পৃষ্ঠা:শান্তি-কৱচ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুৱনী প্ৰকাশৰ পৰা-

 কবি-সাহিত্যিক ডিম্বেশ্বৰ নেওগদেৱৰ বহুকেইখন গ্রন্থ ইতিমধ্যে পুনর্মুদ্রণ কৰা হৈছে। এইবাৰ কৰিবলৈ লােৱাখন অকণমান সুকীয়া। অনন্য।

 আচলতে এইখন ঠিক পুথি নাছিল। এজন স্নেহশীল পিতৃৰ তেওঁৰ মাতৃহীনা জীয়ৰীৰ শুভ-পৰিণয়ত অন্তৰতলিৰ পৰা দিয়া স্নেহ-আশীর্বাদৰ অভিনৱ অভিব্যক্তি।

 বৰজীয়ৰী মাণিকিমধুৰিৰ (কেতেকী) শুভ-পৰিণয়ত দিয়া স্নেহ-আশীর্বাদ ‘কেতেকী। দ্বিতীয়া জীয়ৰী অমিয়ামধুৰিৰ (মলয়া) শুভ-বিবাহৰ আশীষ নির্মালী ‘শান্তি-কৱচ' আৰু তৃতীয়া জীয়ৰী সপােনমধুৰিৰ (নিজৰা) বিয়াত আশীর্বাদ ৰূপে দিয়া নীতি-কৱচ'। এই তিনিওখনৰ লগতে অপ্রকাশিত 'প্রীতি-কৱচ’নামৰ পুথিখনাে লগলগাই 'শান্তি-কৱচ' নামে প্রকাশ কৰিবলৈ ল'লাে। ইয়াত থূপ খাই থকা সজ উপদেশ, নীতি-বচন আৰু চিৰ সেউজ উক্তিবােৰ—শাশ্বত,চিৰ সুন্দৰ, অব্যয়।

 ইয়াৰ লগতে সংযােজন কৰি দিয়াৰ লােভ সামৰিব নােৱাৰিলাে—দূৰদৰ্শী নেওগদেৱে আজিৰ পৰা চল্লিশ-বিৰাল্লিশ বছৰৰ আগতেই চিন্তা-চৰ্চা কৰি লিখা ‘শিক্ষা-সংস্কাৰ' বিষয়ৰ লেখা কেইটিমান।

 পঢ়ুৱৈ সমাজে নেওগদেৱৰ অন্যান্য পুথিৰ দৰে ‘শান্তি-কৱচ'কো আদৰি ল’লেই আমি আনন্দিত আৰু কৃতাৰ্থ হ'ম।

 পুথিখন প্ৰকাশ কৰাত শৰাইঘাট ফটো টাইপছৰ স্বত্বাধিকাৰী শ্ৰীযুত যােগেশ শর্মা আৰু তেখেতৰ প্ৰেছৰ কর্মকর্তাসকলৰ সহযােগিতাৰ বাবে আন্তৰিক শলাগ যাচিলোঁ।

জীৱন মাধুৰী নেওগ বৰা

হেমন্ত মঙ্গল নেওগ