পৃষ্ঠা:শান্তি-কৱচ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-কৱচ


“কেতেকী এপাহি, কেতেকী দুপাহি, কেতেকীৰে তিনি পাহি। ডালৰে কেতেকী, নাচে ঘূৰি ঘূৰি, বোপাদেউ পেলালে হাঁহি।” —দুফাকি বিয়াৰ নাম। একলা দুকলা কৰি তৃতীয়াৰ জোন তুমি বাঢ়িলা বেগাই। “শঙ্কলদেৱ ৰজাৰে, পুতেক মণিকোঁৱৰ, কোলাতে খতি-খুন নাই। এবেলা দোলাতে, এবেলা ঘোৰাতে, এবেলা খেড়ি খেলায়।” —গীতৰ এফাকি। নাছিলা ৰজাৰ পো; কিন্তু “অপুতৰ পুত,” বুলি ল'ই ফুৰিছিলোঁ, চুৰিয়া পিন্ধাই। “বোপাটি ধুনীয়া,ধল পাটৰ চুৰিয়া, মূৰত হেঙ্গুলীয়া ছাতি। বাটৰ বাটৰুৱাই, ৰৈ ৰৈ সুধিছে, কোন বিষয়াৰে নাতি॥”—গাইছিলো ধাই-নাম। ধন বা মানৰ ধনী ৰজা বা বিষয়া; চেনেহত কিন্তু কেও আমাৰ নিচিনা নাছিল চহকী বুলি কওঁ বুকু ডাঠি। তোমাক বুকুত লই স্বৰ্গ ঢুকি পাইছিল মাৰা-পিতাৰাই!

 আই মোৰ, সংসাৰ-সোতত, গধুৰ শিলৰ দৰে ফুৰিছিলো তলত বাগৰি; নিজ অৰ্জনৰ বুলি নাছিল একোৱে'। তুমি-লখিমীৰ গুণে বাৰী-ঘৰ, ধন-ধান এপদ-দুপদকৈ আহিল আপুনি। সোদৰৰ তিনি ভনী আৰু তিনি ভাই আহিল পিছত। “চোতালৰ আগৰে, ৰামকল এজুপি, সিও মোৰ সোদৰৰ ভাই। জীয়াই থাক মানে, কৰ কাঠি-কামি, মৰিলে লগতে যায়॥”-এফাকি বৰাগী গীত। তোমালোক সাতোটিকে লই, ঠন ধৰি উঠিছিল সোণৰ সংসাৰ। কিন্তু, কিন্তু, জন্ম-মুহূৰ্তৰে পৰা মোৰ স'তে ফেৰ মৰা নিঠুৰ নিয়তি, উঠিল ফেপেৰি পাতি। বধিলে সাৰথি মোৰ জীৱন-যুজৰ! ভগদত্ত বীৰৰ হত্যাত, কেচুৱা পুতেকে পিতৃহন্তা অৰ্জ্জুনক' ৰণ দিয়া দৰে কেচুৱা তুমিও, ভগা-ৰণ ভগা-ৰথ কাঢ়ি লই মোৰ, শত্ৰুক দেখালা ৰণ-চালি। ধন্যা তুমি, সুযোগ্যা মাতৃৰ অতি সুযোগ্যা তনয়া। মাতৃ-জাতি ধন্যা এনে কন্যাৰ কাৰণে। কেচুৱা হলেও নাৰী মাত্ৰে মাতৃ সদায়েই; বুঢ়া হৈয়ো চিৰকাল নৰ সেই মাতৃৰ পালিত।

 জয়-যাত্ৰী, সমাজৰ, প্ৰকৃতিৰ, বিধান মতেৰে, পিতৃ-গৃহ এৰি আজি, যাবা তুমি পতি-গৃহলই। তাৰ বাবে দেৱে-নৰে প্ৰাণ ভৰি বৰষিছে আশীষ নিৰ্মালি; দেৱী-নাৰী সৱে দিয়ে উৰুলি জোকাৰ। সূৰ্য্য-সোম, যম-কাল,পঞ্চ-মহাভূত, অনল-অনিল অৱনী-গগন, দ্যো-ভূঃ সদৌৱে দানিছে আশীৰ্বাদ। সৰ্ব-মঙ্গল-মাঙ্গল্য যি বিষ্ণু