আধাতকৈ সৰহ নকবাই; তাকো কাক, ক’ত, কেতিয়া, সকলো গমি-পিতিহে। পানীক শলাগিবা, পিছে যধে মধে তাতে নানামিবা।
সমাজ কুট-কুশলীৰে ভৰা; অতি আপচু কথা সুললিতকৈ ক'ব আৰু অতি আপচু কাম শুৱলাকৈ কৰিব জনাজনেই কূট-কুশলী। তেওঁৰ ‘হয়’ মানে ‘হব পাৰে’, তেওঁৰ ‘হব পাৰে’ মানে ‘নহয়’; আৰু ‘নহয়’ বুলিলে তেওঁ কুট- কুশলীয়েই নহয়। এনে লোকক চুঙা চাই সোপা দিবলৈ হ'লে পোনপটীয়াকৈ কবা; অৱশ্যে ওলটাটোকে বুজি ল’ব।
অসত্য সততে সিংহাসনত, সত্য সদায় ফাচিকাঠত; ভুলতো এই কথা নাপাহৰি সত্যৰ পথত চলিবা। ধৰ্ম যুজহে, সপোন নহয়; এই যুজৰ ফল আত্মিক সস্পদ আৰু ঐহিক বিপদ স্বাভাবিক। সঁচা কবাঁ, লাঠি খাবা; মিছা কবা, আটাইৰে আপোন হবা; দৈত্য সমাজৰ এই বামানয় শাস্ত্ৰ চিচিৰকৈ ফালি সজ পাঠ দিবলৈ প্ৰহ্লাদৰ সাহপিত বুকত বান্ধিব লাগিব। চিৰকলীয়া সম্মানৰ লেৰেলি নোযোৱা প্ৰতিভাৰ মালাই কাঁইটীয়া লতাৰ ফুলৰ।
ভক্ত ভগৱন্তৰ ভদ্ৰলোক, আৰু বিষ্ণুৰ লেখীয়া জনহে বৈষ্ণৱ। ভগৱন্তৰ ফলীয়া এজনেই সৰহ ভাগ। প্ৰথম পাষণ্ডৰ পাষণ্ডালি আৰু প্ৰথম মূৰ্খৰ মূৰ্খালি লগ লাগি সমাজত ধৰ্মৰ বেপাৰ চিৰকাল চলিছে; দেৱ-দেৱী বা ঈশ্বৰৰ নাম এই বেপাৰৰ মূলধন। সেইহে খৃষ্ট জন্মৰ পাঁচ-ছয় শত বছৰৰ আগতে ভাৰতবৰ্ষত বুদ্ধদেৱে আৰু চীন দেশত লাওছে আৰু কন্ফুছিয়াছে ঈশ্বৰ-বিহীন অহিংসা ধৰ্মৰ প্ৰচাৰ কৰিছিল।
অহিংসা নিষেধাত্মক গুণ নহয়, আদেশাত্মকহে; হিংসা নকৰিলেই অহিংসা নহয়ঃ “মৰমেই ধৰম”হে তাৰ বাণী। পিতাকৰ আদেশ-আদৰ্শ নামানিও কথায় কথায় পিতাৰ নামত মূৰ দোওঁৱা আৰু ঈশ্বৰৰ সৃষ্ট জীৱৰ প্ৰতি দয়া-প্ৰীতি নাৰাখি ধাৰ্মিকৰ মুখা পিন্ধাও অধাৰ্মিক ধাৰ্মিকতা নিশ্চয়।
দুটা নিষেধাত্মক শব্দই এটা প্ৰত্যয়াত্মক ভাব বুজাব পাৰে; পাছে দুটা মিছাই এটা সঁচা বা দুটা অন্যায়ে এটা ন্যায় সাজিব নোৱাৰে। ধৰ্মান্ধতাও ধৰ্ম নহয়, ধৰ্মমূলক তীব্ৰতাও অধৰ্মৰ ফালে ঢাল লয়; ধৰ্ম-প্ৰচাৰকৰ অসহিষ্ণুতাও কলিৰ “খোৰাকি”, আৰু পাপক পুণ্যই দিয়া কৰ-পচাই কপটালি। যিমান বৰ সাধুবাদ, সিমান বৰ অপ্বাদ। মহতৰ খুত ক্ষুদ্ৰৰ চেলু।
জ্ঞানীয়ে আটাই কথা জানে; চতুৰে আটাই মানুহ চিনে; ই জ্ঞান নহয় নিশ্চয়। আনক জনাজনক বিদ্বান বুলিব পাৰি, নিজক জনাজনহে জ্ঞানী। হিত- কথা আটাইৰে কাণত পৰে, অকল জ্ঞানীয়েহে শুনে। আকৌ, শ্ৰোতৃ-মণ্ডলীক স্থিৰ মতৰ পৰা কথাৰে পিচলাই নিব পৰা শক্তিয়েই বাগ্মিতা। বাগ্মিতাৰ লক্ষ্য