জীৱন-অমিয়া
[ক] সন্তু আৰু পাষণ্ড
‘শৈলে শৈলে হেৰা মাণিক নাপায়, গজে গজে মুক্তা নাই। সাধুও সৰ্বত্ৰ নাথাকে, চন্দন জানো বনে বনে পায়?”
সংসাৰখন বৰ একা-চেকা। পিছে সাপৰ বাহ আৰু কাঁইটৰ মাজৰ পৰাই কেতেকী অনাৰ দৰে ইয়াৰ ভিতৰৰ পৰাই জীৱনৰ অমিয়া যিমান পাৰি সিমান থপিয়াই আনিব লাগিব, সাধু-সন্ন্যাসী হৈ সমাজৰ পৰা ফালৰি কাটি নহয়। দিন- ৰাতি, ৰ’দ-ঘাই আৰু গেলা-ডাৱৰীয়া বতৰৰ দৰে, সন্ত-পাষণ্ড আৰু ভাল-বেয়া লোক লৈয়েই চিৰকাল সমাজ। যুগে যুগে দেশে দেশে কত বুদ্ধ, কত যীশুৰ জন্ম হ’ল; কিন্তু সন্ততকৈ পাষণ্ডৰ লেখ অনুপাতত কেতিয়াও টুটা নাই।
“বলিয়া হাতীক কোমল মৃণাল সূতাৰে বান্ধিবাঁ? বান্ধা;
শিৰীষ পাহিৰে বজ্ৰমণি তুমি কাটিব খুজিছাঁ? কাটা।
লোণ-সাগৰত মৌৰ টোপালেৰে মাধুৰ্য্য ৰচিবা? ৰঁচা;
পাষণ্ডক সুধা-মাতেৰে ভুলাবা? ইহে বলিয়ালি, মিছা।”
পঞ্চতন্ত্ৰ, হিতোপদেশ আদিৰ সাধুবোৰ সাধুৱেই; গল্প বা মিছা কথা নহয়। ডাৰুইনৰ অভিব্যক্তিবাদ শাৰীৰিক ক্ষেত্ৰত মানো বা নামানো, মানসিক আৰু নৈতিক ক্ষেত্ৰত হ'লে নামানি নোৱাৰি। চাৰি ঠেঙৰ দুঠেঙ বাহিৰত খহি পৰিলেও কুকুৰ, মেকুৰী বান্দৰ, শিয়াল, বাঘৰ স্বভাৱ বহুতৰ ভিতৰৰ সতকাই খহি নপৰে। টেনিছনে কবৰ দৰে (মানুহৰ ভিতৰৰ) নেজহীন বান্দৰ আৰু তেজপিয়া কুকুৰনেচীয়াৰ যেন মৃত্যু হওক! সাপে মোট সলায়, স্বভাৱ নসলায়।
‘বিদ্যা-বিভূষণ হলেও দুৰ্জন, কাষ নাচাপিবা বৰ;
মণি-বিভূষিত হৈও বিষধৰ নহয় নে ভয়ঙ্কৰ?”
জ্ঞান-লাভ ধৰ্ম-চৰ্চা আদিয়ে মেকুৰী বাঘ প্ৰভৃতিৰ স্বভাৱৰ উন্নতি যে নাসাধেই, কুকুৰৰ গাত পানী ঢালিলে জোকাৰ মাৰিলেই ওৰ পৰিল; তদুপৰি সি সমাজলৈ অধিক অপকাৰীহে হৈ পৰে, কিয়নো সেই জ্ঞান-ধৰ্ম ছলনাৰ উপায়হে হয়ঃ
‘সহজে সন্তুষ্ট হয় অল্প জ্ঞানী জন;
তাতোকৈ সহজে তুষ্ট বিশেষজ্ঞগণ।