পৃষ্ঠা:শান্তি-কৱচ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কেতেকী

 

জীউ মোৰ, জীৱনৰ বিনন্দীয়া বসন্তই, যুগ-যুগান্তৰ হেঁচি থোৱা বিচ্ছেদৰ হুমুনিয়াহৰ তপত নিশাহ, যিদিনা হঠাতে এৰি দিলে ধৰণীৰ শীতল বুকুত; তাৰে পৰা উতল মলয় ব'ই তুলি ঢউ থউকি-বাথউ জগতক কৰিলে বিভোৰ! সেইদিনা বনৰ মাজত, নে কি মনৰ মাজত, তুমি মোৰ জুৰি দিলা বুকু-ভৰা সুৰ! দেহী অই, সেইটি সুৰেই জানো লুইত পাৰত, একাঁজলি ধূলি-বালি লই, একাণ-পতীয়া হই উমলি থাকোঁতে, ধেমালি-মগনা মোৰ আজলীজনীক নিমিষতে তেনেয়েই বাউলি কৰিলে! বৰালি-বুকুৱা কুটি বালি-ভোজ ৰন্ধা,দালিমৰ কেৰু আনি ফটাকানি দৰা-কইনা সাজি বিয়া দিয়া, সকলো এৰিলে। ধেমালিতে ঘমা-জমা গালে-মুখে ঢাকি ধৰা বাবৰি অলক আঁতৰাই, তৰা যেন দুটি চকুৰেই ইফালে সিফালে চালে; কাকো নেদেখিলে! কিনো কথা বোলে? বেলিয়ে ৰখায় ৰথ, বায়ু তধা লাগে, উজাই বৱলে যেন ধৰিলে লুইত! নেদেখা কোননো পখী, নুশুনা কোননো সুৰ, আহি আচম্বিতে ওলট-পালট এনে ঘটালে ধৰাত? ধেমালি সামৰি, উদাস অন্তৰ লই সোমালোহি ঘৰ। শেনৰ এজাত আজি! আজলীজনীৰ নগৰত কোনে আজি লগালে জগৰ? নাচায়, নাখায়;মুখেৰে; নামাতে! চোৱালে-চিতালে;বেজে ক’লে হাঁহি ⸺ “বৰঘৰ শুৱনী, আজলী জীয়ৰী, উলিয়াই দিবলৈ টান।"...........

 বুকু-জুৰ, ধুনীয়া এধানমানি দেহী ৰূপে ধৰা দিলা আহি। দেখিয়ে চিনিলো মই, জীৱনৰ বিনন্দীয়া বসন্তত, বিচ্ছেদৰ বুকু-ভঙা সেই সুৰ তুমি; ধৰিছাহি ৰূপ। মাৰাই বুলিলে, “ওঁহোঁ, এয়ে সি নেদেখা পখী, কাণেৰে নুশুনা সুৰ, কৰিলে বাউলী মোক ছোৱালী কালত।” কলো মই, “একেটিয়ে। আৰু, বিয়া দিয়া ফটাকানি দৰা-কন্যা, মই আৰু তুমি।” “ধুনীয়া এধানিটিক কি বুলি মাতিম? “পিতাই নাম দিলে, সুগন্ধি কেতেকী, আইৰ নাম হ’ল তৰা।”