পৃষ্ঠা:শান্তি-কৱচ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
শান্তি-কৱচ


ফুচুলনি, সত্যতা নহয়। ভাবৰ গভীৰতাত যিখিনি টুটে, ভাষাৰ দীৰ্ঘতাৰে বাগ্মীয়ে তাক পূৰণ কৰিবলৈ বিচাৰে। দেশ-প্ৰেম বা ধৰ্মই হেনো পাষণ্ডৰ শেষ আশ্ৰয়।

 ব্যাকৰণ ভাষাৰ যুক্তি, যুক্তি বিচাৰৰ ব্যাকৰণ। ঠৰঙা মত সদায় ভুল; আকোৰ-গোজালিয়ে মত ধৰি নাথাকে, মতেহে তেওঁক ধৰি থাকে। মত নসলায় আন দুটা ‘ম’ই ⸺ মৃতই আৰু মূৰ্খই; কিন্তু তেজপিয়াৰ দৰে মুহূৰ্তে মুহূৰ্তে মত সলোৱা জনৰো স্বভাৱৰ লেঠা বুলি বুজিব লাগিব। “আপোছ” ভাল টম্বু, পাছে তাৰ তলত জীৱন কটাব নোৱাৰি; আকৌ মূল-নীতিৰ “আপোছ” নিতান্ত নিন্দনীয়। সতী আৰু অসতীৰ মাজৰ “আপোছ” অৱস্থা কি আছে?

 জনতাৰ মূৰ বহুত, মগজ তাকৰ; গতিকে তাত শলাগ লাজ আদি বস্তুও পাবলৈ নাই। সৰহ সংখ্যক সদায় ভুল, তাকৰ সংখ্যক প্ৰায়েই ঠিক; এতেকে এজনৰ লগত একমত হওঁতা সৰহ ওলালে ভুলৰ আশঙ্কা কৰিব পাৰি। ধনে মাতিলে সত্য নিমাত হয়।

 য'ত জ্ঞান তাকৰ, ত’ত কথা সৰহ; আকৌ, য’ত তাকৰ কথা, ত’ত সৰহ তুতি। প্ৰকৃত ধৰ্ম–প্ৰাণ জনৰ কথাই চকুলো টোকে, চকুলোৰে কথা কয়; চকু- পানী আত্মাৰ বসন্তৰ বৰষুণ। যি পাপ কৰে সি মানুহ; তাৰ বাবে যি অনুতাপ কৰে তেওঁ দেৱতা, যি গপ কৰে সি পিশাচ।

 কাউৰীৰ লগত থাকিলে কপৌৰ পাখি ক’লা নহয়, অন্তঃকৰণহে ক’লা পৰে; পাছে বগলীৰ লগত থাকি কাউৰীৰ একোৱেই বগা নহয়। খোৰাৰ লগত থাকিলে তুমিও খোৰাবলৈ ধৰিবা; পাছে তোমাৰ লগত থাকি খোৰাৰ খোজ পোন নহয়; কেকোৰাকনো কোনোবাই পোন হৈ খোজ কাঢ়িবলৈ শিকাব পাৰেনে?

 

[খ] জ্ঞান আৰু শিক্ষা

 

 কোনেও কাকো কোনো কথা শিকাব নোৱাৰে; নিজৰ ভিতৰত খেপিয়াই চাবলৈ সকিয়াব পাৰে। সূৰ্য্যৰ যেনেকৈ প্ৰকৃততে উদয় বা অস্ত নাই; ওলোৱা বা লুকোৱাহে আছে, জ্ঞান বা ঈশ্বৰৰ কথাও তেনেকুৱাই; “অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন মণিক সাক্ষাত।”

 জ্ঞানতকৈ পৱিত্ৰ বস্তু সংসাৰত নাই, সচা; পাছে সি এটা চিচাৰ পৰা আন এটা চিচাত বাকী দিব পৰা পন্য নহয় দেই। পিয়াহ নলগা গৰুক পানীৰ মাজলৈ টানি নিব পাৰা, পাছে পানী পিয়াব নোৱাৰা : “নোধোওঁ গা, ধুৱালি, নাখাওঁ ভাত, খুৱালি; নিগিলোঁ কি কৰ্‌ কৰ্‌।’ ভোক নলগা লৰাক কতিয়াই খুৱাবলৈ যাবা নে তেওঁৰ ভোক লগাবলৈ চাবা?