(৫) দয়ালু পোহৰ, মোক নিয়া বাট দেখুৱাই;
ভৰিৰ খোপনি যেন নিপিচলে আৰু হায়!
সুদূৰ ভৱিষ্যৎ, তাত ভুমুকি নামাৰোঁ গই;
এখোজ আগলৈ, আৰু একো নিবিচাৰোঁ অই!
(৬) কাইলৈৰ কাৰণে ভবা তোমাৰ অনধিকাৰ চৰ্চা; আজিটোহে তোমাৰ সম্পূৰ্ণ নিজা, আচুতীয়া।
(৭) কালি আৰু কাইলৈক লোহাৰ কপাটত সুমুৱাই, খুন্দ খোৱা আজিত জীয়াই থাকা পূৰাকৈ।
(৮) কাইলৈ তুমি মোৰ অনিষ্ট কৰিব খুজিছা, কৰিবাঁ; আজিটো মুঠেই ভালকৈ জীয়াই থাকিবলৈ দিয়াঁ।
(৯) আজিটোৱেইহে জীৱন; কালিটো নাছিল, কাইলৈটো নহ'ব।
(১০) আজিটো কেনে বিনন্দীয়া! ইয়াক হাততে মলঙি যাবলৈ দিলে হ’লে দুহাতে হিয়া-মূৰ ভূকুৱাইয়ো ঘূৰাই নোপোৱা।
(১১) বিপল, পল, দণ্ড, প্ৰহৰ⸺ইহঁতৰ সমষ্টিয়েই আজিটো : ইহঁতৰ আঁহে আঁহে জীয়াই থকাই জীৱন।
(১২) টোপনিয়ে মৰণে সমান; এতেকে তোমাৰ প্ৰত্যেক আজিটোৱেই একোটা নতুন জীৱন বুলি বুজিবাঁ।
(গ) উদ্বেগ
(১) ‘উদ্বিগ্ন হোৱা’ আৰু ‘চিন্তাযুক্ত হোৱা’ দুটা সুকীয়া কথা। আগৰটো অলপ ধতুৱাৰ পৰিচয়, পিছৰটো কথা-গৰকা স্বভাৱৰ চিনাকি।
(২) উদ্বেগ এচকুৱা দৈত্য, তাৰ দিশ্ বিদিশ্ জ্ঞান নাথাকে; চিন্তা জ্ঞানী, ই আগ-পিছ গুণে।
(৩) উদ্বিগ্নতাই উপায় হেৰুৱায়, চিন্তাই উলিয়ায়।
(৪) উদ্বেগৰ গুৰি ভয়, চিন্তাৰ গুৰি সাহ।
(৫) ‘মই ইমানবোৰ বৰ বৰ বিপদত পৰিছিলোঁ! সৌভাগ্যক্ৰমে সেইবোৰৰ সৰহখিনিয়েই বাস্তৱতে নঘটিল।’
(৬) আমাক কেতিয়াবা তপত ভাতৰ ধোৱায়ো গিলিব খোজে! ভয়ৰ সৰহভাগেই অলীক।