পৃষ্ঠা:শান্তি-কৱচ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শান্তি-কৱচ


দীপ্তিমান কৰে যি পবিত্ৰ জলে, সেই পাদ্য গ্ৰহণত হবই তোমাৰ পদ অধিক উজ্জ্বল। সমুদ্ৰ উদ্দেশে কৰিলা সি অৰ্ঘ্যজল সানন্দে প্ৰেৰণা, সৱাৰে মঙ্গল হেতু। আচমনীয়ৰ গ্ৰহণত যশ তেজ বাঢ়ি যক অৰিষ্টি তনুৰ। যি মধুদায়ক, নিজেও মধুৰ, তেনে মধুপৰ্ক ভক্ষি মধুভোক্তা খ্যাতি লভা; মুখে বাগিন্দ্ৰিয়, নাসিকায় প্ৰাণ, দুচকুত দৃষ্টিশক্তি, কৰ্ণে শ্ৰোত্ৰেন্দ্ৰিয়, —বাহু আৰু উৰু শৌৰ্য ওজঃ স্থিত হক; অৰিষ্টাঙ্গ সুস্থ-তনু হোৱা আয়ুষ্মন! মঙ্গলৰো সুমঙ্গল অতি শান্তিময় জল-সিঞ্চনৰ ফলে ৰোগ-শূন্য হই শক্তি সুখ, জ্ঞান-ধন, ঐশ্বৰ্য্য-লাভৰ হেতু ধাৰণ কৰোক জলে তোমা-দুইটিক।

পৰম শুভ আশীৰ্বাদকশ্ৰীডিম্বেশ্বৰ নেওগ