(৫২) বৰষুণৰ টোপালে পৃথিৱীক কয়, ‘আই, আমি তোমাৰ ঘৰ-নৰিয়া সন্তান; স্বৰ্গ এৰি ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিছোঁ।’
(৫৩) সংসাৰে মোক দুখৰ চুমা দিছে যাতে মই সংসাৰক মোৰ কৰুণ গান শুনাওঁ।
(৫৪) চিৰ যুক্তিপূৰ্ণ মনটো ধৰিবলৈ নাল নথকা খুৰৰ দৰে, ব্যৱহাৰত বিপদ।
(৫৫) ঈশ্বৰে নিজৰ তৰাতকৈ মিঠাতেলৰ চাকিটিকহে ভাল পায়।
(৫৬) জুলি উঠা ধূপখৰি ডালে কয়⸺, ‘এয়া মোৰ হিয়াৰ ধূপ, প্ৰাণৰ শিখা, জীৱনৰ হোম।
(৫৭) বৰলবাহে কয়, ‘মৌ বাহ নিছেই সৰু।’ মৌবাহে কয়⸺, ইয়াতকৈ সৰু মৌবাহ এটাকে তোমালোকে সাজাচোন বাৰু!’
(৫৮) সাদৰী, বিলৰ নীল বৰণৰ দৰে তোমাৰ সৰলতাই তোমাৰ সত্যৰ সত্য- উপলব্ধিৰ গভীৰতা বুজায়।
(৫৯) ঈশ্বৰৰ সোঁহাতখন মৰমৰ, বাওঁখনহে ভয়ঙ্কৰ বুলি বুজিব লাগে।
(৬০) মানুহ মহৎ, মানুহবিলাকহে বেয়া।
(৬১) মৰম হেৰুৱাই জীৱন আৰু ধনীহে হয়।
(৬২) গোলাপ চাব খুজিলে তাৰ কাঁইটো চাবাঁ।
(৬৩) বৰষুণৰ টোপোলা এটাই ক'লে, ‘মালতী, তোমাৰ বুকুত যেন মোক চিৰকাল ঠাই দিয়াঁ।’ মালতী পাহিয়ে মুঠেই এটি হুমুনিয়াহ পেলালে আৰু একো ক'বলৈ নৌ পাওঁতেই সৰি মাটিত পৰিল।
(৬৪) ভুলৰ খালেদিও সত্যৰ সোত বয়।
(৬৫) তৰোৱাল ধাৰে খাপক ভোটা বুলি হঁহা ভুল।
(৬৬) সত্যৰ ওলোটা ফালেই অসত্য।
(৬৭) চকুৱে দৃষ্টি–শক্তিৰ শলাগ নলয়, লয় বিত চকুৰ।
(৬৮) সংসাৰক ভালপোৱাকেহে জীয়াই থকা বুলি জানিবা।
(৬৯) সুৰাৰে চপচপীয়া পিয়লাৰ দৰে প্ৰেমেৰে ওপচা জীৱনকহে জীৱন বোলে।