পৃষ্ঠা:শান্তি-কৱচ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
শান্তি-কৱচ


আছোঁ; গতিকে মানুহ জাতিৰ প্ৰতি কৰ্তব্য সাধন নকৰাকৈ মোৰ জাতি, পৰিয়াল বা নিজৰ কৰ্তব্য সাধন কৰিবৰ উপায় নাই।” ⸺জিছেপি মেজিনি।

৪। “সমানে সমানেহে শান্তি বা মিল হব পাৰে; বিশ্বশান্তিৰ বাবে জাতিবোৰৰ মাজত শক্তিৰ সমতা হলেই নহব, শক্তিৰ মিলন হ’ব লাগিব। সম্পত্তিৰ নিচিনাকৈ এটা জাতিৰ শাসন আন এটা জাতিলৈ হস্তান্তৰিত কৰিবৰ কাৰো অধিকাৰ নাই।”⸺উড্ৰো উইলছন।

৫। “মানুহ জাতিৰ আদৰ্শ লাভৰ সুদীৰ্ঘ কাৰ্য–সূচী, অধিক সুন্দৰ আৰু অধিক সুখী জগত এখনৰ কল্পনাৰ উপলব্ধি, সময়সাপেক্ষ; কিয়নো মানুহ আৰু জগত উভয়েই গঢ়নিৰ বাটত। পিতৃভক্ত পুত্ৰসকলে যেনেকৈ পিতৃৰ উদ্দেশ্য বা আজ্ঞা মানি ঘৰখন আদৰ্শৰূপে গঢ়ি তুলিবলৈ যত্ন কৰে, তেনেকৈ বিশ্বপিতাৰ জগতখন অধিক সুন্দৰ আৰু অধিক সুখী কৰি তুলিবলৈ চেষ্টা কৰাও তেওঁৰ শ্ৰেষ্ঠ সন্তান মানুহৰ কৰ্তব্য।” ⸺উইলিয়ম হাইড