পৃষ্ঠা:শান্তি-কৱচ.pdf/২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৪
শান্তি কৱচ


উদ্গনিত আগনাবাঢ়িলে বিফলতাৰ গেলা ডাৱৰীয়াত জীৱন পচে। সপোন বা আদৰ্শ নোহোৱা জীৱন বঠা নোহোৱা নাৱৰ দৰে কেনিবা উটি যায়।

৪। সুখ-সন্তোষ মনৰ কথাহে, ধনৰ কথা নহয়। ঐশ্বৰ্যও লাঞ্ছিত আৰু দাৰিদ্ৰ্যও গৌৰৱান্বিত হ'ব পাৰে। ধন-পদবীৰ পৰা পোৱা মান-মৰ্য্যদা মৈৰা পাখি গুজি লোৱা ঢেৰা-কাউৰীৰ যশস্যা; নিজ দেহৰ তাপৰ লগত বায়ুৰ তাপৰ মিলেই যেনেকৈ শাৰীৰিক সাম্য, অন্তৰ্জগতৰ লগত বহিৰ্জগতৰ সামঞ্জস্যই সেইদৰে মানসিক শান্তি।

৫। লোকৰ কথাত কাণ, আনৰ পৰা বিচৰা মান, ইন্দিয়ৰ ভোগ বাঞ্ছা, ধনৰ অন্যায় আকাঙ্ক্ষা, এনে পাপ-বেহাৰ বাবেই আমি সংসাৰত দাসৰ দাস! নিজৰ জীৱিকা বা মঙ্গল-সাধনৰ বাবে পৰমুখাপেক্ষী হোৱাতকৈ তোমাৰ স্ৰজনকৰ্তাৰ প্ৰতি ডাঙৰ লাঞ্ছনা হ’ব নোৱাৰে। তোমাৰ মুক্তি লোকে সাধন কৰি দিব আৰু তোমাৰ ভাত মুঠি লোকে গিলি দিব বুলি ভবা একে কথা।

 

অৰ্জন

 

১। এৰা, ধন-সংগ্ৰহ মাত্ৰই ধন-অৰ্জন নহয়। ভেতি খোৱা বা ৰাজহুৱা ধন অপহৰণ কৰাটো সেইদেখি তোমাৰ অৰ্জন নহয়, ই অকল চুৰি বা ডকাইটিতৰেই নহয়, বিশ্বাসঘাতকতাও। আশাশুধীয়া জীৱ-সেৱাৰ নিৰ্মালি ৰূপে অহা ধনেইহে প্ৰকৃত অৰ্জন; গতিকে এটা চকু ৰোগীত আৰু ইটো চকু তেওঁৰ ধনৰ জোলোঙাত থৈ কৰা চিকিৎসাতো ষোল অনাই প্ৰকৃত অৰ্জন নহয়।

২। সন্মান লাভৰ বিষয়েও একে কথাই। তোমাৰ আশাশুধীয়া জীৱসেৱাৰ বাবে যদি সন্মান আহে, আহক; তাক সহিবা বা মন গলে যত্নেৰে ৰাখিবা। কিন্তু জীৱ-সেৱা কৰিলা বা নকৰিলা, মানসিক আৰু নৈতিক গেলা-পচা খাল-ডোঙ একোকে নগণি বলিয়াৰ দৰে সন্মান তুমি খেদি ফুৰিলা বা ভিক্ষা ৰূপে কাৰবাৰ পৰা খুজিয়ে ললা বা কোনোবাই এনেয়ে দিলেও তুমি “স্বস্তি” বুলি চকুৰ টিপতে তোমাৰ জোলোঙাত ভৰালা, ই চোৰাং বেপাৰৰ বাহিৰে একো নহয়।

৩। অৰ্থ যিদৰে সাধাৰণতে বহুত অনৰ্থৰ মূল, মান-মৰ্যাদাও তেনেকুৱাই; এইবাবেই প্ৰকৃত সুধীজনে ইয়াক বৰ বিহ বুলি ভাবে। মান-মৰ্য্যদাই তোমাক নিজক পাহৰায়, অপমানেহে সোঁৱৰায়; মান-মৰ্যাদাত কলি আৰু