘ্ৰে সম্পন্ন নহ'লে দেশত কাঠফুলাৰ দৰে গজা স্কুল-কলেজেই নহয়, বিশ্ববিদ্যালয়বোৰেও দুখীয়া ভাৰতীয় প্ৰজাৰ গাঁঠিৰ ধন অপব্যয় কৰি দেশত নিবনুৱা সমস্যা বঢ়োৱাৰ উপৰি সমাজৰ ওপৰত আৰু কিমান পাপৰ বোজা দিব তাৰ লেখ-জোখ নাই। দেশত অসাৰুৱা শিক্ষাৰ এই স্কুল-কলেজবোৰ যেনেদৰে ওফন্দি উঠিছে তালৈ চাই এই বিকেন্দ্ৰীকৰণ অতি অচিৰে হৈ নুঠিলে অকল সমাজেই নহয়, ৰাষ্ট্ৰও ভাৰাক্ৰান্ত নহৈ নাথাকিব।
১৯৫৭ত কলিকতা বিশ্ববিদ্যালয়ৰ কনভেকেস্যন্ ভাষণত বিশ্ববিদ্যালয়ৰ মঞ্জুৰী আয়োগৰ সভাপতি দেশমুখে ভাৰতত এই পৰাধীনতাৰ শিক্ষাৰ নিন্দা কৰি কৈছিল বোলে কলিকতা বিশ্ববিদ্যালয়ে (গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাৰ দহ বছৰৰ পাছত) অকলে ৯০,০০০ হাজাৰ (নব্বৈ হাজাৰ) ছাত্ৰ-ছাত্ৰীৰ তথাকথিত শিক্ষাৰ তত্ত্বাৱধান ল’ব লাগে! অথচ অতি আশ্বৰ্য বিষয় বৃটেইনৰ সাতখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেলগ কৰিলেও ভাৰতৰ এই এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লেখৰ কাষ নাচাপে!!
সেই কন্ভকেস্যনৰে উদ্বোধনী ভাষণত তেতিয়াৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰপ্ৰসাদে কৈছিল ⸺ “শিক্ষাৰ মানবিন্দুৰ যি অধঃপতন হৈছে, তাক আটায়ে সৈ কাঢ়িছেও;