পৃষ্ঠা:শান্তি-কৱচ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
শান্তি-কৱচ


মুকলি হয়, আৰু সহজে জীণ যায়। এনেদৰে দেখা-শুনাবিলাকৰ জ্ঞান আয়ত্ত হ'লে নেদেখা-নুশুনাবিলাকো ভবিষ্যতে জানিব-বুজিবৰ সুবিধা হয়।

 অকল ফুল-পখিলা বা নৈ-পৰ্বত আদিয়েই নহয়, গাঁও-ভূই আৰু খেতি-বাতি আদি ব্যৱস্থা, আৰু বিজ্ঞানৰ সহায়েৰে মানুহে প্ৰকৃতিৰ শক্তি কিদৰে ব্যৱহাৰত লগাইছে তাৰ বাবে পানী-কল, বিদ্যুৎ-উদ্যোগ আদিও সাধাৰণভাৱে শিক্ষাৰ্থীয়ে দেখিবলৈ পাব লাগে। তদুপৰি নগৰৰ ধনী পৰিয়ালৰ শিক্ষাৰ্থীয়ে দুখীয়া আৰু চহা জীৱনৰ দুখ-সুখ আৰু অভাৱ-অনাটনৰো আভাস পালে দেশ আৰু সমাজৰ প্ৰতি ভৱিষ্যতত তেওঁলোকৰ দায়িত্ব বুজাত সহায় হ’ব। তাৰ লগে লগে সুন্দৰ আৰু ঐতিহাসিক ঘটনাপূৰ্ণ ঠাইবোৰ দেখি তেওঁলোকৰ সৌন্দৰ্যবোধ আৰু দেশৰ অতীতত ভূমুকি মাৰিবৰ স্পৃহা জাগি উঠিব।

⸻⸻