সংসাৰ
১। সংসাৰখনেই সৱাতোকৈ বৰ সাঁথৰ; ইয়াৰ ভাঙনি আজিলৈকে কেৱে কৰিব পৰা নাই। এই সংসাৰলৈ ক'ৰ পৰা আহিলা, কিয় আহিলা, ইয়াৰ পাছত কলৈ যাবা, এইবোৰ অনন্ত প্ৰশ্ন; এইবোৰৰ শেষ সমিধান কোনো কালে কোনেও দিব পৰা নাই।
২। সংসাৰখন যেনে আচহুৱা, তেনে একাচেকাও; দুয়ে দুয়ে যেনেকৈ চাৰি হয়, তেনেকৈ বাইশও হয়। সংসাৰৰ বিহ গছত যিদৰে কেতিয়াবা অমৃতময় ফল লাগে, সেইদৰে কেতিয়াবা ইয়াৰ অমৃত মথোতে গৰল উঠে।
৩। সংসাৰ জানিবা এখন ডাঙৰ দাপোণ; তাক তুমি মিচিকিয়ালেই মিচিকিওৱা আৰু কপালৰ গাঁঠি থোপা কৰিলেই তেনে কৰা দেখিবা। সেই দেখি চাবাঁ যাতে তোমাৰ বেকা মুখৰ বাবে দাপোণক চাৰি লাঠি নামাৰা।
৪। সংসাৰৰ জয়-পৰাজয়ৰ বাহিৰ ভিতৰ দুটা ফাল; লোকৰ চকুত ধূলি মাৰি তুমি বাহিৰত জয়ী হলা, সি প্ৰকৃততে পৰাজয়। আকৌ পাপ-প্ৰলোভনক বশ কৰি চলোতে দুখ-দৰিদ্ৰতাই তোমাৰ সাৰ হ’ল; ই আধ্যাত্মিক জয়। যেনে-তেনে খেলি জয়ী হোৱাতকৈ ভালদৰে খেলি পৰাজয় হোৱাতো গৌৰৱ।
৫। তোমাৰ জন্ম ৰাজ-কাৰেঙত নে টোকোৰা পজাত, সেইটো লেখৰ কথা নহয়; কিয়নো সি আকষ্মিক! কিন্তু লেখৰ কথা, যি অৱস্থাতেই জন্মিলা
লাগে, তুমি তাৰ কিমান সদব্যৱহাৰ কৰিব পাৰিছা!