(১৬) জীৱন আনৰ দান; আনক দিলেহে তাক আমাৰ বুলিবৰ অধিকাৰ
জন্মে।
(১৭) বিনয়ত মহৎ হ’ব নোৱাৰিলে মহৎ হ'বৰ আন উপায় নাই।
(১৮) মৈৰাৰ পাখিৰ ভৰ দেখি ঘৰচিৰিকাই দুখ কৰে।
(১৯) অনন্তই সাহ দিয়ে, ‘মই আছোঁ। মুহূৰ্তলৈ কিহৰ ভয়?”
(২০) তোমাৰ সুৰা তোমাৰ পিয়লাত পিয়াঁ।
আনৰ পিয়লাত বাকিলে তাৰ ফেন মালা নোপোৱা।
(২১) ঈশ্বৰে কয় — মই সাপ হৈ খোটোঁ, সেইহে বেজ হৈ জাৰোঁ। ভাল পাওঁ দেখিহে দোষত শাস্তি দিওঁ।
(২২) পোহৰ দিয়া বাবে আমি চাকিৰ জুই আগৰ শলাগ লওঁ; পাছে নিজে আন্ধাৰত থাকি কিমান কষ্টেৰে গছাটিয়ে আমাক সেই পোহৰ বিলোৱাইছে তালৈ হ'লে মনত নপৰে।
(২৩) অন্যায়ে পৰাজয় নামানে, ন্যায়ে মানে।
(২৪) লোহাৰ কুঠাৰে গছক খুজিলে নাল এটা; গছে দিলে; আৰু সেই কুঠাৰেই তাৰ গুৰিত ঘাপ দিলে।
(২৫) প্ৰতি সন্তানৰ জন্মই কয়, মানুহৰ বাবে ঈশ্বৰ হতাশ হোৱা নাই।
(২৬) মুগা-পলুৰ দৰে মানুহে নিজে নিজ খোলা সাজি তাত সোমাই মৰে।
(২৭) “ইমান যে তৰা, ক’ত তাৰ জ্যোতিৰ নিজৰা?
(২৮) “ঘাঁহ-বন, তাৰ মাজে মাজে মূৰ্তি ধৰি
কি এটি মহান্ প্ৰাণ উঠে বাৰু ৰঙত শিঁয়ৰি?”
(২৯) জীৱনত মানুহ ভিন্, মৃত্যুত এক।
(৩০) ঈশ্বৰ মৰিলেই ধৰ্ম এক হ'ব।
(৩১) ‘ফল, তুমি মোৰ পৰা কিমান দূৰত?”
“ফুল, মই বিৰাজিছোঁ তোমাৰ গৰ্ভত।”
(৩২) তৰোৱালৰ তীক্ষ্ণতা ৰক্ষা কৰিবৰ বাবেই তাৰ ফাক ভোটা।
(৩৩) ক্ষমতাই কলে ‘পৃথ্বী, জানা তুমি মোৰ’
পৃথিৱীয়ে ক্ষমতাক বান্ধি ক’লে ‘চোৰ।”
প্ৰেমে ক'লে পৃথিৱীক, ‘মই যে তোমাৰ!’
পৃথিৱীয়ে বোলে ‘প্ৰেম গৰাকী ধৰাৰ।’