পৃষ্ঠা:শান্তি-কৱচ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শান্তি-কৱচ


 

বিনয়

 

১। যেই সেই মানুহেই তোমাতকৈ এটা নহয় এটা গুণত চৰা; ইয়াক জানি-মানি তেওঁৰ সেই গুণটি বিচাৰি উলিয়াই তাৰ বাবে তেওঁক শলাগ যাচিবা। প্ৰকৃত গুণৰ আদৰ জনোৱা আৰু ভালৰি লগোৱা, দুটা সুকীয়া কথা; আগৰটো অকপট আৰু মহৎ, পিছৰটো কপটীয়া আৰু নীচ।

২। আত্মশ্লাঘা আত্মহত্যাৰ তুল্য। নিজ আই-বোপাই বা ল'ৰা-ছোৱালী, ভাই-ককাই বা বাই-ভনী বা নিজ বংশ পৰিয়ালৰ গুণ-যশ বখানি ফুৰাও কুৰুচিৰ চিনাকি। তুমি নিজৰ সম্পৰ্কে যিমানে বৰাই কৰিবা, আনে। তোমাক নিশ্চয় সিমানে হীন ভাবিব।

৩। নিজৰ দুখ-দুৰ্ভাগ্যৰ কথাও আনৰ আগত উপজাচি বৰকৈ কৈ ফুৰা সুৰুচিৰ কথা নহয়। কথা-বতৰাত নিজৰ বিষয়ে যিমান পাৰা তাকৰাই আৰু লোকৰ সম্বন্ধে কোৱা কথালৈ যিমান পাৰা সৰহাই কাণ পাতিবা। লোকক বৰকৈ ক’ব নিদিয়া বা আনৰ কথাৰ ওপৰতে কথা কোৱা অশিষ্টাচাৰৰ বাহিৰে একো নহয়।

৪। কোনো লোকৰ ভুল দোষ তেওঁৰ মুখৰ ওপৰতে নকৈ তেওঁৰ মুখখন ৰক্ষা কৰিবলৈ ছেগ দিবা। তেওঁৰ দোষটো দোষ বুলি নকৈ তুমি সেই অৱস্থাত কি কৰিলাহেঁতেন, আৰু ভুলটোও তেওঁ যেন জনা কথাহে পাহৰিছে, এনেভাৱে কোৱা উচিত।

৫। তৰ্ক-বিতৰ্কৰ পৰা সদায় ফালৰি কাটিব লাগে। বলেৰে এজনক তৰ্কত জিনিও স্বৰূপতে হৰাহে হয়; “হাৰিয়া জিনয় কতো জিনিয়া হাৰয়।” (শঙ্কৰদেৱ) তোমাৰ বাটটো নেৰিবলৈ গৈ কুকুৰৰ কামোৰ খোৱাতকৈ, বাটটো এৰি অহা জ্ঞানীৰ কাম নহবনে?