সদায়েই শুভ বৰদাতা, নমস্কৃত্য সি বিষ্ণুক, আগবাঢ়া আজি। মাধৱ-মাধৱ বাক্য, মাধৱ-মাধৱ হৃদি, হই সাধুসৱে সাধে কৰ্ম সদ; বিশিষ্ট
ভাৰতবৰ্ষ পুণ্যভূমিতেই বৈবাহিক শুভ লগ্ন শুভ যোগ শুভ নক্ষত্ৰত হক এই কাৰ্য সমাপিত। নিত্য-শ্ৰী, নিত্যজয়ী, নিত্য কল্যাণৰ মঙ্গলায়তন, ভগৱান হক হৃদিস্থিত। নমো জ্যোতিৰূপ বাসুদেৱ! ওম্ বিষ্ণু, ওম্ তৎ সৎ!!
আহাঁ বৰ, বিষ্ণুৰ স্বৰূপ তুমি, অৰ্চ্চিম তোমাক।লোৱা গন্ধ পুষ্প, এই ধূপ-দীপ। কন্যাৰ কল্যাণ, তোমাৰ কল্যাণ, বিশ্বৰ কল্যাণ হেতু এই মহাদান। স্বয়ং লখিমী ৰূপা এই কন্যা লভি আজিৰ পৰাই হলা তুমি লক্ষ্মীপতি। হে বৰ, তুমি সাম, এই কন্যা ঋক্। সুউচ্চ আকাশ তুমি; কন্যা এই সুবিস্তীৰ্ণা শ্যামলা পৃথিৱী। এই ভাৱেৰেই বাস কৰি সন্তোষেৰে শত শৰদৰ সৌভাগ্যৰ সুখ ভোগাঁ সৰ্বতো প্ৰকাৰে।
লক্ষ্মী তুমি, আগবাঢ়া সপ্তপদ। অন্ন-বৃদ্ধি হেতু একপদ আগলই নিয়ক বিষ্ণুৱে। শক্তি বৃদ্ধি হেতু দুই পদ আগলই নিয়ক বিষ্ণুৱে। ধন-বৃদ্ধি হেতু তিনি পদ আগলৈ নিয়ক বিষ্ণুৱে। সুখ-বৃদ্ধি হেতু চাৰি-পদ আগলৈ নিয়ক বিষ্ণুৱে। পশু-বৃদ্ধি হেতু পাঁচ পদ আগলই নিয়ক বিষ্ণুৱে। সপ্তদ্বীপা বসুমতী জুৰি খ্যাতিমতী হবলই, পতি-ব্ৰতা স্বামী সুৱাগিনী, সাত পদ আগলই নিয়ক বিষ্ণুৱে। জনমৰে পৰা ধৰি আজি দিনলৈকে, জানি বা নাজনি মই যি দোষ কৰিলো, ক্ষমা আজি সকলোটি। আক্ৰোশ তাড়না কিম্বা বাক্যৰ পীড়ন, খঙৰ বেগত কিম্বা মঙ্গল চিন্তাত, কৰিছিলো যিবা মই,স্বৰ্গদাত্ৰী তুমি ক্ষমা দিয়া মোক যেন এই মুহূৰ্তত। শয্যাসন, পৰিচ্ছদ, খোৱাৰ সঁজুলি, সামান্য ভাবেৰে সম্প্ৰদান কৰি দিলোঁ যৌতুক স্বৰূপে; সাদৰে গ্ৰহণ
কৰা, সেয়েই সহস্ৰ গুণে বঢ়াব সম্পদ। পিতৃকুল এৰি যাবা পতিকুললৈ; তাৰ বাবে উৎকণ্ঠা তোমাৰ, অনুকূল বায়ু আৰু চন্দ্ৰ-সূৰ্য দশোদিশে ঠেলি দূৰলই, পতিকুল অনুকূলা কৰোক তোমাক। শত শৰদৰ আয়ু-ষ্মতী ভাগ্যৱতী হোৱা তুমি চিৰ-তেজস্বিনী।
হেৰা বৰ, সূৰ্যৰ সদৃশ নিজ প্ৰতিভাৰে তুমি জিনি সৱাকে; চন্দ্ৰৰ নিচিনাকৈ চেনেহেৰে সকলোকে কৰিবা আপোন। হীন-দুষ্ট-দ্বেষী যত, সিবোৰক গৰকিবা বিষ্টৰৰ দৰে। দীপ্তিশালী যিবা, তাকো
পৃষ্ঠা:শান্তি-কৱচ.pdf/৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে