১। চাৰিআলিৰ মূৰত দুজনৰ চা-চিনাকি আৰু মিলা-প্ৰীতি ঘটিল; শেষত ইজনে সিজনক ক'লে, “যাওঁ, বলা।” দুয়ো খোজ দিলে; কিন্তু এজনে পূবলৈ আৰু ইজনে পশ্চিমলৈ মূ কৰি। জীৱনৰ চাৰি-আলিতো এইদৰেই বহুতক খন্তেকীয়া চকুৰ চিনাকিয়ে কাষ চপায়, কিন্তু প্ৰাণৰ চিনাকি নোহোৱাত এৰাএৰি হ’ব লগা হয় চিৰকাললৈ।
২। জীৱন কেৱল চকুলোৰ নৈ নহয়; সেই বুলি ই মাত্ৰ খোৱা-পিয়াৰ বালি-ঘৰো নহয়। স্বৰূপতে জীৱন সেৱাৰ ঠাই; এই সেৱাত যথেষ্ট কষ্ট আছে সচা, কিন্তু তাৰ লগত অভাৱনীয় আনন্দও আছে। এই বিমল আনন্দ লভিবলৈ হ'লে নিঃস্বাৰ্থ সেৱা-ধৰ্ম-ব্ৰতী হ’ব লাগিব।
৩। প্ৰকৃত সেৱা-ধৰ্মী হ’বলৈ হ'লে নিজা সুখ-ভোগৰ বাহিৰে আৰু প্ৰায়ে নিজা সুখ-ভোগৰ বিপৰীতে তোমাৰ এটা প্ৰায় অহৈতুক উদ্দেশ্য থাকিব লাগিব; ইয়াৰ বাবে যথেষ্ট ত্যাগ কৰিব লাগিব, আৰু এই ত্যাগ বা পৰোপকাৰতেই প্ৰকৃত আনন্দ পাব লাগিব; কিয়নো এই ত্যাগৰ প্ৰতিদান আনৰ পৰা বিপৰীতভাৱে পালেও তোমাৰ গা টেঙাব নোৱাৰিব, কিয়নো, সেৱাহে তোমাৰ লক্ষ্য।
৪। পৰম্পৰ, পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী, জ্ঞাতি-মিত্ৰ, বংশ-পৰিয়াল, সমাজ আৰু সংসাৰৰ মাজেদি এই স্বাৰ্থহীন, বাধাহীন আৰু অন্তহীন সেৱাৰ সোত বোৱাই নিয়াই বিয়াৰ মহৎ উদ্দেশ্য। তাকে পাহৰি অকল গাই-গোটা পেটে-ভৰাল হৈ সঙ্কীৰ্ণ সুখ-উপভোেগ কৰিবলৈ হ'লে বিয়াৰ উদ্দেশ্য বিফল হয়; কিয়নো সীমাবদ্ধ সুখ-ভোগৰ বাবে হোৱা স্ত্ৰী-পুৰুষৰ মিলন প্ৰকৃততে বেশ্যালি।
৫। “সংসাৰত ঈশ্বৰৰ কাৰ্য কৰিবলে, মানুহক দিবলই ছঁয়া;
ঘৰ এৰি গলি তই কিহৰ বেজাৰ, বিশ্বজুৰি মলিয়ক দয়া।
সংসাৰ মৰুৰ শ্যাম বট-বৃক্ষৰূপা সন্তাপীৰ সুখ পাপীৰ ত্ৰাণ।
পুণ্যবাট দেখুৱাতী সৰগ জীয়ৰী আগবাঢ়া কৰি শান্তি স্নান।
তৃষিত মৰত মুখে ঢালিবা পীযুষ অন্ন দিবা অন্নপূৰ্ণা হই”⸺
বিৱাহৰ মহৎ আদৰ্শ ইয়াৰ বাহিৰে কিবা হ'ব পাৰে নে?