‘সংসাৰ বিহৰ বিৰিখত ফল অমৃত উপম দুটিঃ
কাব্যামৃত-ৰস-আস্বাদন আৰু সজ্জন আলাপ-প্ৰীতি।’
নিজত বন্ধুৰ গুণ নাথাকিলে আনক বন্ধু পোৱা টান; বন্ধু পালেও বন্ধুত্ব বান্ধি ৰখা আৰু কঠিন। বন্ধুৰ গুণবোৰ বাহিৰত আৰু দোষ দেখিলে ভিতৰি তেওঁক অকলে বেয়া নোপোৱাকৈ ক’ব লাগে। ধাৰলৈ কেতিয়াও কাৰো পৰা আৰু কাকো ধন বা আন বস্তু অনা বা দিয়া অতি অন্যায়, অন্ততঃ বন্ধুৰ পৰা বা বন্ধুক।
‘আছিল সুহৃদ মোৰ, আৰু মোৰ ধন;
সুহৃদক দিলোঁ ধাৰে, (হৰষিত মন!)
সাধিলোঁ, সুহৃদ্ হেৰা, দিয়া মোৰ ধন';
হেৰুৱালোঁ সুহৃদক; হেৰুৱালোঁ ধন।’
[গ] বিৎ-বিদ্যা-বুদ্ধি
“আটাইতকৈ আগ হৰি-কথা। তাতোকৈ আগ চাউল কঠা॥” ধন- সম্পত্তি নহ'লেও জীৱনৰ অমিয়া পাব নোৱাৰি।
‘মগনিয়া এটি গই মৰিশালিলই
পৰি থকা শৱটিক ক'লে, ‘ভাই অই!
ধৰাঁ ই দুখৰ মোৰ মেটমৰা ভাৰ।’
কাকুতিতো শৱটিৰ নাই কাণ-সাৰ।
মগনিয়াটিৰ হ’ল জ্ঞান ফৰকাল⸻
‘মৃত্যু দাৰিদ্ৰতকৈ শত গুণে ভাল।’
ধন-সম্পত্তি ঘটাই কথা নহয়, তাৰ সংৰক্ষণ আৰু পৰিচালনা শুদাশুদি বুলি ভাবিব নোৱাৰি।
‘তিৰুতা, পুৰুষ, ঘোৰা, পুথি, তৰোৱাল,
বীণ, শব্দ, এই সাত বেয়া নে কি ভাল;
চলোৱাৰ ওপৰত সকলো নিৰ্ভৰঃ
চলাব জানিলে সোণ, নহ'লে গোবৰ।”
ইফালে অতি-সম্পত্তিও বিপত্তিৰ হেতু হ'ব পাৰে; তাৰ বাবে হামৰাও কাঢ়ি ফুৰাও বেয়া—
“তাকৰ সৰহ যি ধন ধাতাই থলে কপালত ধৰি,
তাকে পাবা মেৰু–মৰু য'তে ভ্ৰমা, নাই তাৰ হীন-ডেঢ়ি।