কালৰ কুটিলা গতি! সেই ভাৰতবৰ্ষই আজি অকল য়ু’ৰপ নহয়, ন-চহকী
আৰু ন-সভ্য আমেৰিকাৰ দুৱাৰ-দলিত অকল ধনৰ বাবেই নহয় আদৰ্শৰ বাবেও
ভিক্ষা-জুলী লৈ উপস্থিত! ভাৰত-মাতৃৰ প্ৰতি ইয়াতকৈ হীন অপমান নিজ
সন্তানেহে নালাগে সাত শতৰুৱেও কৰিবলৈ সাহ নকৰিলেহেঁতেন। ব্যক্তিৰ দৰে
জাতিৰ শ্ৰেষ্ঠতম সম্পত্তি আত্মসন্মান; গৰুৰ নেজত ধৰি বৈতৰণী পাৰ হ'ব
খোজা মূৰ্খৰ দৰে ভাৰতীয়ই আজি আমেৰিকাৰ নেজত ওলমি ভৱ—সাগৰ পাৰ
হ’ব খুজিছে। ইয়াতকৈ আৰু দুখলগা প্ৰহসন কোনো নাট্যকাৰে ৰচিব নোৱাৰিব
নিশ্চয়। ভাৰতৰ এই “অতো নষ্ট ততো ভ্ৰষ্টঃ” অৱস্থাৰ বাবেই নীচতম
আত্মকেন্দ্ৰিকভাবে ৰাষ্ট্ৰ আৰু সমাজ গ্ৰাস কৰিবলৈ ওলাইছে।
শিক্ষা আৰু প্ৰকৃতি
বিশ্বৰ মূল গ্ৰন্থ-প্ৰকৃতি; মানুহে লিখা সকলো গ্ৰন্থ ইয়াৰ সৰু-সুৰা প্ৰতিলিপি। ইহাতে, মানুহ প্ৰকৃতি-সন্তান; যদিও আজি সভ্যতাই আমাক প্ৰকৃতিৰ পৰা আঁতৰাই আনিবৰ চেষ্টা কৰিছে, তথাপি আজিও মানুহৰ শান্তিৰ বাবে প্ৰকৃতিৰ শীতল কোলা পতা আছে। এতেকে সকলো ফালৰপৰাই সেই আদিম গ্ৰন্থ প্ৰকৃতিৰ শিশুৰ বিদ্যাৰম্ভ হ'ব লাগে; মানুহে লিখা গ্ৰন্থ আগ হ'ব নোৱাৰে।
পুষ্প মানে ফুল, হস্তী মানে হাতী, ইত্যাদি; কিন্তু পুষ্প, হস্তী আদি অভিধান বা কিতাপত নাথাকে; পুষ্প বা হস্তী কি তাক চিনিবলৈ হ'লে প্ৰকৃতিৰ বুকুত বিচাৰিব লাগিব। পুথিগত বিদ্যা অকল অবাস্তৱেই নহয়, বহুত সময়ত সি ভ্ৰান্ত আৰু অনিষ্টজনক হয়; পুথিৰ পাঠ সহজে নীৰস আৰু আনন্দ-নাশক হ’ব পাৰে, কিন্তু প্ৰকৃতি-পাঠ চিৰ ৰসাল আৰু সদানন্দময়। এতেকে পোনতে তিনি বছৰ মান বয়সৰ পৰা প্ৰকৃতি-পাঠত শিশু-শিক্ষা আৰম্ভ কৰি পাঁচ-ছয় বছৰ বয়সৰ আগত কিতাপৰ লগত ভেটা-ভেটি কৰিব নালাগে; ইমানেই নহয়, সকলো সময়তে কিতাপতকৈ প্ৰকৃতিৰ পৰা জ্ঞান আৰু অনুপ্ৰেৰণা লাভৰ যত্ন কৰিলে শিক্ষাৰ্থী সদায় লাভবান হয়।
ৰামায়ণ প্ৰভৃতিত অলেখ চৰাইৰ নাম আছে, কীৰ্ত্তন আদিত নানা ফুলৰ নাম আছে, অনেক গ্ৰন্থত অনেক জীৱ-জন্তু, গছ-গছনিৰ নাম আছে, প্ৰাকৃতিক ভূগোল আদিত ডাৱৰ, নৈ, পৰ্বত আদিৰ উৎপত্তিৰ কথা আছে, কিন্তু পোনে পোনে সেইবোৰ পঢ়িলে তাৰ প্ৰকৃত উপলব্ধি হ'ব নোৱাৰে; আৰু বহুত সময়ত সি আমাৰ মূৰত জীণ নোযোৱা আহাৰৰ দৰেই থাকে। কিন্তু যেতিয়া আমি প্ৰকৃতি-পাঠৰ পৰা কিতাপৰ পাঠলৈ আহোঁ তেতিয়া আমাৰ বাবে সকলো জ্ঞান