(ক) নীৰৱ তুতি
মোক তোমাৰ শান্তি-দৃত পাতাঁ : য’ত ঘিণ, ত’ত
প্ৰেম, য'ত জগৰ ত’ত ক্ষমা, য’ত সন্দেহ ত’ত
বিশ্বাস, য’ত হতাশ, ত’ত আশা, য’ত আন্ধাৰ,
ত’ত পোহৰ, য’ত বেজাৰ ত’ত আনন্দ যাতে
মই বিলাই দিব পাৰোঁ।
মোক তোমাৰ এনে প্ৰসাদ দিয়াঁ⸺ শান্ত্বনা
বিচৰাতকৈ দিবলৈ, স্নেহ পোৱাতকৈ বিলাবলৈ,
আনক বুজোৱাতকৈ বুজিবলৈ যেন মই সমৰ্থ হওঁ;
কিয়নো দান নকৰিলে পাব নোৱাৰি, ক্ষমা নিদিলে
লভিব নোৱাৰি, মৰণ নকৰিলে জীৱন পাব নোৱাৰি।
অসতৰ পৰা মোক নিয়াঁ সতলৈ,
তমসৰ পৰা মোক নিয়াঁ জ্যোতিলৈ
মৃত্যুৰ পৰা মোক নিয়াঁ অমৃতলৈ।
বিশ্বত সদউ সুখী হোক,
নিৰাময় হোক সকলোটি:
সজ ভদ্ৰ সবাকে দেখোক,
দুখভাগী নোহক কোনোটি।
(খ) আজি
(১) কালি তুমি ব্যগ্ৰ হোৱা কাইলৈটোৱেই আজি।
(2) আজিটো আমাৰ আটাইতকৈ বৰ সম্পত্তি, কিয়নো ইয়েইহে নিশ্চিত।
(৩) কালিটো এটা সপোন, কাইলৈটো এটা কল্পনা, আজিটোৱেই জীৱনৰো জীৱন।
(৪) আজিটো সুন্দৰকৈ কটোৱাঁ; দেখিবা, কালিটো এটা সুখৰ সপোন আৰু কাইলৈটো এটা আশাৰ কল্পনাত পৰিণত হৈছে।