পৃষ্ঠা:শান্তি-কৱচ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
শান্তি-কৱচ


তদুপৰি পৰীক্ষাৰ ফলাফলৰ ওপৰত যি ডিগ্ৰীৰ আঁক মাৰি দিয়া নিয়ম আছে সিও অথলে গৈছে; কিয়নো উচ্চ শিক্ষাৰ কোনো প্ৰমাণ নলগা সামান্য চাকৰি এটাৰ বাবেও হাজাৰ হাজাৰ নহ'লেও শ শ আবেদন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীসকলৰ পৰা দ’ম হয়হি।’

 বিজ্ঞান আৰু শিল্প বিদ্যালয় আৱশ্যকীয় অনুপাতত নাই, ইফালে ডিগ্ৰীৰ অন্যায় মোহ আৰু কৰ্মবিমুখতা, ইত্যাদিয়েই এনে প্ৰাৰ্থী-স্ফিতিৰ হেতু বুলিব পাৰি। শিল্প-বিজ্ঞানৰ বিদ্যালয় হ’লেও তাতকৈ শ্ৰমবিমুখ চাকৰিয়াল হ’বৰ ধাউতি সহজে আঁতৰি যোৱাৰ আশা তাকৰ; গতিকে মসীজীৱী বা বুদ্ধিজীৱীতকৈ শ্ৰমজীৱীসকলৰ উপাৰ্জন ওখত থকা বাঞ্চনীয় হ’ব আৰু বাস্তৱতে শ্ৰমজীৱীবিলাকেই সমাজ যন্ত্ৰৰ উন্নতিৰ প্ৰকৃত চালক।

 

শিক্ষা আৰু ৰাষ্ট্ৰ

 

 যিগুণে মানুহৰ অভাৱ-অভিযোগবোৰ প্ৰায় একে, কিন্তু শক্তি-সামৰ্থ্য বহুত বেলেগ, আৰু যিগুণে সেই অভাৱ-অভিযোগবোৰ পূৰাবলৈ গাই-গুটীয়া শক্তি- অসম্পূৰ্ণ, সমূহীয়া শক্তিৰ প্ৰয়োগতহে সেইবোৰ পূৰাব পাৰি; সেই গুণেই সমাজৰ প্ৰতিষ্ঠা আৰু ৰাষ্ট্ৰৰ জন্ম, আৰু সেই গুণেই ৰাষ্ট্ৰীয় চৰিত্ৰৰ স্বৰূপ তাৰ নাগৰিক চৰিত্ৰৰ প্ৰতিৰূপ হয়।

 ৰাষ্ট্ৰীয় চৰিত্ৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰই নিখুঁত শিক্ষা-যন্ত্ৰ গঢ়ি ল'ব লাগে। দুশ বা ততোধিক বছৰৰ পৰাধীনতাত ভাৰতৰ জাতীয় চৰিত্ৰৰ কল্পনাতীত অৱনতি ঘটিছিল যে সন্দেহ নাই; আৰু দাসত্ব শৃংখলৰ শিক্ষা পদ্ধতিয়ে যে সেই অধঃপতনত যথেষ্ট বৰঙণি যোগাইছিল সিও ধ্ৰুব সত্য। গতিকে আজি ভাৰতৰ ৰাষ্ট্ৰীয় চৰিত্ৰৰ উন্নয়ন কৰিবলৈ হ'লে সেই পৰাধীন শিক্ষা-পদ্ধতিৰ সংশোধন নহয়, বাস্তৱতে আমূল পৰিৱৰ্তন কৰিব লাগিব নিশ্চয়, কিয়নো যি বগা সৰিয়হেৰে ভুত জাৰে তাতে যদি ভুত সোমাই থাকে তেন্তে ভুত খেদোৱা সকলো চেষ্টা বিফল নহৈ নোৱাৰে।

 পৰাধীনতাৰ সেই দুশ-আঢ়ৈশ বছৰৰ লগত বৰ্তমান ৰাজনৈতিক স্বাধীনতাৰ এই কুৰি বছৰ যোগ দিয়া হওক, ⸺ এই প্ৰায় তিনিশ বছৰ মানসিক পৰাধীনতাত থাকি এই পদ্ধতিৰ পাপখিনি ওপৰে ওপৰে চালে আমাৰ চকুত নপৰা একো আচৰিত কথা নহয়; কিন্তু আমাৰ চকুত নপৰিল বুলি সেই পাপে