প্ৰীতি-বাক্
(১) মেঘৰ চকুপানীয়েই পৃথিৱীত হাঁহি ফুলায়।
(২) বেলি হেৰুৱাই চকুপানী টুকি থাকিলে তৰাৰ জেউতিও দেখিবলৈ নাপাবাঁ।
(৩) সাগৰৰ ভাষা কিহৰ? অনন্ত প্ৰশ্ন।
তাৰ সমিধানৰ ভাষা কিহৰ? অনন্ত নীৰৱতাৰ॥
(৪) দাপোণত দেখাখন তোমাৰ মুখ নহয়, তাৰ প্ৰতিচ্ছবিহে।
(৫) জোৰগছ পিছলৈ ধৰিলেহে, তোমাৰ ছাঁ আগলৈ পৰিব।
(৬) চকুৰ পটা চকুৰ লগতহে, জিৰণিও কামৰ লগতহে।
(৭) মানুহ কেচুৱাই, বিকাশতহে বলৰ পৰিচয়।
(৮) খৰালিৰ শুকান নৈয়ে, তাৰ বাৰিষাৰ শলাগ নাপায়।
(৯) চৰায়ে ভাবে ‘মই ডাৱৰ নহলো কিয়!
ডাৱৰে ভাবে ‘মই চৰাই নহলো কিয়!
(১০) জলপ্ৰপাতে কয়, মুক্তিয়েই মোৰ গীত।
(১১) ঘৰুৱাহী কামত তিতাৰ পদস্ফুৰণ শিলৰ মাজেদি ঝৰণাৰ নৃত্যৰ দৰে।
(১২) বেলিয়ে অস্তাচলে নামি পশ্চিম সাগৰ সাঁতুৰি ভাগৰি আহে, অভিনন্দন পায় উদয়াচলে।
(১৩) তোমাৰ ভোক নাই? তেন্তে ৰন্ধা-বঢ়া বেয়া বুলিছা কিয়?
(১৪) প্ৰেমিকাৰ কথাৰ একো অৰ্থই নাই।
তেও প্ৰেমিকে তাত বুৰি
জোলোকা জোলোকে পানী খায়।
প্ৰেমিকাৰ প্ৰেমত নহয়,
নিজৰ প্ৰেমত প্ৰেমিক তন্ময়॥
(১৫) মূৰ্তি ধূলিত লয় পায়; তাৰ অৰ্থ এয়ে, ধূলি মূৰ্তিতকৈ মহৎ।