সমললৈ যাওক

পৃষ্ঠা:শান্তি-কৱচ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
শান্তি-কৱচ


(৩৪) খন্তেকীয়া কোঢ়ালে অনন্তৰ সঙ্গীত ঢাকি ধৰে।

(৩৫) আত্মাৰ প্ৰণয়িনীৰ ওৰণিয়েই বিষাদ। মিলনৰ মুহূৰ্তত সি খহি পৰে।

(৩৬) জীৱনৰ মুদ্ৰাৰ ওপৰৰ ৰাজমোহৰ মৰণ : এই মোহৰৰ বাবেই তাৰে বহুমূলীয়া বণিজ কিনিব পাৰি।

(৩৭) খেতিয়কে নাঙলেৰে পৃথিৱীৰ কাষলতিত ভাকুট কুটায়, আৰু পৃথিৱীয়ে নদন-বদন শস্য ৰূপে হাঁহি উঠে।

(৩৮) প্ৰতিধ্বনিয়ে নিজক মৌলিক বোলাবলৈকে মূলক শিঁয়াৰে।

(৩৯) যি সংসাৰত সিহঁত ওপজে তাৰ উপযুক্ত হ’বলৈকে ঘাঁহ পাতত ধাৰ, গোলাপৰ ঠাৰিত কাঁইট, মৌ-মাখিৰ শুং আৰু হৰিণৰ শিং গজে।

(৪০) স্বপ্ন পত্নী, তেওঁ কথা নকৈ নোৱাৰে; টোপনি স্বামী, তেওঁ নীৰৱে সহি থাকে।

(৪১) মাছৰোকা চৰায়ে ভাবে মাছটোক আকাশত এপাক ফুৰাই অনা তাৰ অনুগ্ৰহ।

(৪২) ভুল সোমাবৰ ভয়ত দুৱাৰ জপালে সত্যও বাহিৰতে থাকিব।

(৪৩) ভালপোৱাত কলি ফুল হয়, উপাসনাত ফুল ফল হয়।

(৪৪) কোনো শলাগ নিবিচাৰি শিপাই গছক পোহ দি পৰি নোযোৱাকৈ ৰাখি ডাল-পাত মেলায়, ফুল ফুলায়, ফল ফলায়।

(৪৫) কথাই দুখেৰে কয়, ‘কাম, মই ফোপোলা।’ কামে ততোধিক বেজাৰেৰে কয়, ‘কথা, তোমাক দেখিহে বুজোঁ মই যে কিমান নিঃস্ব।’

(৪৬) নিজ ৰূপত সত্য যথৰ; উপন্যাসত ই পাৱ পায়।

(৪৭) এটি লক্ষ্যতৰাই যেন আমাৰ লক্ষ্য থিৰ কৰে।

(৪৮) নিশাই ফুল ফুলায়, দিনে তাৰবাবে শলাগ লয়।

(৪৯) ক্ষমতাই ভাবে তেওঁ যাক অনুগ্ৰহ কৰি গৰকি ধৰিছে সি কেঁকাব কিয়?

(৫০) ধুনীয়া মকৰা-জালখনিয়ে যেন নিয়ৰৰ মুকুতাবোৰহে ধৰিব! পাছে, ধৰে মাখি।

(৫১) জোনাকী পৰুৱাই তৰাক কয়, ‘বৈজ্ঞানিকে কয়,⸺ তোমালোকৰ পোহৰ এদিন হেৰাই যাব।’ তৰাই নীৰৱতাৰে তাৰ সমিধান দিয়ে।