পৃষ্ঠা:শান্তি-কৱচ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শান্তি-কৱচ


 

নিৰ্ভৰ

 

১। নিজ অধিকাৰ-অনধিকাৰ চিনিব পৰাই জ্ঞানীৰ প্ৰকৃত লক্ষণ। খৰিভাৰীত পৰিও ৰজাৰ যি জীয়ৰীয়ে সম্ভ্ৰমেৰে ভাত মুঠি মোকলাই খাব পাৰে, তেৱেই সুতিৰি; দুৰৱস্থাত পৰিও যি হাঁহিমুখে তাক গ্ৰহণ কৰিব জানে, তেৱেই সুপুৰুষ।

২। ঢাল খনৰ দুটা ফালৰ দৰে দুটা ফাল ভাগ্যৰো; কাৰ বেলিকা কোন ফাল পৰে সি সম্পূৰ্ণ আকষ্মিক গুণে তাৰ ওপৰত আমাৰ হাত কিম্বা মাত নাই। কিন্তু যি ফালকে পৰক, তাৰ কি ব্যৱহাৰ কৰো, তাত হলে আমাৰ সম্পূৰ্ণ দায়িত্ব।

৩। “মাৰিলে শিলৰ গড় নোহে বন্দীশাল, লোহাৰেও পিঞ্জৰা নহয়ঃ স্বাধীনচিতীয়া লোকে এই সকলোেকে শান্তিৰ আশ্ৰম মানি লয়।” এনে নিৰ্ভীক হৃদয়ৰ স্বাধীন-চিন্তাত হাত দিবৰ অধিকাৰ নাই দেৱতাৰো।

৪। যেতিয়ালৈকে আমাৰ নিৰপেক্ষ নিৰ্ভীক বিবেচনা নাথাকে, যেতিয়ালৈকে আমি পৰৰ বিচাৰৰ অধীন, তেতিয়ালৈকে আমি দাসৰো দাস, আৰু পানীৰ সোতত উটি যোৱা খেৰ কুটাৰ নিচিনা।

৫। সৌভাগ্য-সম্পত্তি, মান-যশ, মিতিৰ-কুটুম, সৰহ কি নিজ স্বাস্থ্যও স্বাধীন চিতৰ শান্তিৰ বাবে ঘৰৰ মানুহ নহয়, চপনীয়াহে। সেইবোৰ বেৰৰ মাটিৰ দৰে, গোৰ মাৰিলেই ওৰ পৰে; প্ৰকৃত শান্তি আৰু সুখ নিজ মনৰ বাপতিসাহোন।