উছৰ্গা
দেউতি বুকৰ মোৰ, সংসাৰ-তপন-তাপে তাপিত পৰাণ পিতৃ-মাতৃ উভয়ৰে কেতেকীৰ মউসনা মাত আৰু চন্দন-সুগন্ধি লই শীতল মলয়া তুমি ঢুলালাহি কোমল চামৰে’! পিছে আজি প্ৰকৃতিৰ ৰীতি অনুসৰি সোমাবা নিজেই তুমি গাৰ্হস্থ্য আশ্ৰম সপোন-মধুৰ কিন্তু কৰ্তব্য-গধূৰ। অতীব ভীষণ আই, সংসাৰ-সংগ্ৰাম; মোৰ ই বুকৰ পৰা পোনেই ওলাই কিমতে যুজিবা; কিমতে সহিবা তুমি যাঠি-জোং বিহসনা কাঁড় “তই” মাতে জয় পৰা কোমল প্ৰাণত!! সেইবাবে সযতনে ৰচা এই শান্তিৰ কৱচ পিন্ধালো দেউতি, মই আপোন হাতেৰে। পুণ্যৱতী আই মোৰ দশোদিশে পুণ্য সিচি দিবা; অন্নপূৰ্ণা আই মোৰ, বিতৰিবা অন্ন জগতক; সৰস্বতী আই মোৰ, মুহিবা বিশ্বক তুমি বুলাই বীণত সেই কোমল আঙ্গুলি। আগবাঢ়া, ভয় নাই, বীৰ-মাতৃকাৰ বীৰ-কন্যা তুমি; তুমুল যুজতো আবৰি ধৰিব এই শান্তিৰ কৱচে পিতৃ-মাতৃ উভয়ৰ হৃদয় স্বৰূপে; স্বৰগৰ আশীষ নিৰ্মালি পৰিবহি তোমাৰ শিৰত, বিজয় দুন্দুভি উঠে বাজি! পিছে আই, মাতৃ-জাতি তুমি, আশ্ৰমৰ পিতা নতু জন্মদাতা ৰূপে যদি কেতিয়াবা কৰিছিলোঁ ৰুঢ় ব্যৱহাৰ, ক্ষমি যাবা সকলোটি এই মুহূৰ্তত মাতৃয়ে যিদৰে ক্ষমে পুত্ৰৰ জগৰ। আগবাঢ়া আই মোৰ, বিশ্ববিজয়িনী, সপ্তপদী গমনত লাভ কৰি সপ্তম সম্পদ; শুনা সউ ঢোলৰ কুৰুলি, আয়তীৰ মধুৰ উৰুলি, বিধাতাৰ মঙ্গল মুৰুলি।
চেনেহৰ পিতাদেৱেৰা—
ডিম্বেশ্বৰ নেওগ