(৭) উদ্বিগ্নতাত জুৰ বিচাৰ-শক্তি লোপ পায় আৰু স্বভাৱ খিট্খিটীয়া
হয়।
(৮) ভয়, উৎকণ্ঠা, ঘৃণা, অতিশয় আপোনপটীয়া স্বভাৱ, এইবোৰেই বহুতৰ কাল হয়।
(৯) উদ্বিগ্নতাৰ মাত্ৰা বাঢ়িলে পেটৰ ঘা আৰু স্নায়ুৰ অনিষ্ট হয়।
(১০) ঘন ঘন উদ্বিগ্নতাৰ পৰা তেজৰ উচ্চ চাপ আৰু বাত ৰোগ আদিও হয় বুলি কয়।
(১১) উদ্বিগ্নতা মানসিক দুৰ্বলতা; যিজনে সময়ত বৰ বৰ বিপদৰ লগত ফেৰ পাতিব পাৰে; তেনেজনো কেতিয়াবা সামান্য কথাত ঢলি পৰে।
(১২) উদ্বিগ্নতাৰ গুণ নাই, দোষ বহুত; তাকে বুজি তাক কেতিয়াও লাই দিব নালাগে।
(ঘ) সমাধান
(১) একেবাৰে নজনা বা ভালদৰে জনা কথাত উদ্বিগ্নতা জন্মিব নোৱাৰে।
(2) মুনিচুনি বেলি আৰু দোকমোকালিতহে বাদুলীৰ দৰে সন্দেহে জাক পাতে।
(৩) উদ্বিগ্নতাৰ মূলৰ ওপৰতু সেইদেখি পোনতে বিচাৰ বাঁতিৰ পোহৰ পেলোৱাঁ।
(৪) অস্থিৰ নহৈ আৰু আড়ম্বৰ নকৰাকৈ বাস্তৰভাৱে কথাটোৰ স্বৰূপ বুজি লোৱাঁ।
(৫) ভালৰো ভালটো আশা কৰাঁ, কিন্তু বেয়াৰো বেয়াটোৰ বাবে সাজু হোৱাঁ।
(৬) ভয়ৰ স্বভাৱ গুচাই যুজৰ মনোবৃত্তি গঢ়াঁ।
(৭) চাপৰিলে যদি মেঘ নেৰায়, সেই মেঘ একেবাৰে উৰাই দিব নোৱাৰিলেও তাক যিমান পাৰি পাতল কৰি পেলোৱাঁ।
(৮) ঘাই কথাটো ফঁহিয়াই চোৱাঁ আৰু তাৰ উপায়-অপায় বাচি লোৱাঁ।